গুৱাহাটী, ৯ ফেব্ৰুৱাৰীঃ অসম আৰু মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা বিবাদ খুব সুন্দৰভাৱে নিষ্পত্তিৰ দিশে আগবাঢ়িছে আৰু ইতিমধ্যে ছটাকৈ বিবাদমান স্থানৰ নিষ্পত্তিও হৈছে বুলি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে সংবাদ মাধ্যমৰ আগত হাঁহিমুখে দাবী কৰি আহিলেও বাস্তৱৰ ছবিখন কিন্তু তেনেকুৱা নহয় (Border dispute between Assam Meghalaya) । ইয়াৰ প্ৰমাণ পোৱা গ’ল শেহতীয়াকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ কাৰ্যত ।
কাৰ্যতঃ সীমা বিবাদৰ বিষয়টোত এতিয়াও ক’ৰবাত নহয় ক’ৰবাত যে গাঁঠি লাগি আছে সেয়া স্পষ্ট হৈছে । কিয়নো অলপতে গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমা-বিবাদৰ বিষয়টোক লৈ আলোচনাত বহিছিল আৰু সেই আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে আলোচনা খুব ইতিবাচক দিশেৰে আগবাঢ়িছে আৰু খুব সোনকালেই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে পুনৰবাৰ আলোচনাত মিলিত হ’ব আৰু তাৰ পিছতেই সীমা বিবাদ নিষ্পত্তিৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত মোহৰ মাৰিব ।
সেই অনুসৰি ৭ ফেব্ৰুৱাৰীত দিল্লীত অমিত শ্বাহৰ সৈতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আলোচনাত বহাৰ কথা আছিল । সেই বৈঠকত ভাগ ল’বলৈ বুলি ৬ ফেব্ৰুৱাৰীতে মুখ্যমন্ত্ৰী ড৹ শৰ্মা দিল্লীলৈ উৰা মাৰিছিল (CM visit Delhi to discuss border dispute) । কিন্তু অতি লক্ষণীয়ভাবে সেই গুৰুত্বপূৰ্ণ বৈঠকখনত ভাগ ল’বলৈ কিন্তু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ন’গল । একপ্ৰকাৰ যেন তেওঁ বৰ্জন কৰিলে সেই বৈঠক !
দিল্লীলৈ যোৱাৰ পৰিৱৰ্তে ৭ ফেব্ৰুৱাৰীৰ দিনটোত মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত হৈ থাকিল শ্বিলঙত । সেইদিনা তেওঁ শ্বিলং স্মাৰ্ট চিটি সম্পৰ্কীয় এখন বৈঠকৰ লগতে আন দুখন চৰকাৰী বৈঠকত ব্যস্ত হৈ থাকে । ফলত দিল্লীত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিলেও ইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত নথকাত অমিত শ্বাহৰ সৈতে সেই বৈঠক অনুস্থিত নহ'ল ।
অৱশেষত মঙলবাৰৰ নিশা চাৰ্টাৰ্ড বিমানযোগে দিল্লীৰ পৰা গুৱাহাটীলৈ উভতি আহে মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু বুধবাৰে পুৱাই তেওঁ গুৱাহাটীৰ পৰা ৰাওনা হয় মণিপুৰ অভিমুখে । স্মৰ্তব্য যে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ৰ মাজত ইতিমধ্যে হৈ যোৱা কেইবালানিও বৈঠকত সীমান্তৱৰ্তী ছটাকৈ বিবাদমান অঞ্চল ক্ৰমে তাৰাবাৰী, গিজাং, হাহিম, বকৰাপাৰা, পিলিংকাটা আৰু ৰাতাচেৰা মেঘালয়ক গতাই দিয়াৰ সিদ্ধান্ত হৈছিল ৷ অসম চৰকাৰৰ কেবিনেটেও এই সিদ্ধান্তত অনুমোদন জনাইছিল (Assam Meghalaya Border Clash) । ইয়াকে লৈ ৰাজ্যৰ সৰ্বস্তৰতে হৈছিল তীব্ৰ প্ৰতিবাদ ।
লগতে পঢ়ক: Congress MLAs in Meghalaya join BJP: অৱশেষত কংগ্ৰেছ শূণ্য হ’ল মেঘালয়