ETV Bharat / state

AIDUF ৰে মিত্ৰতাৰ বাবে আগবাঢ়িছে কংগ্ৰেছ - AIDUF ৰে মিত্ৰতাৰ বাবে আগবাঢ়িছে কংগ্ৰেছ

ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি কংগ্ৰেছ আৰু AIUDF ৰ ৷ ৰাজ্যসভাত নিজৰ স্থিতি শক্তিশালী কৰিবৰ বাবে যিকোনো দলৰে সৈতে মিত্ৰতা কৰিবলৈ প্ৰস্তুত কংগ্ৰেছ ৷

Congress in Assam mulls alliance with AIUDF to secure seats in Rajya Sabha
ৰাজ্যসভাৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ’ব কংগ্ৰেছ আৰু AIUDF
author img

By

Published : Feb 28, 2020, 10:41 PM IST

নিউজ ডেস্ক , 28 ফেব্ৰুৱাৰীঃ আন আঞ্চলিক শক্তি সমূহৰ লগত সন্মিলিত প্ৰচেষ্টাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ বিশেষ সূত্ৰে প্ৰকাশ পাইছে যে , পূৰ্বতে AIUDF দলৰ সৈতে মিত্ৰতা প্ৰসংগত অনিচ্ছুক হৈ থকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বৰ্তমান দলটোৰ সৈতে মিত্ৰতাৰ প্ৰসংগত আগ্ৰহ প্ৰকাশ কৰিছে ৷ কংগ্ৰেছ , AIUDF আৰু অসম গণ পৰিষদ দলে 26 মাৰ্চত ৰাজ্যসভাৰ 3 খন আসনৰ বাবে অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত এখন আসনৰ বাবে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিষয়ে আলোচনা অব্যাহত ৰাখিছে ৷

কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সঞ্জয় সিঙ আৰু ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ বাবে ৰাজ্যসভাৰ দুখন আসন খালি হয় ৷ আনহাতে , বিজেপি মিত্ৰজোঁটৰ অন্যতম বিপিএফৰ সাংসদ বিশ্বজিত দৈমাৰীৰ কাৰ্যকাল সামৰণি পৰিব এপ্ৰিল মাহত ৷ উক্ত 3 খন আসনৰ বাবেই নিৰ্বাচন অনুষ্ঠিত হ’ব 26 মাৰ্চত ৷

অসম বিধানসভাৰ 126 জন বিধায়কৰ ভিতৰত বিজেপিৰ ওচৰত আছে 60 জন বিধায়ক ৷ কংগ্ৰেছৰ ওচৰত 23 জন বিধায়ক থকাৰ বিপৰীতে AIUDF ৰ ওচৰত আছে 13 জন বিধায়ক ৷ গতিকে দুয়োটা দল ঐক্যমতত উপনীত হ’লে এখন আসনৰ বাবে এজন প্ৰাৰ্থীক বিৰোধীয়ে ৰাজ্যসভাৰ বাবে নিৰ্বাচিত কৰিব পৰাতো সম্পূৰ্ণৰূপে নিশ্চিত ৷

আন এক সূত্ৰে প্ৰকাশ পাইছে যে , যিহেতু বৰ্তমান সময়ত উচ্চ সদনত কংগ্ৰেছৰ সাংসদ মাত্ৰ 46 জন , গতিকে ৰাজ্যসভাত নিজৰ এক শক্তিশালী স্থান সুনিশ্চিত কৰিবৰ বাবে যিকোনো দলৰ সৈতেই কংগ্ৰেছে মিত্ৰতাৰ বাবে আগবাঢ়িব পাৰে আৰু এই সুযোগ গ্ৰহণ কৰাৰ পৰা দলটো আঁতৰি অহাৰ কোনো অৱকাশ নাই ৷

লগতে পঢ়কঃদিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছত বোমাতংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.