ETV Bharat / state

মা কামাখ্যাৰ আশিস ল'লে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই - ২০২১ৰ বিধানসভা নিৰ্বাচন

ৰাজ্যবাসীৰ মংগল কামনাৰে বৃহস্পতিবাৰে ৰাতিপুৱা মা কামাখ্যা মন্দিৰত উপস্থিত হয় কংগ্ৰেছৰ চাৰি গৰাকীকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা ৷ দেৱীৰ চৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়াই মা কামাখ্যা মন্দিৰত ৷ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিবলৈ অসমলৈ অহা নেতা কেইগৰাকীয়ে মন্দিৰ দৰ্শন কৰা সময়চোৱাত ৰাজনৈতিক মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷

congress leaders visited kamakhya temple
মা কামাখ্যাৰ আশিস ল'লে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই
author img

By

Published : Dec 25, 2020, 9:51 AM IST

গুৱাহাটী, 25 ডিচেম্বৰ : বৃহস্পতিবাৰে ৰাতিপুৱাই মা কামাখ্যা মন্দিৰত উপস্থিত হয় কংগ্ৰেছৰ কেইবা গৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা ৷ মা কামাখ্যাৰ আশিস ল'বলৈ কংগ্ৰেছ নেতা কেইগৰাকী উপস্থিত হয় মন্দিৰত । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃ তত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক অনিৰুদ্ধ সিং, আদিত্য শৰ্মা, বিকাশ উপাধ্যায় আৰু পৃথ্বিৰাজ প্ৰভাকৰ সাথেই উপস্থিত হয় কামাখ্যা ধামত ।

ৰাজ্যবাসীৰ মংগল কামনাৰে দেৱীৰ চৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়াই নেতা কেইগৰাকীয়ে । ইফালে মন্দিৰ দৰ্শন কৰা সময়চোৱাত কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য প্ৰকাশ নকৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতা কেইগৰাকীয়ে ৷ উল্লেখযোগ্য যে, ২০২১ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিবলৈ অসম ভ্ৰমণলৈ আহিছে এই চাৰিগৰাকী নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতা । ইতিমধ্যেই ৰাজ্যিক নেতৃত্বৰে কেইবা লানিও বৈঠকত মিলিত হৈছে নেতাসকলে ।

লগতে পঢ়ক: অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.