গুৱাহাটী,১২ আগষ্ট : গুৱাহাটীৰ ৰাজীৱ ভৱনত (Rajiv bhaban) বৃহস্পতিবাৰে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ (APCC president Bhupen kumar Bora) উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । এই অনুষ্ঠানত পিপ'লচ জইণ্ট এক্সন কমিটি ফ'ৰ বড়োলেণ্ড ম'ভমেণ্টৰ ( Peoples Joint Action Committee for Bodoland Movement ) মুখ্য আহ্বায়ক গর্জন মুছাহাৰীৰ সৈতে ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী নেতাই কংগ্ৰেছ দলত যোগদান কৰে ।
যোগদান কাৰ্যসূচীত উপস্থিত থাকি প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই গর্জন মুছাহাৰীক কংগ্রেছ দললৈ আদৰণি জনাই কয়- ‘‘ৰাজ্যখনৰ জনসাধাৰণৰ বৰ্তমানৰ বিজেপি চৰকাৰখনৰ প্ৰতি মোহ ভংগ হৈছে । আজিৰ পৰা বি টি আৰত নতুন দিগন্তৰ সূচনা হ'ল । কাল অমানিশা আঁতৰি নতুন সূৰুয উদয় হৈছে । বিগত সময় খিনিত বিজেপি চৰকাৰখনে বিভিন্ন কৌশল প্ৰয়োগ কৰি কংগ্রেছৰ গতি ৰোধ কৰাৰ চেষ্টা কৰি আহিছে’’ ।
![congress joining](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-congress-joining-program-7209925_12082021144757_1208f_1628759877_1072.jpg)
তেওঁ লগতে বিজেপিক সকীয়াই দি কয় যে, তেওঁলোকে যিমানেই কংগ্ৰেছৰ গতি ৰোধ কৰিবলৈ চেষ্টা নকৰক কিয় কংগ্ৰেছে আৰু অধিক দুৰন্ত গতিৰে আগবাঢ়িব । যোগদান কাৰ্যসূচীত উপস্থিত থাকি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে, গর্জন মুছাহাৰীৰ যোগদানে বি টি আৰত কংগ্রেছ দলক অধিক শক্তিশালী কৰি তুলিব ।
কংগ্রেছ দলত যোগদান কৰি পিপ'লচ জইণ্ট এক্সন কমিটি ফ'ৰ বড়োলেণ্ড ম'ভমেণ্টৰ নেতা গৰ্জন মুছাহাৰীয়ে কয় যে, তেওঁলোকে বড়োভূমিৰ জনসাধাৰণৰ শান্তিৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন চলাইছে । কিন্তু বৰ্তমানৰ এই বিজেপি চৰকাৰখনৰ শাসনকালত বড়োভূমিৰ মানুহৰ মাজত থকা শান্তি-সম্প্ৰীতি বিঘ্নিত হৈছে । তেওঁৰ মতে অসমত শান্তি ঘূৰাই আনিবলৈ হ'লে কংগ্রেছ দল শাসনত আহিবই লাগিব । সেয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কংগ্রেছ দলত যোগদান কৰা বুলি তেওঁ মন্তব্য কৰে ।
![congress joining](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-congress-joining-program-7209925_12082021144757_1208f_1628759877_680.jpg)
কংগ্ৰেছ দলত যোগদান কৰা পিপ'লচ জইণ্ট এক্সন কমিটি ফ'ৰ বড়োলেণ্ড ম'ভমেণ্টৰ বিষয় ববীয়া সকল হৈছে মুখ্য আহ্বায়ক গৰ্জন মুছাহাৰী প্ৰমুখ্যে মজুমদাৰ ব্ৰহ্ম, বীৰেশ্বৰ বসুমতাৰী, যোচেফ বসুমতাৰী, মনমোহন ব্ৰহ্ম, পিয়ুষ নাৰ্জাৰী, প্ৰিন্স ওৱাৰী, নৰেশ বসুমতাৰী, হিৰণ্য ব্ৰহ্ম, অমিত বসুমতাৰী, লিনুষ নাৰ্জাৰী, ৰাজু ব্ৰহ্ম, মাইকেল তুডু, ফৰমইলং ব্ৰহ্ম, চৰা চাংমা, হাবিল আলি এছ কে আৰু মনমোহন ব্ৰহ্ম ।
![congress joining](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-congress-joining-program-7209925_12082021144757_1208f_1628759877_793.jpg)
উল্লেখ্য যে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰা গৰ্জন মুচাহাৰীক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্র আৰু বি টি আৰৰ তত্বাবধায়ক হিচাপে নিযুক্তি দিয়ে । যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (Debabrat Saikia), প্ৰদেশ কংগ্রেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰ, জ্যেষ্ঠ কংগ্রেছ নেতা শৰৎ বৰকটকী, হিৰণ্য বৰা, দ্বিজেন শৰ্মা, বলীন কুলী উপস্থিত থাকে ।
লগতে পঢ়ক :বিজেপিলৈ যাব কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ !