ETV Bharat / state

Aftab Uddin Mollah in police custody: এদিনৰ আৰক্ষীৰ জিম্মালৈ কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লা - Aftab Uddin Mollah controversial statement

মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰাৰ পাচত বুধবাৰে কংগ্ৰেছ বিধায়ক আফতাব উদ্দিন মোল্লাক হাজিৰ কৰোৱা হয় আদালতত ৷ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মোল্লাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷

Aftab Uddin Mollah in police custody
Congress MLA Aftab Uddin Mollah
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 6:09 PM IST

গুৱাহাটী, ৮ নৱেম্বৰ: সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লাক বুধবাৰে আদালতত হাজিৰ কৰা হয় ।‌ আদালতে কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লাক এদিনৰ‌ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে । ৫ দিনৰ জিম্মাত বিচাৰি আবেদন কৰিছিল আৰক্ষীয়ে ।

উল্লেখযোগ্য যে মঙলবাৰে নিশা দিছপুৰ আৰক্ষীয়ে বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছ বিধায়কগৰাকীক । দিছপুৰৰ বিধায়ক আবাসৰ F ব্লকত থকা দক্ষিণ শালমাৰাৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিধায়ক আবাসৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আফতাব উদ্দিন মোল্লাক ।

হিন্দু ধৰ্মক লৈ ৰাজহুৱা সভাত বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিছিল জলেশ্বৰ সমষ্টিৰ বিধায়ক মোল্লা । হিন্দুক ব্যভিচাৰী আৰু নামঘৰীয়াক ধৰ্ষণকাৰী বুলি কৰা মন্তব্যৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ । বিভিন্ন দল-সংগঠন, ব্যক্তিবিশেষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ । দিছপুৰ থানাতো বিধায়কজনৰ বিৰুদ্ধে ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ লোকজনে দাখিল কৰিছিল এখন এজাহাৰ ।

এই এজাহাৰৰ ভিত্তিতে বিধায়ক আফতাব উদ্দিনৰ বিৰুদ্ধে U/S 295A /153A(1)(b)/505(2) ধাৰা সন্নিৱিষ্ট কৰি 2127/23 নম্বত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে । গুৱাহাটীৰ পূব আৰক্ষী জিলাৰ ডি চি পিৰ কাৰ্যালয়ত আৰক্ষীয়ে বিধায়কগৰাকীক সোধা-পোছা কৰাৰ পিছতে SB ত ৰখা হয় ।

উল্লেখ্য যে, হিন্দু ধৰ্মক লৈ আপত্তিজনক মন্তব্য কৰি বিপদত পৰা জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লা কংগ্ৰেছ দলৰো ৰোষত পৰিছে । দলৰ ফালৰ পৰা ইতিমধ্যে বিধায়কজনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ।

লগতে পঢ়ক: MLA Aftab Uddin Mollah arrests: নামঘৰীয়াক ধৰ্ষণকাৰী আখ্যা দিয়া বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.