ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অভিলাষ পূৰণৰ হাথিয়াৰ সমষ্টি পুনৰ নিৰ্ধাৰণ; লুৰীণজ্যোতি গগৈ

খিলঞ্জীয়াৰ কল্যাণ নহয়, হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত ৰাজনৈতিক অভিলাষ পূৰণৰ স্বাৰ্থত সমষ্টি পুনৰ গঠন । ডিলিমিটেচনে আজমলৰ ৰাজনৈতিক প্ৰতিষ্ঠা নিশ্চিত কৰিব । দুটা লোকসভা সমষ্টি এ আই ইউ ডি এফক দিলে উপহাৰ । খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্রীয়ে খিলঞ্জীয়াৰ ৰাজনৈতিক ভাগ্য নিৰ্ধাৰণৰ দায়িত্ব দিছে বেপাৰী মন্ত্ৰীৰ হাতত । এই অভিযোগ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷

author img

By

Published : Jun 23, 2023, 10:21 PM IST

Constituency delimitation
political conspiracy by CM Himanta
অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সংবাদমেল

গুৱাহাটী, ২৩ জুন: সমষ্টি পুনৰ গঠনৰ জৰিয়তে খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ নিশ্চিত হ’ল বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে কৰি অহা দাবীক পোনচাটেই নস্যাৎ কৰিছে অসম জাতীয় পৰিষদে। এজেপিৰ মতে প্ৰস্তাৱিত সমষ্টি পুনৰ গঠনে খিলঞ্জীয়াৰ কোনো ধৰণৰ কল্যাণ সাধন নকৰে, বৰং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অভিলাষ পূৰণৰ হাথিয়াৰ হিচাপেহে কাম কৰিব ।

তদুপৰি এই ধৰণৰ সমষ্টি পুনৰ গঠনে অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলৰ ৰাজনৈতিক প্ৰতিষ্ঠাহে নিশ্চিত কৰিব । শুকুৰবাৰে এজেপিৰ গুৱাহাটীস্থ কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, ২০ জুনৰ দিনা নিৰ্বাচন আয়োগে অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱেৰে যিখন খচৰা প্ৰকাশ কৰিছে, তাত সাম্প্ৰদায়িক দৃষ্টিভংগী স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে ৷ নিৰ্বাচন আয়োগৰ দৰে সাংবিধানিক সংস্থাই বিজেপি দলৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাটো দুৰ্ভাগ্যজনক ।

আনহাতে, প্ৰস্তাৱিত সমষ্টি পুনৰ গঠনে কেৱল বিজেপি আৰু এ আই ইউ ডি এফ দলকহে ৰাজনৈতিকভাৱে উপকৃত কৰিব বুলি উল্লেখ কৰে গগৈয়ে ৷ ‘‘কৈ থকা হৈছে আগতে ৩০ টা বিধান সভা সমষ্টিত আজমলৰ মানুহে নিৰ্বাচন জিকিব পৰা জনগাঁথনি আছিল । সেইটো কমাই আনি ২৪ টা কৰা হৈছে আৰু এইটোকে খিলঞ্জীয়াৰ সাফল্য বুলি বুজাই থকা হৈছে । কিন্তু কৈ থকা ২৪টাৰ বাহিৰেও আন ১৫ৰ পৰা ২০ টা সমষ্টিত য’ত আজমলৰ ভোট বেংক আছে, তাত সেই ভোট বেংকসমূহক কেন্দ্ৰীভূত কৰি সেই সমষ্টিসমূহতো আজমলৰ দলক জিকি অহাৰ সুবিধা কৰি দিছে ।’’ গগৈয়ে কয় ৷

সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াৰ সমগ্ৰ বিষয়টোকে হিন্দু-মুছলমানৰ দৃষ্টিভংগীৰে চোৱাৰ তীব্ৰ বিৰোধিতা কৰি গগৈয়ে কয় যে, একাংশ সংবাদ মাধ্যমেও এই দৃষ্টিভংগীটোক উৎসাহিত কৰা দেখা গৈছে । যিটো দুৰ্ভাগ্যজনক । সাংবিধানিক প্ৰক্ৰিয়া এটাত হিন্দু-মুছলমানৰ কথা থাকিব নালাগে । ইয়াত থাকিব লাগে খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাৰ প্ৰশ্ন ৷ হিন্দু-মুছলমান শব্দ দুটা ব্যৱহাৰ কৰি খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ সমগ্ৰ বিষয়টোকে গৌণ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি তেওঁ কয় ।

গগৈয়ে লগতে কয় যে, আজমলক কেনেকৈ ৰাজনৈতিক প্ৰতিষ্ঠা দিব খোজা হৈছে, সেয়া প্ৰস্তাৱিত ধুবুৰী আৰু কৰিমগঞ্জ লোকসভা সমষ্টি দুটাৰ অন্তৰ্গত বিধান সভা সমষ্টিকেইটা চালেই স্পষ্ট হৈ যাব ৷ এতিয়া উক্ত লোকসভা সমষ্টি দুটা কাৰ্যতঃ আজমলৰ দলক উপহাৰ দিয়া হ’ল । তেওঁ কয় যে, বিজেপি দলৰ যিবোৰ ভোট বেংক, যিসকল মানুহে বিজেপিক পৰম্পৰাগতভাৱে ভোট দি আহিছে, সেই ভোট বেংকসমূহক প্ৰায়সমূহ সমষ্টিতে কেন্দ্ৰীভূত কৰি সমষ্টিসমূহ এনেদৰে সজোৱা হৈছে যে সেইসমূহ সমষ্টিত বিজেপিৰ বিজয় যাতে নিশ্চিত হয় ।

লগতে পঢ়ক: Bhupen Bora exclusive: হিমন্ত বিশ্ব শৰ্মাক সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ আঁৰৰ ব্যক্তি আখ্যা ভূপেন বৰাৰ

গতিকে খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা বোলা কথাটো কেৱল কোৱা কথাহে, বাস্তৱত তাৰ কোনো প্ৰতিফলন হোৱা নাই । খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা মুখ্যমন্ত্রীয়ে সমষ্টি সীমা পুনৰ নিৰ্ধাৰণৰ গোটেই প্ৰক্ৰিয়াটো চলাবৰ বাবে দায়িত্ব দি থৈছে এজন বণিয়া মন্ত্ৰীৰ হাতত । এজন বেপাৰী মন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰিব বুলি তেওঁ কটাক্ষ কৰে । এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি থকাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে শিকাই দিয়া অনুসৰিয়ে বদৰুদ্দিন আজমলে ৰাইজক বিভ্ৰান্ত কৰিবৰ বাবেহে বিৰোধিতা কৰি আছে ।

দলৰ মুখ্য উপদেষ্টা বসন্ত ডেকাই সংবাদ মেলত কয় যে, নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লক আধাৰ হিচাপে লৈ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ ফলত ১৯৭১ চনৰ পৰা ২০২৩ চনলৈ অসমলৈ যিখিনি বাংলাদেশী আহিছে, তেওঁলোকো এই সীমা নিৰ্ধাৰণত সোমাই গৈছে । মানে প্ৰতিটো সমষ্টিতে নিৰ্বাচন আয়োগৰ মতে যি দুই লাখ পোন্ধৰ হাজাৰ ভোটাৰ থাকিব, তেওঁলোকৰ মাজত উক্ত বাংলাদেশীখিনিও সোমাই আছে ৷ নিৰ্বাচন হ’লে যি ভোটাৰ তালিকা সংশোধন হ’ব, তাত উক্ত আটাইখিনি বাংলাদেশীৰ নাম সোমাব ৷

আনহাতে, মুখ্যমন্ত্ৰীয়ে বিজেপিৰ স্বাৰ্থ মানে খিলঞ্জীয়াৰ স্বাৰ্থ বুলি বুজাব খুজিছে বুলি উল্লেখ কৰি ডেকাই কয় যে, খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ কথা কৈ আচলতে মুখ্যমন্ত্ৰীয়ে বিজেপিকহে সুৰক্ষিত কৰাৰ কাম কৰিছে ৷

সংবাদমেলত দলৰ উপ-সভাপতি দুলু আহমেদে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ গঠনক লৈ ৰাইজৰ মাজত আনন্দৰ বন্যা বোৱা বুলি কৈছে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি জালুকবাৰী সমষ্টিৰ পৰা শুৱালকুছি অঞ্চলটো কাটি দিয়াৰ পিচত সেই অঞ্চলৰ ৰাইজৰ মনত কিহৰ বন্যা বৈ আছে, তাৰ খবৰ মুখ্যমন্ত্ৰীয়ে এবাৰ নিজে লৈ আহিলে গোটেই অসমখনত আচলতে আনন্দৰ নে ক্ষোভৰ বন্যা বৈছে সেয়া জানিব পাৰিব বুলি কয় আহমেদে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.