ETV Bharat / state

কাক সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ ? গগৈৰ ফটোৱেই শেষ ভৰসা - নিৰ্বাচন

কাৰ নেতৃত্বত কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব ? এইসকল নেতাৰ মাজৰ পৰা কাক ৰাষ্ট্ৰীয় নেতৃত্বই নিৰ্বাচনত সন্মুখৰ নেতা হিচাপে প্ৰক্ষেপ কৰিব ? এই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ নাই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ হাতত ।

কাৰ নেতৃত্বত কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হব ?

author img

By

Published : Feb 19, 2021, 2:30 PM IST

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: তিনিটাকৈ কাৰ্যকাল একেৰাহে ৰাজ্য শাসন কৰা দেশৰ ইতিহাস বিজড়িত কংগ্ৰেছ দলটোৰ বাবে এনে দুৰ্দিন নামি আহিব বুলি হয়তো কোনেও কল্পনাও কৰিব পৰা নাছিল, ভাবিবও পৰা নাছিল । যি কংগ্ৰেছ দলে বিগত পোন্ধৰ বছৰে অসমত একেৰাহে শাসন চলাই ৰাজ্যত দপদপাই আছিল আজি সেই কংগ্ৰেছ দল একপ্ৰকাৰ নেতৃত্বহীনতাত ভুগিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । দলটোৰ ৰাষ্ট্ৰীয় স্তৰৰ পৰা ৰাজ্যিক স্তৰলৈকে অভাৱ ঘটিছে উপযুক্ত নেতৃত্বৰ । যাৰ প্ৰতিফলন স্পষ্ট ৰূপত দেখা গৈছে অসমৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিত । যি সময়ত শাসকীয় দল বিজেপিৰ ৰাজ্যিক স্তৰত ইজনৰ পিছত সিজনকৈ আগশাৰীৰ শক্তিশালী নেতা সক্ৰিয় হৈ আছে, যাক আগত ৰাখি বিজেপি নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হ'বলৈ পূৰ্ণমাত্ৰাই সক্ষম, সেই সময়ত কিন্তু এজন শক্তিশালী-সৰ্বগ্ৰহণযোগ্য নেতাক আগত ৰাখি এই নিৰ্বাচনী যুজঁত আগুৱাবলৈ অক্ষম হৈ পৰিছে কংগ্ৰেছ দল ।

কিয়নো, প্ৰদেশ কংগ্ৰেছৰ আগশাৰীৰ নেতা বুলি কলে যিসকলক বুজা যায় তেওঁলোকৰ কোনো এজনৰে সৰ্বস্তৰত জনপ্ৰিয়তা বা গ্ৰহণযোগ্যতা কোনো এটাই নাই । ইয়াৰোপৰি, প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰীণ লবীকেন্দ্ৰীক ৰাজনীতিয়ে দলটোক খুলি খুলি খাইছে । আনকি দলটোৱে মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰিবলৈও আজিৰ তাৰিখত অসমত নেতাৰ অভাৱ । দলৰ সভাপতি ৰিপুণ বৰাই হওঁক বা সাংসদ প্ৰদ্যুৎ বৰদলৈয়েই হওঁক, সাংসদ গৌৰৱ গগৈয়েই হওঁক বা পূৰ্বৰ বিৰোধী দলপতি দলপতি দেৱব্ৰত শইকীয়াই হওঁক, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেই হওঁক বা সাংসদ আব্দুল খালেকেই হওঁক, কোনো এজনকে সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অৱস্থা কংগ্ৰেছৰ নাই । কিয়নো এইসকল নেতাৰ কোনো এজনৰে নাই সৰ্বস্তৰৰ গ্ৰহণযোগ্যতা বা জনপ্ৰিয়তা । তাতোকৈ ডাঙৰ কথা নিৰ্বাচন আহি পদুলিমুখত উপস্থিত হোৱাৰ পিছতো বিভিন্ন নিজা নিজা শিবিৰত বিভক্ত হৈ আছে এইসকল নেতা । তেনেক্ষেত্ৰত প্ৰশ্ন হয় - কাৰ নেতৃত্বত কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হব ? এইসকল নেতাৰ মাজৰ পৰা কাক ৰাষ্ট্ৰীয় নেতৃত্বই নিৰ্বাচনত সন্মুখৰ নেতা হিচাপে প্ৰক্ষেপ কৰিব ? এই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ নাই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ হাতত ।

যাৰবাবে এতিয়া কংগ্ৰেছ দলৰ বাবে শেষ ভৰসাস্বৰূপ হৈ পৰিছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ । গগৈয়েই আছিল অসমত কংগ্ৰেছৰ শেষৰজন সৰ্বস্তৰৰ জনপ্ৰিয় আৰু গ্ৰহণযোগ্য নেতা । অসমৰ জনতাৰ বৃহৎ সংখ্যকৰ আছিল প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে এক আবেগিক সম্পৰ্ক । যাৰ প্ৰমাণ পোৱা গৈছিল গগৈৰ মৃত্যুৰ সময়ত । নিজৰ প্ৰিয় নেতাগৰাকীৰ বিয়োগত শোকাকুল হৈ পৰিছিল দল - মত - জাতি - ভাষা নিৰ্বিশেষে অসমৰ সকলো লোক । গতিকে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এতিয়া ইয়াৰে পূৰ্ণ সুযোগ লৈ প্ৰয়াত গগৈৰ ফটোকেই ব্যৱহাৰ কৰি নিৰ্বাচনত জনতাৰ কাষ চপাৰ প্ৰয়াস চলাইছে । ইতিমধ্যে কংগ্ৰেছে আৰম্ভ কৰা 'অসম বচাও আহক' শীৰ্ষক কাৰ্যসূচীৰ বাবে যি বেনাৰ-পোষ্টাৰেৰে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিছে তাত দেখা গৈছে যে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ফটো ওপৰত গুৰুত্বসহকাৰে লগাই তাৰ তলত সৰু সৰুকৈ লগাই দিয়া হৈছে বাকী সকল নেতা যেনে ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া আদিৰ ফটো । ইয়াৰ পূৰ্বেও গগৈৰ প্ৰয়াণৰ পিছত দেখা গৈছিল তেওঁৰ চিতাভস্ম লৈ যোৱা হৈছিল অসমৰ প্ৰতিটো প্ৰান্তলৈ । ইয়ো আছিল জনতাৰ কাষ চপাৰ আন এক প্ৰচেষ্টা ।

লগতে পঢ়ক:দুষ্কৃতিকাৰীয়ে ফালিলে অসম জাতীয় পৰিষদৰ বেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.