ETV Bharat / state

বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ বিৰুদ্ধ ভয়-ভাবুকি প্ৰদানৰ অভিযোগ

কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ বিৰুদ্ধে কংগ্ৰেছৰ সমৰ্থকক ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত স্ংবাদমেলৰ আয়োজন কৰি কি ক‘লে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র তথা কমলপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্য আৰু ভুক্তভোগী পাৰ্শ্বজ্যোতি ব'ব কলিতাই ?

author img

By

Published : Apr 3, 2021, 10:09 PM IST

congress-put-allegation-against-kishore-bhattacharya
বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ বিৰুদ্ধ ভয়-ভাবুকি প্ৰদানৰ অভিযোগ

গুৱাহাটী, 3 এপ্ৰিল: কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই ১ এপ্ৰিলৰ নিৰ্বাচনৰ দিনা কংগ্ৰেছৰ সমৰ্থকক ভয়-ভাবুকি প্ৰদান কৰিছিল । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র তথা কমলপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যই ।

সংবাদমেলত কিশোৰ ভট্টাচাৰ্যই কয় যে, " পহিলা এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা দিনৰ ১ বজাৰ পৰা বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই মোৰ সমৰ্থকসকলক ভয়-ভাবুকি প্ৰদান কৰে । মোৰ ভাৰাঘৰৰ মালিককো ভীতি-প্ৰদৰ্শন কৰে । আন কেইবাজনো ব্যৱসায়ীক তেওঁৰ বাহিনীয়ে ভাবুকি প্ৰদান কৰে । আনহাতে প্ৰয়াত উত্তৰ‍া কলিতাৰ পুত্র পাৰ্শ্বজ্যোতি ব'ব কলিতাকো সন্ধিয়া ফোন কৰি দিগন্ত কলিতাই ভাবুকি প্ৰদান কৰে । পৰিয়ালটোক নিঃশেষ কৰি দিয়াৰ ভাবুকি দিয়ে । আনকি নিশাৰ ভাগত শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো চেষ্টা কৰিছিল । এই ঘটনা সন্দৰ্ভত পাৰ্শ্বজ্যোতি ব'ব কলিতাই ৰঙিয়া থানাতো এখন এজাহাৰ দাখিল কৰিছে । মুখ্য নিৰ্বাচনী বিষয়াকো এই সন্দৰ্ভত অভিযোগ দিয়া হ'ব । আমি নিৰ্বাচন আয়োগৰ লগতে আৰক্ষীক দিগন্ত কলিতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো । "

সংবাদমেলত ভুক্তভোগী পাৰ্শ্বজ্যোতি ব'ব কলিতাই মন্তব্য প্ৰকাশ কৰি কয় যে, " সম্পৰ্কত দিগন্ত কলিতা মোৰ জেষ্ঠ ভাতৃ । তেওঁ বিধায়ক হোৱাৰ বাবে যিকোনো কামেই কৰিব পাৰে । বিশাল সম্পত্তি গঢ়া দিগন্ত কলিতাই নিৰ্বাচনৰ দিনা মোক ফোন কৰি মোৰ লগতে মোৰ পৰিয়ালক শেষ কৰি দিয়াৰ ভাবুকি দিছিল । ৪০-৫০ জনীয়া দল লৈ মোক আক্ৰমণ কৰাৰো পৰিকল্পনা কৰিছিল । তেওঁ এজন দাগী অপৰাধী । তেওঁৰ বিৰুদ্ধে ২ এপ্ৰিলত এজাহাৰ দাখিল কৰিছো । মই বৰ্তমান নিৰাপত্তাহীনতাত ভুগিছো । "

লগতে পঢ়ক: মামাই বুলেট দিলে, মই চাৰিচকীয়া বাহন দিম:কোনে দিলে এই অ'ফাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.