ETV Bharat / state

বিহু খায়েই পুৰণি ঘৰলৈ ঢাপলি মেলিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 5:08 PM IST

Apurba Kumar Bhattacharjee : শনিবাৰে কংগ্ৰেছ দল ত্যাগ কৰিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ ভোগালী বিহুৰ পিচতে অৰ্থাৎ মাঘ মাহত অগপত যোগদান কৰিব অসম কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

Apurba Kumar Bhattacharjee
অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

নিউজ ডেস্ক, 12 জানুৱাৰী: পুৰণি ঘৰখনে হাতবাউলি মাতিলে কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যক ৷ ভাল দিন-বাৰ, মাহেন্দ্ৰ ক্ষণ এটা চাই শীঘ্ৰেই উভতি যাব আগৰ ঘৰখনলৈ ৷ ভোগালীৰ জলপান খাই, মেজিৰ জুইৰ শক্তিৰে উজ্জীৱিত হৈ মাঘত পুৰণি ঘৰখনলৈ ঢাপলি মেলিব অসম কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব বহন কৰাৰে পৰা এজন জাতীয়তাবাদী নেতা হিচাবে পৰিচিত ভট্টাচাৰ্যই যুৱ ছাত্ৰ পৰিষদ ত্যাগ কৰাৰ পিচতেই যোগ দিছিল অসম গণ পৰিষদত ৷ তেওঁৰ যোগদানে অগপক যেন দিছিল এক নতুন মাত্ৰা ৷ প্ৰথমে দলৰ মুখপাত্ৰ, তাৰ পিচত দলৰ সাধাৰণ সম্পাদক আৰু এটা সময়ত দলটোৰ উপ-সভাপতিৰ পদতো অধিস্থিত হৈছিল তেওঁ ৷ কিন্তু 2013 চনত তেওঁ ত্যাগ কৰে অসম গণ পৰিষদ ৷ 2013 চনৰ 19 জুনত অগপৰ তেতিয়াৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি দলটো এৰি থৈ আহিছিল অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই৷ পদত্যাগ পত্ৰ দাখিলৰ পূৰ্বে তেওঁ সাক্ষাৎ কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক ৷

প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে স্বৈৰাচাৰিতাৰ লগতে কেতবোৰ অভিযোগ উত্থাপন কৰি অগপৰ সাধাৰণ সদস্যৰ পদো ত্যাগ কৰিছিল বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছ দলত যোগদান কৰি দলটোৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰে ৷

কিন্তু শেহতীয়াকৈ কংগ্ৰেছ নেতাগৰাকী দলটোৰ নেতৃত্বৰ প্ৰতি যেন কোনো কোনো ক্ষেত্ৰত অসন্তুষ্ট হ’ল ৷ 2024ৰ লোকসভা নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে গঠন কৰি দিয়া অসম কংগ্ৰেছৰ নিৰ্বাচনী সমিতিখনে বাৰুকৈয়ে অসন্তুষ্ট কৰিলে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যক ৷ কিয়নো উক্ত সমিতিত নাম নাছিল অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷ ইয়াৰ পিচতেই যে ভট্টাচাৰ্যই দলত্যাগৰ সিদ্ধান্ত চূড়ান্ত কৰে ৷ সমিতিখনত নিজৰ নাম নেদেখি সামাজিক মাধ্যমযোগে ভট্টাচাৰ্যই ক্ষোভ উজৰাও পৰিলক্ষিত হৈছিল ৷

শুকুৰবাৰে ইটিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জনায় যে শনিবাৰে তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ কৰিব কংগ্ৰেছ দলৰ পৰা ৷ অৱশ্য পুহ মাহত শুভ কাম কৰিব নাপায় বুলি জানিবলৈ দি তেওঁ ভোগালী বিহুৰ পিচতহে অগপত যোগদান কৰিব বুলি জানিবলৈ দিয়ে ৷ 2018 চনত অগপ-বিজেপিৰ মাজত অবৈধ প্ৰেম হোৱা বুলি মন্তব্য কৰা অপূৰ্ব ভট্টাচাৰ্যই সেই অগপতে যোগদান কৰাৰ পিচৰ মন্তব্য হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক: ছয় জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধতা নাই, আগ্ৰহ নাই: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.