ETV Bharat / state

কংগ্ৰেছৰ মুখ্যমন্ত্রী এজনেই হ’ব: জিতেন্দ্ৰ সিং - সংবাদমেল

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্রী কোন আজিলৈকে গম নাপালো । কংগ্ৰেছৰ চৰকাৰ হলে ‘কা’ প্ৰযোজ্য হ’বলৈ দিয়া নহ’ব । দেওবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৷

jitendra-singh-comments-on-cm-candidate
বিজেপিক কটাক্ষ জিতেন্দ্ৰ সিঙৰ
author img

By

Published : Mar 14, 2021, 8:23 PM IST

গুৱাহাটী,14 মাৰ্চ: মহানগৰীৰ ৰাজীৱ ভৱনত দেওবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিক কঠোৰ সমালোচনা কৰে জাতীয় অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ৷

তেওঁৰ ভাষ্য অনুসৰি, ‘‘কংগ্ৰেছৰ পৰা যিজন মুখ্যমন্ত্ৰী হ'ব, তেওঁ কংগ্ৰেছৰ কাৰ্যকৰ্তা হ’ব । সেইজন অসমৰ ভূমিপুত্ৰ হ'ব । আমাৰ কোনো এজন নেতাই নিজকে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা নাই । সকলো নেতাই একো একোজন কাৰ্যকৰ্তা হিচেপে সেৱা আগবঢ়াই আহিছে । আমাৰ দলত এটা প্ৰক্ৰিয়াৰ মাজেৰে মুখ্যমন্ত্ৰী বাচনি কৰা হয় । আমাৰ এজনেই মুখ্যমন্ত্ৰী হ'ব । বিজেপিৰ দৰে দুজন নহয় । বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী কোন হয় মই আজিলৈকে গম নাপালো’’ ।

বিজেপিক কটাক্ষ জিতেন্দ্ৰ সিঙৰ

লগতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ‘‘আমি অসমত ‘কা’ প্ৰযোজ্য হ’বলৈ নিদিওঁ । আমাৰ দলে লোকসভা আৰু ৰাজ্যসভাত ‘কা’ৰ প্ৰতিবাদ কৰাৰ লগতে ৰাজপথত আন্দোলন কৰিছে । ‘কা’ক লৈ সকলো লোককে বিজেপিয়ে বিভ্ৰান্ত কৰিছে । আমাৰ সমাজখনক বিভাজিত কৰাৰ চক্ৰান্ত বিজেপি চৰকাৰৰ । আমি কোনো কাৰণতে যে ‘কা’ প্ৰযোজ্য হ'বলৈ নিদিওঁ সেয়া নিশ্চিত’’ ।

বিজেপিক কটাক্ষ জিতেন্দ্ৰ সিঙৰ

উল্লেখ্য যে, কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই যদিও কেইবাজনো নেতাৰ নাম মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চালৈ আহিছে ।

লগতে পঢ়ক : কোনে স্থান পালে বিজেপিৰ তৃতীয় প্ৰাৰ্থী তালিকাত...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.