ETV Bharat / state

অসমৰ সৰ্বত্ৰে এতিয়া ছিণ্ডিকেটৰাজ চলা বুলি অভিযোগ প্ৰদেশ কংগ্ৰেছৰ - কংগ্ৰেছ নেতা বেদব্ৰত বৰা

মংগলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ সংবাদমেল ৷ কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত প্ৰতিক্ৰিয়া আগবঢ়ায় দলটোৱে ৷ সংবাদমেলত উপস্থিত কংগ্ৰেছ নেতা বেদব্ৰত বৰা আৰু ৰাতুল কলিতা ৷

congress slams BJP in rajiv bhawan
ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 2:34 PM IST

ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, 28 ডিচেম্বৰ: মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত বৰ্ণিহাটত নতুনকৈ আৰম্ভ হোৱা চুপাৰী আৰু কেঁচা তামোলৰ ছিণ্ডিকেটৰ তদন্তৰ দাবী কৰিছে কংগ্ৰেছ নেতা বেদব্ৰত বৰাই । গুৱাহাটীৰ ৰাজীৱ ভৱনত মংগলবাৰে অনুষ্ঠিত এখন সংবাদমেলত এই দাবী কৰি বেদব্ৰত বৰাই কয়, "অসমৰ সকলোতে এতিয়া ছিণ্ডিকেট । কয়লাৰ ছিণ্ডিকেট, চুপাৰী ছিণ্ডিকেট, তামোল পানৰ ছিণ্ডিকেট ।"

এই সন্দৰ্ভত পুনৰ বৰাই কয় যে বৰ্ণিহাটত জনৈক মহন্ত নামৰ এজন লোকৰ নেতৃত্বত কেঁচা তামোলৰ ছিণ্ডিকেট চলি আছে । এই ছিণ্ডিকেটৰ তদন্তৰ দাবী জনায় কংগ্ৰেছ নেতা বেদব্ৰত বৰাই । ইপিনে বৰাই অভিযোগ কৰি কয় যে ধুবুৰীত বালি, শিলৰ ছিণ্ডিকেট চলি আছে । ইতিমধ্যে 8 জন লোকক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ।

বৰাই নিযুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় কয়, " ব্ৰক্ষ্মপুত্ৰ বোৰ্ডৰ চতুৰ্থ বৰ্গৰ 32 টা পদত ধনৰ লেন-দেনৰে বহিঃৰাজ্যৰ লোকসকলক চাকৰি দিয়া হৈছে । এই বিষয়বোৰৰ তদন্ত হ'ব লাগে ।"

সংবাদমেলত অংশগ্ৰহণ কৰি দলটোৰ নেতা ৰাতুল কলিতাই কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে দুৰ্গা পূজা আৰু বিহু কমিটীক আৰ্থিক সহায় আগবঢ়ায় ৰাইজৰ মূৰৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰিছে । চাউলৰ দাম বৃদ্ধি কৰিছে । পিয়াঁজৰ দাম বৃদ্ধি কৰিছে । যিয়ে ৰাজ্যবাসীক সমস্যাৰ সন্মুখীন কৰোৱাইছে ৷

কংগ্ৰেছ নেতা ৰাতুল কলিতাই ৰাজ্য চৰকাৰৰ নীতিক সমালোচনা কৰি পুনৰ কয়, "কোনো বিহু কমিটী আৰু পূজা কমিটীয়ে চৰকাৰৰ পৰা টকা বিচৰা নাই । পূৰ্বতে চৰকাৰৰ পৰা ধন নোলোৱাকৈয়ে বিহু আৰু পূজা অনুষ্ঠিত হৈ আহিছিল ।

লগতে পঢ়ক: মুখ্যন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তদন্তৰ দাবীত নগাঁৱত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.