গুৱাহাটী,18 মে’: প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত উজনি অসম আৰু উত্তৰ অসমৰ আটাইকেইটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে ক’ভিড পৰিস্থিতি সম্পৰ্কে মঙলবাৰে পৃথকে পৃথকে তিনিখনকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । এই পৰ্যালোচনাত ভাগ লয় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি আৰু সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্ৰাৰ্থীসকল ৷
![congress meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-congress-review-meeting-7209925_18052021120327_1805f_1621319607_918.jpg)
এই বৈঠকত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ক’ভিড বিধি সম্পূৰ্ণৰূপে মানি চলি সমষ্টিসমূহৰ ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ কংগ্ৰেছ নেতা-কর্মীসকলে ল’বলগীয়া জিলাভিত্তিক আৰু সমষ্টিভিত্তিক দলীয় কাৰ্যপন্থাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় । প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত 19 মে’লৈ পৰ্যায়ক্ৰমে বিধানসভা সমষ্টিসমূহৰ কংগ্ৰেছ প্ৰাৰ্থীসকলৰ সৈতে এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব ।
![congress meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-congress-review-meeting-7209925_18052021120327_1805f_1621319607_489.jpg)
উল্লেখ্য যে, ক’ভিডত আক্ৰান্ত লোকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও সম্প্ৰতি ৰাজ্যখনৰ বেছিভাগ জনতাই ক’ভিড প্ৰতিষেধকৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি অনলাইনযোগে পঞ্জীয়ন কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছে । আনহাতে যিসকলে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে, তেওঁলোকে ক’ভিড প্ৰতিষেধক লোৱাৰ বাবে নিৰ্দিষ্ট সময়সূচী নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ।
![congress meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-congress-review-meeting-7209925_18052021120327_1805f_1621319607_33.jpg)
সমগ্ৰ বিষয়ত সাধাৰণ ৰাইজক সহায়-সহযোগ কৰাৰ বাবে কংগ্ৰেছ নেতা-কর্মীসকলক আহ্বান জনায় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । ক’ভিডৰ এই ভয়াৱহ সংকটৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ কাৰ্যসূচীৰে ক’ভিড যুদ্ধত অৱতীৰ্ণ হৈছে ।
লগতে পঢ়ক : ওদালগুৰিৰ বিভিন্ন স্থানত চেনিটাইজাৰ সঞ্জীত তাঁন্তীৰ