ETV Bharat / state

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুণৰ নিৰ্ধাৰণ - 2024 Loksabha Election

ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে সজোৰে চৰ্চা চলিছিল যে, নতুন সমষ্টি‌ পুণৰ নিৰ্ধাৰণৰ ভিত্তিতে ২০২১ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । কিন্তু অৱশেষত সেয়া‌ সম্ভৱ হৈ নুঠিল ।

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুণৰনিৰ্দ্ধাৰণ
author img

By

Published : Jun 30, 2021, 2:32 PM IST

গুৱাহাটী, ৩০ জুন : ২০০১ নে ২০১১ নে ২০২১ ? কোনটো বছৰৰ লোকপিয়লৰ আধাৰত হ’ব অসমৰ লোকসভা আৰু বিধানসভা সমষ্টি সমূহৰ পুণৰ নিৰ্ধাৰণ (constituency delimitation Assam) ৷ ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনৰ (Assam Assembly Election 2021) পূৰ্বে সজোৰে চৰ্চা চলিছিল যে, নতুন সমষ্টি‌ পুণৰ নিৰ্ধাৰণৰ ভিত্তিতে ২০২১ ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । কিন্তু অৱশেষত সেয়া‌ সম্ভৱ হৈ নুঠিল । এতিয়া ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলিছে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টি পুণৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিবনে ? কিন্তু তেনে কোনো সম্ভাৱনা সম্প্ৰতি নাই ।

বুধবাৰে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে সমষ্টি পুণৰ নিৰ্ধাৰণ সমিতিৰ অন্যতম সদস্য তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সাংসদ দিলীপ শইকীয়াই (Dilip Saikia)। ঝাৰখণ্ড প্ৰদেশ বিজেপিৰ প্ৰভাৰী দিলীপ শইকীয়াই বুধবাৰে দিল্লীৰ পৰা ঝাৰখণ্ডলৈ ৰাওনা হোৱাৰ পথত ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত কয় যে, ইতিমধ্যে কাশ্মীৰৰ সমষ্টি পুণৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । শীঘ্ৰে অসমৰো এই প্ৰক্ৰিয়া আৰম্ভ হোৱাটো সকলোৰে কাম্য যদিও ২০২৪ ৰ লোকসভা (2024 Loksabha Election) নিৰ্বাচনৰ পূৰ্বে যে অসমত ই সম্পূৰ্ণ হৈ উঠিব তাৰ সম্ভাৱনা খুবেই কম ।

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুণৰনিৰ্দ্ধাৰণ
২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুণৰনিৰ্দ্ধাৰণ

কিয়নো এই প্ৰক্ৰিয়াটোৰ সৈতে বহু পৰিমাণে আইনী জটিলতাও জড়িত হৈ আছে । উল্লেখযোগ্য যে, ২০০১ চনৰ পিয়ল (2001 Census) অনুসৰি অসমত সমষ্টি পুণৰ নিৰ্ধাৰণ (constituency delimitation Assam)ৰ কাম কৰিব খোজা হৈছে যদিও বিগত দুটা দশকত অসমৰ জনগাঁঠনি বহু পৰিমাণে সলনি হ'ল । ২০১১ৰ লোক পিয়ল (2001 Census)ৰ আধাৰতহে অসমত সমষ্টি পুণৰ নিৰ্ধাৰণ হ’ব লাগে বুলি ইতিমধ্যে বিভিন্ন দল সংগঠন ন্যায়ালয়ৰ কাষ চাপিছে ।

আনহাতে চলিত বৰ্ষত অৰ্থাৎ ২০২১ তো ৰাজ্যত পিয়ল (2021 census) অনুষ্ঠিত হ’ব । সেয়েহে একাংশই এইবাৰৰ পিয়লৰ ভিত্তিতহে সমষ্টি পুণৰ নিৰ্ধাৰণৰ পোষকতা কৰিছে । ইপিনে, সাংসদ শইকীয়াই আজি এই বুলিও কয় যে, এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে সংশ্লিষ্ট কেইবাটাও পক্ষৰ সৈতে আলোচনাৰ প্ৰয়োজনীয়তা আছে । সেয়েহে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ই সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰিব নোৱাৰি । হয়তো ২০২৬ ৰ বিধানসভা নিৰ্বাচন (2016 Assam Assembly Election) ৰ পূৰ্বেহে অসমত সমষ্টি পুণৰ নিৰ্ধাৰণ সম্পূৰ্ণ হ’ব । অসমত সমষ্টি পুণৰ নিৰ্ধাৰণ হ'লেও নতুনকৈ কোনো সমষ্টি গঠন নহ’ব ‌ইয়াৰ বিপৰীতে বৰ্তমানৰ সমষ্টি সমূহৰ সীমাহে পুণৰ গঠন কৰা হ’ব ।

লগতে পঢ়কঃ দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব: ঘনশ্যাম দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.