দক্ষিণ কামৰূপ, 17 নৱেম্বৰ : কংগ্ৰেছত এতিয়া অন্তঃকন্দল ৷ ৰাজ্যিক দলটোৰ মাজত চলিছে বিসম্বাদ ৷ নিজ দলটোৰ মাজতে চলিছে বিতৰ্ক ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ৰিপুন বৰাক লৈ দলটোৰ মাজতে চলিছে বৰ্তমান আভ্যন্তৰীণ কন্দল । কিয়নো একাংশই যদি বিৰোধী দলপতি হিচাপে দেৱব্ৰত শইকীয়া থকাটো বিচাৰে কিন্তু কংগ্ৰেছৰে আন একাংশই বিৰোধী দলপতি হিচাপে দেৱব্ৰত শইকীয়াক নিবিচাৰে৷ এইসকলৰ লগত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ এই সন্দৰ্ভত কংগ্ৰেছৰ প্ৰায়বোৰ বিধায়ক দিল্লীলৈ ৰাওনা । বৰঝাৰ বিমানবন্দৰৰ পৰা দেওবাৰে দিল্লীলৈ ৰাওনা হোৱা বিধায়কসকল হৈছে অজন্তা নেওগ, নন্দিতা দাস, নুৰুল হুদা আৰু আবুল কালাম ৰছিদ আলাম । দিল্লীলৈ গৈ এইসকল বিধায়ক কংগ্ৰেছৰ হাইকমাণ্ড ছোনিয়া গান্ধীৰ সৈতে মিলিত হ'ব এক বৈঠকত । বৈঠকত হাইকমাণ্ডক ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অভিযোগ দিব এইসকল বিধায়কে ।
লগতে পঢ়ক: লাডেন ওৰফে কৃষ্ণৰ মৃত্যুক লৈ পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া