গুৱাহাটী, 15 ছেপ্টেম্বৰ : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ শুকুৰবাৰে অন্তিমটো দিন ৷ পাঁচদিনীয়া এই অধিৱেশনত প্ৰথম তিনিদিন প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছৰ বিধায়ক সকলৰ ভূমিকা বিশেষভাৱে লক্ষণীয় নাছিল ৷ ইচ্ছ্যুৰ অভাৱ নাছিল যদিও কংগ্ৰেছৰ বিধায়ক সকলৰ ভূমিকা যথেষ্ট নমনীয় আছিল ৷ বিধানসভাত কংগ্ৰেছৰ দুৰ্বল ভূমিকাৰ বিষয়টো সৰ্বত্ৰ চৰ্চা হোৱাৰ লগতে হাইকামাণ্ডৰো দৃষ্টিগোচৰ হৈছিল ৷ এক কথাত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ কাঢ়া নিৰ্দেশৰ পাছতহে কংগ্ৰেছৰ বিধায়ক সকল সাৰ পাইছিল ৷ যাৰ প্ৰভাৱ দুটা দিনত পৰিলক্ষিত হৈছিল ৷
অধিৱেশনৰ প্ৰথম তিনি দিন নিস্তেজ হৈ থকা কংগ্ৰেছৰ বিধায়ক সকলক বৃহস্পতিবাৰ আৰু শুকুৰবাৰে সদনত সৰৱ হোৱা দেখা যায় ৷ লক্ষণীয় বিষয় যে বিধানসভাৰ মজিয়াত কেতবোৰ জ্বলন্ত বিষয়ক লৈ সৰৱ হোৱা দেখা গৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈক ৷ আনকি বিধায়ক অখিল গগৈয়ে সদনত চৰকাৰক অস্বস্তিত পেলাবলৈ সক্ষম হৈছে ৷ চৰকাৰক বাৰম্বাৰ বিভিন্ন বিষয়ত জবাবদিহি কৰাৰ বাবে অখিল গগৈ স্বয়ং মুখ্যমন্ত্ৰীৰ লগতে শাসকীয় বিধায়ক সকলৰ দ্বাৰা অপমানৰ সন্মুখীন হৈছে ৷ সেই কথা বিধায়ক অখিল গগৈয়ে নিজেও ব্যক্ত কৰিছে ৷ সদনত বিধায়ক অখিল গগৈয়ে কোনো এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিলে শাসকীয় পক্ষই স্পষ্ট উত্তৰ দিয়াৰ সলনি তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ কিন্তু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ এনে কঠোৰ স্থিতিৰ বিপৰীতে সদনৰ মজিয়াত প্ৰথম তিনিদিন কংগ্ৰেছৰ বিধায়ক সকলক নিস্তেজ-নিষ্প্ৰাণ ৰূপত দেখা গৈছিল ৷
বিধানসভাত কংগ্ৰেছৰ দুৰ্বল ভূমিকাৰ বিষয়টো বিশেষভাৱে চৰ্চিত হৈছিল ৷ আনকি একাংশ কংগ্ৰেছ বিধায়কে বিজেপি তথা মুখ্যমন্ত্ৰীৰে গোপন বুজাবুজি কৰাৰ অভিযোগো উত্থাপন হৈছে ৷ অৱশ্যে এই অভিযোগ নতুন নহয় ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা বিভিন্ন কেলেংকাৰী সন্দৰ্ভত সদনত যিধৰণে কংগ্ৰেছৰ বিধায়কসকল সৰব হ'ব লাগিছিল সেইধৰণে সৰৱ হোৱা নাছিল ৷ নিয়ম ৰক্ষাৰ নামতেহে যেন প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকে ৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিধায়ক অখিল গগৈক উদ্দেশ্যি বাকী সকলো বিধায়ক মনে-মনে আছে আপুনি কিয় চিঞৰি থাকে বুলি কটাক্ষ কৰিছিল ৷ ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে প্ৰকাৰন্তৰে বুজাই দিছিল যে কংগ্ৰেছৰ বিধায়কসকলেও আনকি প্ৰতিবাদ কৰা নাই ৷ একমাত্ৰ অখিল গগৈয়েই প্ৰতিবাদ কৰে ৷
সদনত কংগ্ৰেছৰ বিধায়ক সকলৰ এনে স্থিতিক লৈ ক্ষুণ্ণ হৈ পৰিছিল দলটোৰ শীৰ্ষ নেতৃত্ব ৷ আনকি বিদেশ ভ্ৰমণৰত ৰাহুল গান্ধীও এই বিষয়ে অৱগত হৈছিল ৷ কংগ্ৰেছ বিধায়কৰ দুৰ্বল ভূমিকাক লৈ ক্ষোভিত হৈ পৰিছিল স্বয়ং ৰাহুল গান্ধী ৷ জানিব পৰা মতে বিদেশৰ পৰাই ৰাহুল গান্ধীয়ে কংগ্ৰেছ নেতা কে চি বেণুগোপালক ফোন কৰি অসম কংগ্ৰেছৰ বিষয়টো পৰ্যবেক্ষণৰ নিৰ্দেশ দিছিল ৷ ৰাহুল গান্ধীৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈ পৰিছিল কে চি বেণুগোপাল ৷ তাৰ পাছত জাৰি কৰা হৈছিল থ্রী লাইন হুইপ ৷ সদনত কংগ্ৰেছৰ প্ৰতিগৰাকী বিধায়কক উপস্থিত থকাৰ নিৰ্দেশ দিয়া হয় ৷ আনকি অসম বিধানসভাত কংগ্ৰেছ বিধায়কৰ ভূমিকাক দিল্লীত টেলিভিছনযোগে পৰ্যবেক্ষণ কৰাৰো ব্যৱস্থা কৰা হয় ৷
জানিব পৰা মতে বিজেপিৰ কেলেংকাৰীৰ বিৰুদ্ধে নিষ্প্ৰাণ ভূমিকা গ্ৰহণ কৰা একাংশ কংগ্ৰেছ বিধায়কক প্ৰয়োজন সাপেক্ষে দলটোৱে নিলম্বন তথা বহিষ্কাৰ পৰ্যন্ত কৰিব পাৰে ৷ আনকি পৰৱৰ্তী বিধানসভা নিৰ্বাচনত কৰ্তন হ'ব পাৰে এনে একাংশ বিধায়কৰ প্ৰাৰ্থীত্বও ৷ কংগ্ৰেছৰ শীর্ষ নেতৃত্ব তৎপৰ হোৱাৰ পাছতেই বৃহস্পতিবাৰে সৰৱ হোৱাৰ দৰে আজিও সদনত মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ বিষয়টোক লৈ সৰৱ হৈ পৰে কংগ্ৰেছৰ বিধায়ক সকল ৷ আনকি বিষয়টো আলোচনা কৰিব নিদিয়াৰ বাবে সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে ৷