ETV Bharat / state

উপ নিৰ্বাচন : বিৰোধী শিবিৰত মিলা নাই অংক

author img

By

Published : Oct 2, 2021, 9:58 AM IST

উপ নিৰ্বাচনত ৪ টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে ! অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক এটাকৈ সমষ্টি এৰি দিব কংগ্ৰেছে । বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদানৰ প্ৰসংগকলৈ বিৰোধী শিবিৰত সঘনাই সলনি হৈছে ৰাজনৈতিক দৃশ্যপট । ৰাইজৰ দলে দুটা সমষ্টি দিলে প্ৰাৰ্থী ।

congress contest four seats
সলনি ৰাজনৈতিক দৃশ্যপট

গুৱাহাটী,2 অক্টোবৰ : উপ নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ শিবিৰত সঘনাই সলনি হৈছে ৰাজনৈতিক দৃশ্যপট । উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি ছটাত উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰা বিৰোধী দলসমূহৰ মাজত যেন এতিয়া নিমিলা অংকই দেখা দিছে । সকলোৱে নিজাকৈ প্ৰাৰ্থী দিয়াৰ বাবে সাজু হৈছে । ইয়াৰে মাজতে বিৰোধী শিবিৰত আলোচনাও চলি আছে ।

উপ নিৰ্বাচন সন্দৰ্ভত শুকুৰবাৰে কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । এই সভাৰ পাচতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ছটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনত চাৰিটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰে । মাজুলী সমষ্টিতো কংগ্ৰেছে অসম জাতীয় পৰিষদ (এজেপি) ক এৰি দিয়াৰ সম্ভাৱনা আছে ।

আনহাতে, ৰাইজৰ দলকো কংগ্ৰেছে এটা সমষ্টি এৰি দিব ।

লগতে পঢ়ক: ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানে

সভাপতি ভূপেন বৰাই জনোৱা মতে, ৬ টা সমষ্টিৰ ৪ টা সমষ্টিত দলে প্ৰাৰ্থী দিব । ইয়াৰ পূৰ্বে কংগ্ৰেছে অকলেই নিৰ্বাচন খেলিব বুলি কৈ আছিল যদিও উপ নিৰ্বাচনৰ প্ৰাকক্ষণত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে সভাপতিগৰাকীয়ে । লগতে এই সন্দৰ্ভত দল দুটাৰ সৈতে আলোচনা চলি থকা বুলিও উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । উপ নিৰ্বাচনৰ পূৰ্বে এজেপি আৰু ৰাইজৰ দলৰ সৈতে এই মিত্ৰতাই ভৱিষ্যতে কংগ্ৰেছ দলক কেনেদৰে সহায় কৰে সেয়া লক্ষণীয় হ'ব ।

ইফালে শুকুৰবাৰে বিয়লি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছক বিশ্বাসঘাতক আখ্যা দি অকলে নিৰ্বাচনত ৰাইজৰ দলে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল । লগতে মৰিয়নীত সঞ্জীৱ গগৈ আৰু থাওৰাত ধৈৰ্য কোঁৱৰক প্ৰাৰ্থীত্ব দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্তু তাৰ কিছু সময়ৰ পাছতে সলনি হ’ল ৰাজনৈতিক প্ৰেক্ষাপট ।

কিয়নো কংগ্ৰেছে ৰাইজৰ দলক এখন আসন আৰু অসম জাতীয় পৰিষদক এখন আসন এৰি বাকী ৪ খনত প্ৰতিদ্বন্দিতা কৰিব তথা প্ৰত্যেকটো সমষ্টিতে এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ পোষকতা কৰে । অৱশ্যে চৰ্ত সাপেক্ষেহে এজেপিক আসন কেইখন এৰি দিয়াৰ কথা উল্লেখ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই । এখন আসনক বাদ দি বাকী আসনত কংগ্ৰেছক প্ৰচাৰৰ ক্ষেত্ৰত এজেপিয়ে সম্পূৰ্ণৰূপে সহায় কৰিব লাগিব ।

লগতে পঢ়ক: শ্বেৰমান আলীৰ মন্তব্যত উত্তপ্ত হৈছে ৰাজ্য

এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বিচৰা আসনখনেই তেওঁলোকক এৰি দিয়া হৈছে বুলি বৰাই জানিবলৈ দিয়ে । বৰাই জনোৱা মতে, এজেপিয়ে মাজুলী আৰু তামুলপুৰ বিচাৰিছিল যদিও মাজুলী সমষ্টিটো এজেপিক এৰি দিয়াৰ সম্ভাৱনা আছে । ইপিনে প্ৰদেশ কংগ্ৰেছে ৰাইজৰ দলক এখন আসন এৰি দিয়াৰ কথা ঘোষণা কৰিছে যদিও ৰাইজে দলে ইতিমধ্যে দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

জানিব পৰা মতে, থাওৰা সমষ্টিটো ৰাইজৰ দলে কোনো কাৰণতে এৰি নিদিয়ে । প্ৰয়োজনত মৰিয়নী সমষ্টিটো ৰাইজৰ দলে এৰি দিব পাৰে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য । প্ৰাপ্ত তত্য অনুসৰি, কংগ্ৰেছে থাওৰা সমষ্টিটো ৰাইজৰ দলক এৰি দিব বিচৰা নাই । ইতিমধ্যে ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰে থাওৰা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান চলাই আছে । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শুকুৰবাৰে কৰা মন্তব্যৰ এক প্ৰকাৰৰ বিৰোধিতা কৰাৰ লগতে এই সন্দৰ্ভত জাতীয় পৰিষদে কোনো নিৰ্দিষ্ট সমষ্টি দাবী কৰা নাছিল বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: শ্বেৰমান আলীক গুৰুত্ব নিদিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম জাতীয় পৰিষদৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয়- ‘উপ নিৰ্বাচনত এটা সমষ্টিত বিৰোধী শিবিৰৰ এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপৰ আমাৰ যি প্ৰস্তাৱ, সেই ধাৰণাটো সমষ্টিকেন্দ্ৰীক মুঠেই নহয় । আমাৰ বক্তব্যটো আছিল প্ৰথমে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ বিষয়টোত সকলো বিজেপি বিৰোধী অসাম্প্ৰদায়িক দল সহমতত আহিব লাগে । নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনত কোনোৱা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলগীয়া নিশ্চয় হ’ব ।

কিন্তু জাতীয় পৰিষদে কংগ্ৰেছ দলক কোনো নিৰ্দিষ্ট সমষ্টিৰ দাবী উত্থাপন কৰা নাছিল । সহমতৰ ভিত্তিত যিকোনো সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ জাতীয় পৰিষদ সাজু । আজি (শুকুৰবাৰ) কংগ্ৰেছ দলৰ নিৰ্বাচনী সমিতিৰ বৈঠকে জাতীয় পৰিষদক উপনিৰ্বাচন হ’বলগীয়া ছটা সমষ্টিৰ এটা এৰি দিম বুলি কোৱা বুলি সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰিছো ।

আমি সংবাদ মাধ্যমত প্ৰকাশিত বক্তব্যৰ ওপৰত ভিত্তি কৰি প্ৰতিক্ৰিয়া দিব খোজা নাই । কংগ্ৰেছ দলে নিশ্চয় তেখেতসকলৰ সিদ্ধান্তৰ বিষয়ে আমাক আনুষ্ঠানিকভাৱে অৱগত কৰিব । তাৰ পিছত দলীয় মঞ্চত আলোচনা কৰিহে আমি সিদ্ধান্ত ল'ম আৰু ৰাইজক জনাম’ ৷ উল্লেখ যে বিৰোধীৰ এনেধৰণৰ নিমিলা অংকই শাসকীয় দল বিজেপিক লাভাম্বিত কৰাটো নিশ্চিত । বিধানসভা নিৰ্বাচনটো সেয়াই হৈছিল ।

লগতে পঢ়ক: উপ-নিৰ্বাচন : কংগ্ৰেছৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত হাইকামাণ্ডে মাৰিব মোহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.