ETV Bharat / state

মোডী চৰকাৰৰ দিনত দেশৰ অৰ্থনীতি সাংঘাতিক ধৰণে বিধ্বস্ত হৈছে : ৰিপুন বৰা - Congress pressmeet

মোডী চৰকাৰৰ বিৰুদ্ধে সংবাদমেলত সৰৱ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা(Ripun Bora) । তেওঁ কয় যে, মোডী চৰকাৰৰ দিনত দেশৰ অৰ্থনীতি সাংঘাতিক ধৰণে বিধ্বস্ত হৈ পৰিছে । অপৰিকল্পিত লকডাউনৰ বাবে ২ কোটি লোকে হেৰুৱালে চাকৰি। মোডী চৰ‍কাৰ(Modi Government)ৰ দিনত এটাও ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান গঢ় নিদিয়াৰ বিপৰীতে বিক্ৰী কৰা হৈছে ২৩ টা । মোডীৰ ৭ বছৰীয়া কাৰ্যকালত দেশৰ জি ডি পি ক্ৰমাৎ নিম্নগামী হৈ মাইনাছ ৩.১ শতাংশ হৈছে । পৰিয়ালভিত্তিক সঞ্চয় ৩৯.৭৯ শতাংশৰ পৰা হ্ৰাস হৈ ৩.২৮ শত‍ংশ হৈছে ।

Congress reaction on GDP, Privatization, Covid situation
মোডী চৰকাৰৰ বিৰুদ্ধে সংবাদমেলত সৰৱ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা
author img

By

Published : Sep 10, 2021, 4:27 PM IST

গুৱাহাটী, ১০ ছেপ্টেম্বৰ : প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী চৰকাৰে বিগত ৭ বছৰত এটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান গঢ় দিয়া নাই । বৰং ইয়াৰ বিপৰীতে কংগ্ৰেছৰ দিনত স্থাপন কৰা ২৩টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডৰ হাতত গটাই দিলে । এই অভিযোগ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সম্বোধন কৰা এখন সংবাদমেলত সাংসদ ৰিপুন বৰাই কয় ‘‘মোডী চৰকাৰৰ দিনত দেশৰ অৰ্থনীতি সাংঘাতিক ধৰণে বিধ্বস্ত হৈ পৰিছে । চৰকাৰখনৰ ভুল নীতিৰ বাবে দেশখনে ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে’’ ।

তেওঁ লগতে কয় যে, বিগত ৪৫ বছৰৰ ভিতৰত দেশত সৰ্বাধিক হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে । চেণ্টাৰ ফ'ৰ ম'নিটৰিং ইণ্ডিয়ান ইক'নমিৰ মতে বৰ্তমান দেশত নিবনুৱাৰ হাৰ চহৰ অঞ্চলত ৯.৩ শতাংশ আৰু গ্ৰামাঞ্চলত ৬.৮ শতাংশ আৰু সামগ্ৰিকভাৱে দেশত নিবনুৱাৰ হাৰ ৭.৬ শত‍ংশ । আনহাতে, বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ বাবে দেশৰ ৫০ লাখ লোক কৰ্ম সংস্থাপনহীন হোৱাৰ বিপৰীতে কৰ'ণাৰ পৰিপ্ৰেক্ষিতত মোডী চৰকাৰে দিয়া অপৰিকল্পিত লকডাউনৰ বাবে ২ কোটি লোকে নিজৰ চাকৰি হেৰুৱাব লগা হয় । আনকি, চলিত বৰ্ষৰ প্ৰথম ছয় মাহত ২.৫ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে ।

সেইদৰে মোডী চৰকাৰৰ ভুল নীতিৰ বাবে ৭.৫ কোটি লোক অতিৰিক্তভাৱে দৰিদ্ৰতাৰ কবলত পৰিছে । আনহাতে, ১০ কোটি লোকৰ উপাৰ্জন আধালৈ নামি আহিছে বুলিও তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে, ৰাজহুৱা খণ্ডত ২০১৪ চনত ১৩,৯১,৩০৬ লোক নিয়োজিত হৈ আছিল ।

২০২০ চনত সেই সংখ্যা হ'লগৈ ৯,২০,০০০ জন । ৭ বছৰত চাকৰি ৪,৭১,৩০৬ লৈ হ্ৰাস । আনহাতে, চৰকাৰৰ বিভিন্ন বিভাগত নিয়োজিত হৈ থকা মহিলা কৰ্মচাৰীৰ সংখ্যা মোডী চৰকাৰৰ দিনত ৫৩ হ‍াজাৰলৈ হ্ৰাস পালে । কিন্তু মোডী চৰকাৰে সকলো সময়তে মহিলা সৱলীকৰণৰ কথা কয় ।

সেইদৰে ৰে'ল বিভাগত অনুমোদিত ১৫ লাখ পদৰ বিপৰীতে বৰ্তমান ২.৫ লাখ পদ খালী হৈ আছে । কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিভাগত অনুমোদিত ৪০ লাখ পদৰ বিপৰীতে খালী আছে ৯ লাখ পদ । গৃহ বিভাগত খালী হৈ আছে ২.৫ লাখ পদ ।

সংবাদমেলত মোডী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি সাংসদ বৰাই কয়- ‘‘প্ৰধানমন্ত্রী মোডীৰ ভুল অৰ্থনীতি, দূৰ দৃষ্টিহীনতা আৰু আদানি-অম্ব‍ানি প্ৰীতিৰ ফলত দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ অৱস্থা শোচনীয় হৈ পাৰিছে । জৱহাৰলাল নেহেৰুৰ পৰা ড০ মনমোহন সিঙৰ দিনলৈ দেশত ১৮৮টা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান গঢ় দিয়া হৈছিল আৰু ইয়াৰে ৭ টা অটল বিহাৰী বাজপেয়ীৰ দিনত আৰু ৩ টা মনমোহন সিঙৰ দিনত ব্যক্তিগতকৰণ কৰা হৈছিল । কিন্তু মোডী চৰ‍কাৰৰ দিনত এটাও ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান গঢ় নিদিয়াৰ বিপৰীতে ২৩ টা বিক্ৰী কৰা হৈছে । ২০১৪ চনত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰা হোৱা লাভৰ পৰিমাণ আছিল ৮৮ হাজাৰ কোটি টকা’’ ।

তেওঁ কয় যে, ২০২১ চনত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰা হোৱা লাভৰ পৰিমাণ হ'লগৈ ২৬,১০৪ কোটি টকা । ২০১৪ চনত অ' এন জি চিৰ হাতত নগদ ধন আছিল ১ লাখ কোটি টকা । ২০২১ চনত হাতত নগদ ধন হিচাপে এক পইচাও নাই । উল্লেখযোগ্য যে, দেশৰ সকলোবোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বজাৰ মূল্য হৈছে ১৩ লাখ কোটি টকা । কিন্তু ইয়াৰ বিপৰীতে ৰিলায়েঞ্চ উদ্যোগৰ বজাৰ মূল্য হৈছে ১৫ ল‍াখ কোটি ।

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে অক্ষমণীয় অপৰাধ কৰিলে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি সংবাদমেলত সাংসদ বৰাই কয়- ‘‘প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে প্ৰশাসনিক অদক্ষতাৰ বাবে দেশ পৰিচালনা কৰিবলৈ প্ৰয়োজন হোৱা ৰাজহ সৃষ্টি কৰিব নোৱাৰি অতি সহজ পন্থাৰে ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা অস্বীকাৰ কৰি বলপূৰ্বকভাৱে সংৰক্ষিত পুঁজিত হাত দিছে । ২০১৯ চনত ৰিজাৰ্ভ বেংকৰ সংৰক্ষিত পুঁজিৰ পৰা ১.৭৬ লাখ কোটি টকা আৰু ২০২০ চনৰ জুল‍াইৰ পৰা ২০২১ চনৰ মাৰ্চলৈ বিগত ৯ মাহত ৯৯,১২২ কোটি টকা কেন্দ্ৰীয় চৰকাৰে উলিয়াই নিছে । দেশৰ অৰ্থনীতিৰ বাবে এইটো এটা অশুভ সংকেত । আনহাতে, ২০১৩-১৪ বিত্তীয় বৰ্ষত ভাৰতৰ বৈদেশিক ঋণ নিয়ন্ত্রিত অৱস্থাত আছিল আৰু ঋণৰ পৰিমাণ আছিল ৫৬ লাখ কোটি টকা’’ ।

কিন্তু বিগত ৭ বছৰত বৈদেশিক ঋণৰ পৰিমাণ ১৩৫,৮৬,৯৭৫ কোটি টকালৈ বৃদ্ধি পাইছে বুলি মন্তব্য কৰে । ৰিপুণ বৰাই লগতে কয় যে, মোডী চৰকাৰৰ ভুল নীতিৰ বাবে দেশৰ জি ডি পি সকলো ক্ষেত্রতে নিম্নগামী হৈছে । কংগ্ৰেছৰ দিনত দেশৰ জি ডি পি ৭.৮ শত‍ংশলৈ বৃদ্ধি হৈ এক অভিলেখ সৃষ্টি কৰিছিল । কিন্তু মোডীৰ ৭ বছৰীয়া কাৰ্যকালত দেশৰ জি ডি পি ক্ৰমাৎ নিম্নগামী হৈ মাইনাছ ৩.১ শতাংশ হৈছে ।

সেইদৰে ২০২০ চনৰ গ্ল'বেল হাংগাৰ ইনডেক্স অনুযায়ী, বিশ্বৰ ১০৭ দেশৰ ভিতৰত ৯৪ সংখ্যক স্থানত আছে ভাৰত । মোডী চৰকাৰৰ দিনত দেশৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা অভাৱনীয় হাৰত হ্ৰাস পাইছে । পৰিয়ালভিত্তিক সঞ্চয় ৩৯.৭৯ শতাংশৰ পৰা হ্ৰাস হৈ ৩.২৮ শত‍াংশ হৈছে । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:উপায়ুক্তক কৰ্মচাৰী বদলিৰ কৰ্তৃত্ব প্ৰদান : নিৰ্দেশনা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.