ETV Bharat / state

এন আৰ চিৰ পৰা বাদ পৰা লোকক সহায়ৰ উদ্দেশ্যে আৰম্ভ হ'ল কংগ্ৰেছৰ বাছ যাত্ৰা - প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত ভাৰতীয় নাগৰিকৰ কাষত থিয় দিয়াৰ উদ্দেশ্যেৰে কংগ্ৰেছৰ বাছ যাত্ৰা। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই বাছ যাত্ৰা শুভাৰম্ভ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

আৰম্ভ হ'ল কংগ্ৰেছৰ বাছ যাত্ৰা
author img

By

Published : Sep 13, 2019, 1:45 PM IST

গুৱাহাটী,13ছেপ্টেম্বৰঃ ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম নোহোৱা প্ৰকৃত ভাৰতীয় লোকসকলৰ কাষত থিয় দিব কংগ্ৰেছ দলে। এই বাদ পৰি যোৱা লোকসকলক সহায় কৰাৰ উদ্দেশ্যে শুকুৰবাৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰিছে এক বাছ যাত্ৰা। শুকুৰবাৰে ৰাজীৱ ভৱনৰ পৰা আৰম্ভ হোৱা এই বাছ যাত্ৰাৰ শুভাৰম্ভ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ নেতাই এই বাছ যাত্ৰাৰ জৰিয়তে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে উপস্থিত হৈ নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত ভাৰতীয় নাগৰিক সকলক বিভিন্ন প্ৰকাৰে সহায় কৰিব ৷ লগতে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব ইয়াৰ বাবে ৰাইজক সজাগ কৰিব । ইপিনে শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ এই বাছ যাত্ৰা প্ৰথমে উজনি অসমৰ তিনিচুকীয়া জিলাত উপস্থিত হৈ ৰাইজক সজাগ কৰাৰ চেষ্টা চলাব ।

আৰম্ভ হ'ল কংগ্ৰেছৰ বাছ যাত্ৰা

উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত ১৯,০৬৬৫৭ গৰাকী লোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা নাছিল ।

Intro:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত ভাৰতীয় নাগৰিকৰ কাষত থিয় দিয়াৰ উদ্দেশ্যেৰে কংগ্ৰেছৰ বাছ যাত্ৰা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শুভাৰম্ভ কৰিলে কংগ্ৰেছৰ এই বাছ যাত্ৰা।

Body:৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম নোহোৱা প্ৰকৃত ভাৰতীয় লোক সকলৰ কাষত থিয় দিব কংগ্ৰেছ দলে। নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্ত নোহোৱা প্ৰকৃত ভাৰতীয় লোক সকলক সহায় কৰাৰ উদ্দেশ্যে শুকুৰবাৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰিছে এই বাছ যাত্রা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা আৰম্ভ হোৱা এই বাছ যাত্ৰাৰ শুভাৰম্ভ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ নেতাই এই বাছ যাত্ৰাৰ জৰিয়তে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে উপস্থিত হৈ নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত ভাৰতীয় নাগৰিক সকলক বিভিন্ন প্ৰকাৰে সহায় কৰাৰ লগতে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব ইয়াৰ বাবে ৰাইজক সজাগ কৰিব। আজি পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ এই বাছ যাত্ৰা প্ৰথমে উজনি অসমৰ তিনিচুকীয়া জিলত উপস্থিত হৈ ৰাইজক সজাগ কৰাৰ চেষ্টা চলাব। আজি এই যাত্রাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা উপস্থিত থাকিবলৈ সক্ষম নহয় যদিও বৰাই পৰৱৰ্তী সময়ত এই যাত্রাত যোগদান কৰিব।

বাইট : ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী

Conclusion:উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত ১৯,০৬৬৫৭ গৰাকী লোকে নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হোৱা নাছিল। তালিকাখন প্ৰকাশৰ পিছতে বহু প্ৰকৃত ভাৰতীয়ৰ নাম তালিকাখনত অন্তৰ্ভুক্ত অভিযোগ উত্থাপিত হৈ আহিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.