ETV Bharat / state

কেব উত্তৰ-পূব বিৰোধীঃ জয়ৰাম ৰমেশ - অমিত শ্বাহ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেবক কোনো ধৰণে সমৰ্থন নকৰে । কেব গৃহীত হ'লে অসমৰ লগতে উত্তৰ-পূবৰ বাসিন্দাৰ বাবে বিপদজনক হ'ব

কেব উত্তৰ-পূব বিৰোধীঃ জয় ৰাম ৰমেশ
author img

By

Published : Nov 7, 2019, 6:04 PM IST

গুৱাহাটী, 7 নৱেম্বৰঃ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী নিৰ্দেশত ৰাজ্যৰ NRC আৰু কেব সন্দৰ্ভত আলোচনাত বহিছে ৰাজ্যৰ কংগ্ৰেছ নেতা আৰু কাৰ্যকৰ্তা ৷ বুধবাৰে সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে ৷ তেওঁ লগতে কয়, কেব উত্তৰ-পূব বিৰোধী । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেবক কোনো ধৰণে সমৰ্থন নকৰে । কেব গৃহীত হ'লে অসমৰ লগতে উত্তৰ-পূবৰ বাসিন্দাৰ বাবে বিপদজনক হ'ব । বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে কেব গৃহীত কৰিব বিচাৰিছে । কংগ্ৰেছৰ বাবে অসমত NRC কাম সম্পূৰ্ণ হৈছে । অসম চুক্তিৰ আধাৰত NRC কাম সম্পূৰ্ণ হৈছে ।

কেব উত্তৰ-পূব বিৰোধীঃ জয় ৰাম ৰমেশ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত NRC সন্দৰ্ভত একো নকয় যদিও অন্যান্য ৰাজ্যত বহু ডাঙৰ ডাঙৰ কথা কয় । প্ৰধানমন্ত্ৰীয়ে নিজৰ বন্ধু আদানিৰ হাতত ছয়টা বিমান বন্দৰ বিক্ৰী কৰিছে । মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ নিৰ্বাচনত এটা কথা গম পোৱা গৈছে যে, ভাৰতবৰ্ষৰ আৰ্থিক বিকাশ নোহোৱা বাবে কোনো লোকে কোনো ক্ষেত্ৰত বিনিয়োগ কৰিব নিবিচাৰে । ধাৰা ৩৭০ বাতিল কৰা হৈছে আৰু গৃহমন্ত্ৰীয়ে ধাৰা ৩৭১ৰ দোহাৰ দি কেব আনিবলৈ বিচাৰিছে । প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে চিবি আই, ই ডি আৰু আয়কৰ বিভাগক ব্যৱহাৰ কৰি আছে । জি এছ টি আৰু নোট বন্দী জনসাধাৰণৰ বাবে এটা ক্ষতিকাৰক দিশ হিচাপে পৰিগণিত হৈছে । উত্তৰ-পূবত অহা পাঁচজনীয়া কংগ্ৰেছৰ দলত আছে AICCৰ সাধাৰণ সম্পাদক মুকুল ৱাষ্মিক, পূৰ্ব কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ, মানিকান্ত টাইগৰ, AICC ৰ প্ৰবক্তা মহম্মদ খান আৰু পূৰ্ব গৃহ ৰাজ্য মন্ত্ৰী মানিক কাম টাইগাৰ ।

Intro:কেব উত্তৰ-পূবৰ বাবে ক্ষতিকাৰকঃ জয় ৰাম ৰমেশ

Body:কংগ্ৰেছৰ পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী জয় ৰাম ৰমেশে বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয় ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কয় যে কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধীৰ নিৰ্দেশত পাঁচজনীয়া দল উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ কংগ্ৰেছ নেতা আৰু কাৰ্যকৰ্তাক লগ ধৰি এন আৰ চি আৰু কেব সন্দৰ্ভত আলোচনা কৰা হৈছে। কেব উত্তৰ-পূব বিৰোধী। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেবক কোনো ধৰণে সমৰ্থন নকৰে। কেব গৃহীত হ'লে অসমৰ লগতে উত্তৰ-পূবৰ বাসিন্দাৰ বাবে বিপদজনক হ'ব। বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে কেব গৃহীত কৰিব বিচাৰিছে। কংগ্ৰেছৰ বাবে অসমত এন আৰ চিৰ কাম সম্পূৰ্ণ হৈছে। অসম চুক্তিৰ আধাৰত এন আৰ চি কাম সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত এন আৰ চি সন্দৰ্ভত একো নকয় যদিও অন্যান্য ৰাজ্যত বহু ডাঙৰ ডাঙৰ কথা কয়। প্ৰধান মন্ত্ৰীয়ে নিজৰ বন্ধু আদানিৰ হাতত ছয়টা বিমান বন্দৰ বিক্ৰী কৰিছে। মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ নিৰ্বাচনত এটা কথা গম পোৱা গৈছে যে ভাৰতবৰ্ষৰ আৰ্থিক বিকাশ নোহোৱা বাবে কোনো লোকে কোনো ক্ষেত্ৰত বিনিয়োগ কৰিব নিবিচাৰে। ধাৰা ৩৭০ বাতিল কৰা হৈছে আৰু গৃহমন্ত্ৰীয়ে ধাৰা ৩৭১ৰ দোহাৰ দি কেব আনিবলৈ বিচাৰিছে। প্ৰধান মন্ত্ৰী মোডীয়ে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে চিবি আই, ই ডি আৰু আয়কৰ বিভাগক ব্যৱহাৰ কৰি আছে। জি এছ টি আৰু নোট বন্দী জনসাধাৰণৰ বাবে এটা ক্ষতিকাৰক দিশ হিচাপে পৰিগণিত হৈছে। উত্তৰ-পূবত অহা পাঁচজনীয়া কংগ্ৰেছৰ দলত আছে AICCৰ সাধাৰণ সম্পাদক মুকুল ৱাষ্মিক, পূৰ্ব কেন্দ্ৰীয় মন্ত্ৰী জয় ৰাম ৰমেশ, মানিকান্ত টাইগৰ, AICC ৰ প্ৰবক্তা মহম্মদ খান আৰু পূৰ্ব গৃহ ৰাজ্য মন্ত্ৰী মানিক কাম টাইগাৰ।

Conclusion:Asrar Anaari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.