ETV Bharat / state

টকা লৈ কোনে দিছিল কংগ্ৰেছৰ টিকট ?

ৰাজ্যৰ শেহতীয়া বিধান সভা নিৰ্বাচনত বিধ্বস্ত হৈছিল কংগ্ৰেছ দল ৷ দলটোৱে নিজৰ পৰাজয়ৰ গ্লানি আঁতৰাবলৈ নৱগঠিত আঞ্চলিক দলক দোষ প্ৰদান কৰাৰ চেষ্টা কৰিছিল যদিও, শেহতীয়াকৈ দলটোৰ এগৰাকী নেতাই অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ ইটিভি ভাৰতৰ এক্সক্লুচিভ প্ৰতিবেদন ৷

congress-leader-claims-dictatorship-of-few-was-the-reason-of-recent-failure-of-the-party
টকা লৈ কোনে টিকট দিছিলঃ কংগ্ৰেছ নেতাৰ এটা ভিডিঅ'ত তোলপাৰ ৰাজীৱ ভৱন
author img

By

Published : Jun 5, 2021, 3:20 PM IST

Updated : Jun 5, 2021, 3:28 PM IST

গুৱাহাটী, ৫ জুন : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ কেইজনমান নেতাই ব্যাপক ধনৰ লেনদেন আৰু বিজেপিৰে বুজাবুজি কৰি কেতবোৰ সমষ্টিত এনে একাংশ লোকক দলীয় প্ৰাৰ্থীত্ব দিছিল, যিসকলৰ জয়ী হোৱাৰ কোনো সম্ভাৱনাই নাছিল । এটা ভিডিঅ’ যোগে এগৰাকী কংগ্ৰেছ নেতাই উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ ৷ কেৱল সিমানেই নহয়, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে এনে কিছুমান চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে যিসমূহে দলটোৰ ভিতৰচ'ৰাত ঘটি থকা বহু চক্ৰান্তৰ কথা পোহৰলৈ আনিছে । এই অভিযোগ কংগ্ৰেছৰ কোনো বিৰোধী পক্ষই অনা নাই । আনিছে স্বয়ং প্ৰদেশ কংগ্ৰেছৰে(Assam Pradesh Congress Commitee) এজন নেতাই । ইটিভি ভাৰতৰ এক্সক্লুচিভ প্ৰতিবেদন ৷

প্ৰদেশ কংগ্ৰেছ (APCC) মুখপাত্ৰ দিলীপ শৰ্মাই অলপতে দলৰ শেহতীয়া বিপৰ্যয় আৰু দলীয় নেতৃত্বৰ কেতবোৰ স্বৈৰাচাৰী কামকাজ সন্দৰ্ভত দলৰ হোৱাটচআপ গ্ৰুপত কেতবোৰ বিস্ফোৰক অভিযোগ তুলিছিল । দলীয় মঞ্চত এই অভিযোগ উত্থাপন কৰাৰ সময়তে দিলীপ শৰ্মাৰ উক্ত বিশেষ ভিডিঅ'টো আহি পৰিছে ইটিভি ভাৰতৰ হাতত ।

টকা লৈ কোনে টিকট দিছিলঃ কংগ্ৰেছ নেতাৰ এটা ভিডিঅ'ত তোলপাৰ ৰাজীৱ ভৱন

ক্ষুব্ধ নেতাজনে উক্ত ভিডিঅ'টোত দলীয় নেতৃত্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি কয় যে কিহৰ বাবে আৰু কাৰ স্বাৰ্থত দলটোৰ একাংশ নেতাই শেহতীয়া নিৰ্বাচনত কংগ্ৰেছক নিঃশেষ কৰিবলৈ উঠিপৰি লাগিছিল সেয়া তৃণমূল কৰ্মীয়ে জনা উচিত ।

বিগত চাৰে চাৰি বছৰে বিজেপিৰ‌ কোনো এটা জনবিৰোধী নীতিৰ বিৰুদ্ধে সাহসেৰে মাত মতাৰ পৰিৱৰ্তে নিৰ্বাচনৰ মাত্ৰ তিনি মাহ আগতহে দলৰ কামত লগাৰ আঁৰত কি ৰহস্য আছিল । প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন তোলপাৰ লগোৱা সেই বিশেষ ভিডিঅ'টোত দিলীপ শৰ্মাই স্পষ্টকৈ কৈছে - " ইয়াৰ বাবে হয়তো দলে মোৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব । কিন্তু সেই সকল নেতাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱা হব নে নাই, যিসকলে বহু সমষ্টিত হাৰিব বুলি জানিও তেনে লোকক প্ৰাৰ্থিত্ব দিছিল । "

লগতে পঢ়ক: জীৱনৰ দুটা দশক পৰিৱেশ সজাগতাৰ বাবে উচৰ্গিত কৰা ব্যক্তিজন

Last Updated : Jun 5, 2021, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.