ETV Bharat / state

Hath Se Hath Jodo Yatra: বৃহস্পতিবাৰৰ পৰা অসমত কংগ্ৰেছৰ হাথ সে হাথ জোড়ো যাত্ৰা - ৰাজীৱ ভৱনৰ পৰা হাথ সে হাথ জড়ো যাত্ৰা

কংগ্ৰেছৰ ভাৰত জড়ো যাত্ৰাৰ সমান্তৰালভাৱে এইবাৰ আৰম্ভ হৈছে হাথ সে হাথ জোড়ো যাত্ৰা ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত বৃহস্পতিবাৰে ৰাজীৱ ভৱনত শুভাৰম্ভ কৰা হ'ব হাথ সে হাথ জড়ো যাত্ৰা ৷ ভাৰত জোড়ো যাত্ৰাৰ সময়চোৱাত ৰাহুল গান্ধীয়ে ৰাইজৰ উদ্দেশ্যে লিখা পত্ৰ এই যাত্ৰাৰ জৰিয়তে প্ৰতিটো ঘৰলৈ লৈ যোৱা হ’ব(Congress Hath Se Hath Jodo Yatra) ৷

Congress Hath Se Hath Jodo Yatra
কাইলৈ পৰা অসমত কংগ্ৰেছৰ হাথ সে হাথ জোড়ো যাত্ৰা
author img

By

Published : Jan 25, 2023, 6:44 PM IST

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ অনুমা আচাৰ্য

গুৱাহাটী, ২৫ জানুৱাৰী: কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ পিছতে এইবাৰ হাথ সে হাথ জড়ো যাত্ৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে । বৃহস্পতিবাৰৰ পৰা দেশজুৰি আৰম্ভ হ’ব কংগ্ৰেছৰ হাথ সে হাথ জড়ো যাত্ৰা ৷ ভাৰত জড়ো যাত্ৰা ইতিমধ্যে দেশত অব্যাহত আছে । এই ভাৰত জোড়ো যাত্ৰাৰ সমান্তৰালকৈ দেশ তথা বিভিন্ন ৰাজ্যত কুচকাৱাজ আৰম্ভ হৈছে কংগ্ৰেছৰ হাত সে হাথ জড়ো যাত্ৰাৰ । কংগ্ৰেছৰ এই হাত সে হাথ জড়ো যাত্ৰাৰ বিষয়ে অৱগত কৰিবলৈ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ অনুমা আচাৰ্যই(Anuma Acharya, National Spokesperson INC) ।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ অনুমা আচাৰ্যই সংবাদমেলত কয়, ৭ ছেপ্টেম্বৰত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা(Congress Bharat Jodo Yatra) ইতিমধ্যে ইয়াৰ শেষ পৰ্যায় উপনীত হৈছে । এই যাত্ৰাই ইতিমধ্যে ৩৫০০ কিলোমিটাৰ দূৰত্বৰ যাত্ৰা সম্পূৰ্ণ কৰিছে । ইয়াৰ সমান্তৰালভাৱে বৃহস্পতিবাৰৰ পৰা সমগ্ৰ দেশত কংগ্ৰেছৰ হাথ সে হাথ জড়ো যাত্ৰা আৰম্ভ হ’ব । দেশল সকলো ৰাজ্যত কংগ্ৰেছৰ হাত সে হাথ জড়ো যাত্ৰা হ’ব । কংগ্ৰেছৰ এই হাথ সে হাথ জড়ো যাত্ৰা তিনিমাহ চলিব আৰু প্ৰতিঘৰলৈ এই যাত্ৰা লৈ যোৱা হ'ব ।

ভাৰত জোড়ো যাত্ৰাৰ সময়চোৱাত ৰাহুল গান্ধীয়ে ৰাইজৰ উদ্দেশ্যে এক পত্ৰ লিখিছে । হাথ সে হাথ জোড়ো যাত্ৰাৰ জৰিয়তে এই পত্ৰ ৰাইজৰ মাজত বিতৰণ কৰা হ'ব । তেওঁ লগতে কয় যে, দেশত বিজেপিৰ আঠ বছৰীয়া শাসনকালত ভয়াবহ মূল্যবৃদ্ধি হৈছে । সকলো‌ সামগ্ৰীৰ দাম বহু বৃদ্ধি পাইছে । আটাৰ দাম ৪০ শতাংশ বাঢ়িছে । ইন্ধনৰ দাম বৃদ্ধি কৰি বিজেপি চৰকাৰে ২৯ লাখ টকা যোৱা বছৰ সংগ্ৰহ কৰিছে । বিজেপিৰ শাসনত ১৫৫ লাখ কোটি ঋণ হৈছে । ৮ বছৰ আগতে দেশত চৰকাৰৰ ৫৫ লাখ কোটি টকাৰ ঋণ আছিল ।

দেশত অসমতা বৃদ্ধি পাইছে । ৫ শতাংশ লোকৰ হাতত ৬৬ শতাংশ দেশৰ সম্পত্তি আছে । দেশত ১২১ জনলৈ বৃহৎ পুঁজিপতি হৈছে । নিবনুৱা বাঢ়িছে । কৃষকৰ সমস্যা বাঢ়িছে । কৃষি সামগ্ৰীসমূহৰ কৰৰ পৰিমাণ বৃদ্ধি কৰা হৈছে । কৃষকৰ আত্মহত্যাৰ সংখ্যা বাঢ়িছে । বিজেপিৰ শাসনত দেশত১ লাখ ৮০,০০০ কৃষক শ্ৰমিকে আত্মহত্যা কৰিছে । চীনে ভাৰতৰ সীমাত অনুপ্ৰৱেশ কৰিছে । সাম্প্ৰদায়িক ভেদাভেদ বাঢ়িছে । এই বিষয়বোৰ ৰাইজৰ‌ মাজলৈ এই যাত্ৰাৰ জৰিয়তে লৈ যোৱা হ'ব বুলি তেওঁ সংবাদমেলত সদৰী কৰে ।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ অনুমা আচাৰ্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী সংবিধান উলংঘন কৰিছে বুলি অভিযোগ কৰে । অসমত গণতন্ত্ৰ দিৱসত ৰাজ্যপালৰ ঠাইত মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিব । এয়া সংবিধান বিৰোধী কাম বুলি তেওঁ মন্তব্য কৰে । সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই(APCC GS Apurba Kumar Bhattacharjee) অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ(APCC President Bhupen kumar Borah) নেতৃত্বত কাইলৈ ৰাজীৱ ভৱনৰ পৰা হাথ সে হাথ জড়ো যাত্ৰা শুভাৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে অসমৰ বিভিন্ন জিলাত ব্ল’ক আৰু মণ্ডল পৰ্যায়ত এই যাত্ৰা আৰম্ভ কৰি ৰাহুল গান্ধীৰ পত্ৰসমূহ বিতৰণ কৰাৰ কথা সদৰী কৰে ৷ অসমত দুমাহলৈ বিভিন্ন স্তৰত চলিব এই যাত্ৰা । আনহাতে ২ ফেব্ৰুৱাৰীত কাছাৰ জিলাৰ পৰা বৰাক উপত্যকাত এই যাত্ৰা আৰম্ভ কৰা হ'ব আৰু ঘৰে ঘৰে যোৱা হ'ব(Haath Se Hath Yodo yatra in Assam) ।

লগতে পঢ়ক : Bhupen Bora slams HBS: হিমন্ত বিশ্ব শৰ্মাক দুমুখীয়া আখ্যা ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.