ETV Bharat / state

হাতত এক লাখকৈ টকাৰ ড্ৰাফট লৈ ৰাজীৱ ভৱনত লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰয়াসীৰ ভিৰ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 10:04 PM IST

এটা টিকট লাগে দিল্লীলৈ যাবলৈ ৷ যাৰ বাবে ৰাজীৱ ভৱনত ভিৰ কংগ্ৰেছ নেতাৰ ৷ একলাখ টকাৰ বিনিময়ত টিকটৰ বাবে আবেদন ৷ চাওক সবিশেষ...

Congress leaders throng Rajiv Bhawan
Rajiv Bhawan in Guwahati

ৰাজীৱ ভৱনত লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰয়াসীৰ ভিৰ

গুৱাহাটী, ১৪ ডিচেম্বৰ; শেহতীয়াকৈ পাঁচ ৰাজ্যৰ নিৰ্বাচনত চাৰিখন ৰাজ্যত অতি বেয়াকৈ মুখথেকেচা খোৱাৰ পিচত লোকসভা নিৰ্বাচনক লৈ উৎসাহী হৈ পৰিছে ৰাজীৱ ভৱন । পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ দিনা নিমাওমাও হৈ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনে যেন আকৌ প্ৰাণ পাই উঠিছে লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৷ লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ উলাহে ৰাজীৱ ভৱন মুখৰ কৰি তুলিছে ।

যোৱা চাৰিদিন ধৰি ইজনৰ পিছত সিজন আহি ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিছে প্ৰাৰ্থিত্বৰ আবেদন । কোনোৱে আবেদনৰ বাবদ নিৰ্ধাৰিত মাচুল ১ লাখ টকাসহ আবেদন জমাও দিছে । ইয়াৰ ব্যতিক্ৰম নহ’ল বৃহস্পতিবাৰেও ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাৰ্থী হৈ ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে ৫ জন আবেদনকাৰীয়ে নিজৰ আবেদনপত্ৰ সংগ্ৰহ কৰে ৰাজীৱ ভৱনৰ পৰা ।

এই ৫ গৰাকীৰ ভিতৰত বৰপেটা লোকসভা সমষ্টিৰ বাবে ৰীতা ডেকা, ধুবুৰীৰ বাবে আব্দুল হামিদ, কৰিমগঞ্জৰ বাবে আহানুদ্দিন তালুকদাৰ, গুৱাহাটীৰ বাবে নৃপেন ঠাকুৰীয়া আৰু ডিফুৰ বাবে জয়ৰাম ইংলেঙে আবেদন সংগ্ৰহ কৰিছে ।

আনহাতে ২ জন আবেদনকাৰীয়ে আজি ১ লাখ টকা সহ নিজৰ আবেদন জমা দিছে । তেওঁলোক হ’ল বৰপেটাৰ বাবে প্ৰাণজিৎ দাস আৰু ধুবুৰীৰ বাবে ৱাজেদ আলী চৌধুৰী । ইতিমধ্যেই প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে ডিব্ৰুগড়ৰ বাবে, চলমান উদ্দিন চৌধুৰীয়ে কৰিমগঞ্জৰ বাবে আৰু আবু তাহেৰ আলি বেপাৰীয়ে ধুবুৰী লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰসহ এক লাখ টকা জমা দিছে ৷

আজিৰ দিনটোলৈকে মুঠ ৩৫ জন লোকে আবেদন সংগ্ৰহ কৰিছে আৰু ৫ জনে প্ৰাৰ্থিত্বৰ আবেদন জমা দিছে ৷ এতিয়ালৈকে আবেদন সংগ্ৰহ কৰা সকলৰ ভিতৰত অৱশ্যে কংগ্ৰেছৰ এগৰাকীও হাই প্ৰফাইল নেতা নাই ৷ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক কোনেও সংগ্ৰহ কৰা নাই আবেদন পত্ৰ ।

বৰ্তমানলৈকে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মীৰা বৰঠাকুৰ, ৰমেন চন্দ্ৰ বৰঠাকুৰ, প্ৰণয় ৰাভা, দ্বিজেন শৰ্মা, ৰমেশ চন্দ্ৰ জৈনে আবেদন সংগ্ৰহ কৰিছে ৷ ধুবুৰীৰ বাবে চফীয়া খাতুন, ৱাজেদ আলি চৌধুৰী, আবু তাহেৰ বেপাৰী, ডঃ মতিউৰ ৰহমান মণ্ডলে সংগ্ৰহ কৰিছে আবেদন পত্ৰ ।

একেদৰে দৰং-ওদালগুৰিৰ বাবে মাধৱ ৰাজবংশী আৰু ৰমেন চন্দ্ৰ বৰঠাকুৰে বৰ্তমানলৈ আবেদন সংগ্ৰহ কৰিছে ৷ আনহাতে বৰপেটা লোকসভা সমষ্টিৰ বাবে অৰুণ তিৱাৰী, ৰাতুল কলিতা, দ্বীপ বায়ন, প্ৰাণজিত দাস আৰু মঞ্জুশ্ৰী পাঠকে আবেদন সংগ্ৰহ কৰিছে । শোণিতপুৰ সমষ্টিৰ বাবে প্ৰাণেশ্বৰ বসুমতাৰী, বেণুধৰ নাথ, হেমন্ত কুমাৰ অধিকাৰী, বৰ্ণালী ফুকন আৰু ৰাম প্ৰসাদ শৰ্মাই আবেদন সংগ্ৰহ কৰাৰ লগতে যোৰহাটৰ বাবে বনশ্ৰী গগৈয়ে আবেদন সংগ্ৰহ কৰিছে ।

শিলচৰৰ বাবে কেৱল এজনেহে সংগ্ৰহ কৰিছে আবেদন ৷ তেওঁ হ’ল সোমায়া কান্তি পুৰকায়স্থ ৷ কৰিমগঞ্জৰ পৰা ড৹ চলমানুদ্দিন চৌধুৰীয়ে, লখিমপুৰৰ বাবে প্ৰহ্লাদ শাৰহ আৰু ৰঞ্জিতা পেগু নামৰ দুগৰাকীয়ে আবেদন পত্ৰ সংগ্ৰহ কৰিছে ৷

লগতে পঢ়ক: কংগ্ৰেছে ১৮ ডিচেম্বৰৰ পৰা অসমত বজাব লোকসভা নিৰ্বাচনৰ ৰণডংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.