ETV Bharat / state

ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সুস্মিতা দেৱৰ - এআইইউডিএফ

নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ বাবে এক বেয়া খবৰ ৷ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱে ত্যাগ কৰিব খুজিছে কংগ্ৰেছ ৷ ইতিমধ্যে ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টিৰ বাবেই কংগ্ৰেছ ত্যাগ কৰা বুলি জানিবলৈ দিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

congress-leader-sushmita-deb-resign
ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সুস্মিতা দেৱৰ
author img

By

Published : Mar 6, 2021, 12:33 PM IST

নিউজ ডেস্ক,6 মাৰ্চ: নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ বাবে এক বেয়া খবৰ ৷ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱে ত্যাগ কৰিব খুজিছে কংগ্ৰেছ ৷ ইতিমধ্যে ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টিৰ বাবেই কংগ্ৰেছ ত্যাগ কৰা বুলি জানিবলৈ দিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ বৰাকৰ কেইবাখনো আসনত নিজৰ পচন্দৰ প্ৰাৰ্থী বিচাৰিছিল সুস্মিতা দেৱে ৷ কিন্তু কংগ্ৰেছ নেতৃত্বই তেওঁৰ পচন্দৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ বাবেই সুস্মিতা দেৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে ৷

উল্লেখযোগ্য যে, প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ভিতৰচ'ৰাত ইতিমধ্যে মতানৈক্য সৃষ্টি হৈছে ৷ এআইইউডিএফৰ সৈতে হোৱা মিত্ৰতাৰ বাবেই বহুকেইগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে নিজৰ সমষ্টি হেৰুৱাবলগা হয় বুলি চিন্তান্বিত হৈ পৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছত বৃদ্ধি পাইছে নেতা-সদস্যৰ অসন্তুষ্টি ৷

লগতে পঢ়কঃ নাহৰকটীয়াত আবতৰীয়া দীপাৱলী পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.