ETV Bharat / state

Lok Sabha Election 2024: অহা লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফৰে মিত্ৰতা নকৰাৰ ইংগিত কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙৰ - AIUDF in Lok Sabha election 2024

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত কংগ্ৰেছৰ বৈঠক (Lok Sabha polls preparation meets of Congress) । গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে বৈঠক । দুদিনীয়া এই বৈঠকত লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতৰ বিষয়ে হ'ব আলোচনা ।

Lok Sabha Election 2024
Lok Sabha Election 2024
author img

By

Published : Apr 27, 2023, 5:02 PM IST

লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ পৰ্যালোচনা সভা

গুৱাহাটী, ২৭ এপ্ৰিল : অসমৰ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে প্ৰদেশ কংগ্ৰেছে (Lok Sabha Election 2024) । লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক আৰম্ভ হৈছে (AICC General secretary Jitendra Singh) । দুদিনীয়া কাৰ্যসূচীৰে চলিব এই বৈঠক ।

বৃহস্পতিবাৰে ৫ টা লোকসভা সমষ্টিৰ অন্তৰ্গত দলীয় নেতৃবৃন্দৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব । আনহাতে, শুকুৰবাৰে ৬ টা লোকসভা সমষ্টিৰ অন্তৰ্গত দলীয় নেতৃবৃন্দৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব (congress meeting on Lok Sabha polls preparation) । বৃহস্পতিবাৰে সন্ধিয়া অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীৰ এখন হোটেলত বিৰোধী দলসমূহৰ লগত বৈঠক অনুষ্ঠিত হ'ব (Lok Sabha polls preparation meets of Congress) ।

অৱশ্যে এই বৈঠকলৈ বিৰোধী দল এআইইউডিএফক আমন্ত্ৰণ জনোৱা হোৱা নাই । এই সন্দৰ্ভত বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে সাংবাদিকৰ আগত কয় যে, অসমত আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে এআইইউডিএফৰ সৈতে কোনো মিত্ৰতা নহয় । এই কথা ইতিমধ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই স্পষ্ট কৰিছে । তেওঁ কয়, ‘‘এআইইউডিএফৰ নেতৃত্বই যিবোৰ কথা কৈ আছে তাৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই । যাৰ বাবে এই বৈঠকত বিৰোধী দল এআইইউডিএফক আমন্ত্ৰণ জনোৱা হোৱা নাই ।’’

ইপিনে অংকিতা দত্ত সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "এই বিষয়টো এতিয়া আদালতৰ বিচৰাধীন হৈ আছে । সেয়ে এই ক্ষেত্ৰত এতিয়া কোনো মতামত দিয়া উচিত নহয় ।" আনহাতে, কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীৰ বিৰুদ্ধে বিজেপিয়ে এজাহাৰ দিয়া সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত জীতেন্দ্ৰ সিঙে কয়, "অসম চৰকাৰ আৰু অসম আৰক্ষী এতিয়া বিৰোধী দলৰ বিৰুদ্ধে বেছি সক্ৰিয় হৈছে । শাসকীয় দলৰ বিধায়ক-মন্ত্ৰীয়ে অপৰাধ কৰিলে অসম আৰক্ষী নিশ্চুপ হৈ থাকে ।"

তেওঁ কয়, "এই দুদিনৰ বৈঠক অতি গুৰুত্বপূৰ্ণ । এই দুদিনত ১১ টা লোকসভা সমষ্টিৰ অন্তৰ্গত দলীয় নেতৃবৃন্দৰ লগত পোনপটীয়াকৈ আলোচনা কৰি নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰা হ'ব ।" আনহাতে, অহা সপ্তাহত ৩ টা লোকসভা সমষ্টিৰ অন্তৰ্গত দলীয় নেতৃবৃন্দৰ লগত বৈঠক অনুষ্ঠিত কৰা হ'ব বুলি জীতেন্দ্ৰ সিঙে সদৰী কৰে । উল্লেখ্য যে, বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং আৰু সম্পাদক তথা অসম কংগ্ৰেছৰ সহ-তত্ত্বাৱধায়ক পৃথ্বীৰাজ সাথেক বিহু নৃত্যৰে উষ্ম আদৰণি জনায় ।

লগতে পঢ়ক :Karnataka Election 2023 : গৃহমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে কিয় দিলে এজাহাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.