ETV Bharat / state

Loksabha Election 2024: বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ ব্যাপক ৰণকৌশল - প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ ব্যাপক ৰণকৌশল

গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং। আজি ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, যোৰহাট, গুৱাহাটী আৰু মঙলদৈ লোকসভা সমষ্টিৰ জ্যেষ্ঠ নেতাৰে আলোচনাত বহিব এ আই চি চি। বিয়লি জীতেন্দ্ৰ সিঙে সম্বোধন কৰিব সংবাদমেল ((congress leader Jitendra Singh press meet)।

Preaparation for Loksabha election 2024
লোকসভা নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ
author img

By

Published : Apr 28, 2023, 11:03 AM IST

গুৱাহাটী, 28 এপ্ৰিল : দখলত থকা তিনিটা সমষ্টিক বাদ বাকী 11 টা লোকসভা সমষ্টিক লৈ ব্যাপক ৰণকৌশল গ্ৰহণ কৰিছে কংগ্ৰেছে । দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে প্রথম পৰ্যায়ত ৰাজ্যৰ 5 টা লোকসভা সমষ্টিৰ দলীয় নেতৃবৃন্দৰ লগত পৃথকে পৃথকে আলোচনাত মিলিত হয় । শিলচৰ, কৰিমগঞ্জ, ধুবুৰী, ডিফু আৰু কোকৰাঝাৰ সমষ্টিৰ দলীয় নেতৃত্বৰে আলোচনাত মিলিত হয় । শুকুৰবাৰে আন 6 টা লোকসভা সমষ্টিৰ দলীয় নেতৃবৃন্দৰ সৈতে সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হ'ব জীতেন্দ্ৰ সিঙকে ধৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই (congress leader Jitendra Singh) ।

আজি অৰ্থাৎ শুকুৰবাৰে ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, যোৰহাট, গুৱাহাটী আৰু মঙলদৈ লোকসভা সমষ্টিৰ জ্যেষ্ঠ নেতাৰে আলোচনাত বহিব এ আই চি চি । উল্লেখ্য যে কংগ্ৰেছৰ দখলত থকা তিনিটা লোকসভা সমষ্টিক লৈ কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই । কংগ্ৰেছৰ দখলত আছে নগাঁও, বৰপেটা আৰু কলিয়াবৰ সমষ্টি । আজি জীতেন্দ্ৰ সিঙে 6 টা সমষ্টিৰ দলীয় নেতৃত্বৰে পৃথকে পৃথকে আলোচনাত মিলিত হোৱাৰ পাচত বিয়লি ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিব বুলি জানিবলৈ পৰা গৈছে (congress leader Jitendra Singh in Assam) ।

Preaparation for Loksabha election 2024
বিৰোধী নেতৃত্বৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং

উল্লেখ্য যে, সমষ্টি ভিত্তিক দলীয় বৈঠক অনুষ্ঠিত কৰাৰ লগতে কংগ্ৰেছে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । বিগত বিধানসভা নিৰ্বাচনৰ দৰে পুনৰ বিৰোধী শক্তিক একত্ৰিত কৰাৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে কংগ্ৰেছ । ইয়াৰ বাবে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ বাবে কংগ্ৰেছে বিশেষ উদ্যোগ গ্ৰহণ কৰি কেইবাখনো বৈঠক ইতিমধ্যে অনুষ্ঠিত কৰিছে । দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা জীতেন্দ্ৰ সিঙৰ উপস্থিতিত বৃহস্পতিবাৰে নিশা 11 টা বিৰোধী ৰাজনৈতিক দলে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । একমাত্র বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে 11 টাকৈ বিৰোধী দল (Congress massive strategy for 11 Lok Sabha constituencies ) ।

বৃহস্পতিবাৰে এই 11 টা বিৰোধী দলে তৃতীয়বাৰৰ বাবে বৈঠকত মিলিত হয় । ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত অনুষ্ঠিত হৈছিল বৈঠক । বৃহস্পতিবাৰে নিশা মহানগৰীৰ হোটেল লিলিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হয় বৈঠক ।

আম আদমী পাৰ্টীৰ প্ৰতিনিধিৰ বাহিৰে প্ৰায় সকলো ৰাজনৈতিক দলৰ মুৰব্বী তথা নেতৃত্ব উপস্থিত আছিল বৈঠকত । বিজেপিক প্ৰতিহত কৰা লক্ষ্য আৰু উদ্দেশ্যৰে বিৰোধী দলকেইটা ঐক্যবদ্ধ হৈছে । তাৰেই ৰূপৰেখা প্ৰস্তুতৰ প্ৰস্তুতি চলোৱা হৈছে বৈঠকবোৰত । বৈঠকৰ সিদ্ধান্ত অনুসৰি মে' মাহত বিৰোধী দলসমূহৰ এখন বিশাল সন্মিলন অনুষ্ঠিত হ'ব বুলি জানিবলৈ পৰা গৈছে (Congress massive strategy for Loksabha election 2024) ।

কংগ্ৰেছ দলৰ এই তৎপৰতাই আগন্তুক লোকসভা নিৰ্বাচনত কোনো প্ৰভাৱ পেলাবলৈ সক্ষম হ’বনে নহয় সেয়াহে আগন্তুক দিনত হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক : Loksabha election 2024 : 2024 ৰ নিৰ্বাচনৰ বাবে বিৰোধীয়ে সাজু কৰিছে ওৱান টু ওৱান ফৰ্মুলা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.