ETV Bharat / state

শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈয়ে হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে টোঘলকী নীতি

author img

By

Published : Feb 22, 2020, 6:00 PM IST

"শিক্ষা বিভাগৰ দায়িত্ব লোৱা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ভাৰত বুৰঞ্জীৰ মহম্মদ টোঘলক অথবা অহোম বুৰঞ্জীৰ ল'ৰা ৰজাৰ লগত তুলনা কৰিব পাৰি ৷ বড়ো চুক্তিয়ে বড়োভূমিৰ ৰাজনৈতিক সমীকৰণৰহে পৰিৱৰ্তন কৰিব,শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে ৷ ৰাজ্যত যদি এতিয়া নিৰ্বাচন হয় তেন্তে অগপই দুখন আসনো নাপায় ৷ "

Congress MP Abdul Khaleq press meet
দিছপুৰ প্ৰেছ ক্লাৱত সাংসদ আব্দুল খালেকৰ সংবাদমেল

গুৱাহাটী, 22 ফেব্ৰুৱাৰীঃ " শিক্ষা বিভাগৰ দায়িত্ব লৈয়ে মন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই টোঘলকী নীতি আৰম্ভ কৰিছে, কেন্দ্ৰীয় চৰকাৰে যি সময়ত তিনি খনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সময়ত ৰাজ্য চৰকাৰে বন্ধ কৰিবলৈ বিচাৰিছে সংস্কৃত টোল আৰু মাদ্ৰাছা সমূহ ৷ " শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এনেদৰে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৷

সংস্কৃত ভাষাক অতি প্ৰাচীন ভাষা বুলি মন্তব্য কৰি সংবাদমেলত সাংসদ গৰাকীয়ে কয় যে,শেহতীয়াকৈ সংস্কৃত ভাষাৰ সংৰক্ষণ আৰু বিকাশৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে তিনি খনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ গতিকে এনে সময়ত

অসম চৰকাৰে সংস্কৃত টোল সমূহ বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ আঁৰত নিশ্চয়কৈ গভীৰ ষড়যন্ত্ৰ লুকাই আছে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ ইয়াৰোপৰি কিছু দিন পূৰ্বে ৰাজ্য চৰকাৰে সকলো শিক্ষানুষ্ঠানতে সংস্কৃত ভাষা বাধ্যতামূলক হ'ব বুলিও ঘোষণা কৰিছিল ৷

একেদৰে শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা বৰ্ড সমূহকো বন্ধ কৰিবলৈ বিচাৰিলে বুলি উল্লেখ কৰে আব্দুল খালেকে ৷ আনহাতে কংগ্ৰেছে মাদ্ৰাছা সমূহৰ বাবে এখন সুকীয়া বিশ্ববিদ্যালয় গঠন কৰাৰ বাবে দাবী জনাইছিল ৷ কিন্তু তাৎপৰ্যপূৰ্ণ যে,সুকীয়া বিশ্ববিদ্যালয় গঠন কৰাৰ পৰিৱৰ্তে শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰথম পৰ্যায়ত ছেবাকহে মাদ্ৰাছা সমূহৰ দায়িত্ব অৰ্পণ কৰিছিল ৷ কিন্তু মাদ্ৰাছা সমূহৰ পাঠ্যক্ৰম কোনো কাৰণতে ছেবাৰ লগত নিমিলে ৷ এনে প্ৰক্ষাপটত মাদ্ৰাছ বৰ্ড পুনৰ গঠন কৰিলে যদিও মাদ্ৰাছা শিক্ষাৰ লগত কোনো দিন জড়িত নোহোৱা ব্যক্তিকহে ইয়াৰ দায়িত্ব দিলে বুলি সংবাদমেলত মন্তব্য কৰে কংগ্ৰেছ সাংসদ গৰাকীয়ে ৷ আনহাতে শিক্ষামন্ত্ৰী গৰাকীয়ে এতিয়া পুনৰ তিনি মাহৰ ভিতৰত মাদ্ৰাছ সমূহ বন্ধ হ'ব বুলি কোৱাটোক ভাৰত বুৰঞ্জীৰ মহম্মদ টোঘলক অথবা আহোম বুৰঞ্জীৰ লৰা ৰজাৰ লগত তুলনা কৰিব পাৰি বুলি তীব্ৰ সমালোচনা কৰে শিক্ষামন্ত্ৰীক ৷

ইয়াৰোপৰি বড়োভূমিত শান্তি চুক্তিৰ সন্দৰ্ভতো সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে সাংসদ আব্দুল খালেকে ৷ বড়ো শান্তি চুক্তিক আদৰণি জনাইছো যদিও এই চুক্তিয়ে বড়োভূমিত কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে, তাৰ পৰিৰ্বতে বড়োভূমিৰ ৰাজনৈতিক সমীকৰণৰহে পৰিবৰ্তন হৈ থাকিব বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷ লগতে বি.পি.এফ আৰু বিজেপিৰ মিত্ৰতা সন্দৰ্ভত সাংসদ গৰাকীয়ে কয় যে, কালিলৈকে হাগ্ৰামা মহিলাৰী বিজেপিৰ বুকুৰ কুটুম আছিল, কিন্তু এতিয়া বিজেপিয়ে প্ৰমোদ বড়োক বুকুৰ কুটুম কৰিবলৈ বিচাৰিছে ৷

ইয়াৰ লগতে আই,বেকী আৰু মানাহ নদীৰ গৰাখহনীয়া ৰোধৰ বাবে ভাৰত চৰকাৰলৈ কেইবাবাৰো প্ৰস্তাৱ পঠোৱাৰ পাচতে বিভিন্ন কাৰণত কেন্দ্ৰীয় চৰকাৰে সেই প্ৰস্তাৱ গ্ৰহণ নকৰি ৰাজ্য চৰকাৰৰ পৰা তথ্য বিচাৰি পুনৰ ঘূৰাই পঠিয়াইছে ৷ কিন্তু ৰাজ্য চৰকাৰে বৰ্তমানৈকেকোনো উত্তৰ দিব পৰা নাই ৷ গতিকে কেন্দ্ৰীয় চৰকাৰক উত্তৰে যদি দিব পৰা নাই তেন্তে পুঁজি কেনেকৈ মোকলাই আনিব বুলি অসম চৰকাৰক কঠোৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷

সংবাদমেলত আব্দুল খালেকে আক্ৰমণৰ লক্ষ্য কৰি লয় অগপক ৷ তেওঁ কয় যে,অসমত অগপৰ এতিয়া কোনো ভিত্তি নাই,ৰাজ্যত যদি এতিয়া নিৰ্বাচন হয় তেন্তে অগপই দুখন আসনো নাপাই বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক ," উচ্চস্তৰীয় কমিটীয়ে সময়ত প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে বাকী দায়িত্ব চৰকাৰৰঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য "

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.