ETV Bharat / state

ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰোৱাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে

author img

By

Published : Feb 21, 2022, 4:47 PM IST

বিৰোধী দলৰ প্ৰাৰ্থীক ভয় ভাবুকি দি বিজেপিয়ে পৌৰসভা নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে (BJP accused of withdrawing nomination by force) ৷ একাংশ কংগ্ৰেছৰ প্ৰাৰ্থীক হত্যাৰ ভাবুকি দি মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাবে বাধ্য কৰোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে শাসকীয় দলৰ বিৰুদ্ধে ৷

BJP accused of withdrawing nomination by force
ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰোৱাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে

গুৱাহাটী, 21 ফেব্ৰুৱাৰী: বিজেপিয়ে পৌৰ সভাৰ নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থীক ভয় ভাবুকি দি নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে (congress accuses BJP ) ৷ সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এই অভিযোগ উত্থাপন কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, বিজেপি দলে একাংশ কংগ্ৰেছৰ প্ৰাৰ্থীক হত্যাৰ ভাবুকি দি মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাবে বাধ্য কৰাইছে (threatening candidates to withdraw nomination ) ।

অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই লগতে কয় যে, পৌৰসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ৯২১টা ৱাৰ্ডৰ ভিতৰত ৯০৩টা ৱাৰ্ডৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছিল ৷ কিন্তু শাসক দলৰ দ্বাৰা ৰচনা কৰা নিকৃষ্ট ষড়যন্ত্ৰ, মৃত্যুৰ ভাবুকি প্ৰদানৰ বাবে বিভিন্ন ঠাইত মনোনয়ন পত্ৰ দাখিলৰ পিছদিনাই প্ৰত্যাহাৰ কৰিবলগীয়া হ'ল । নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা পাবলৈ বিজেপি দল কংগ্ৰেছৰ ওপৰত জপিয়াই পৰিল বুলিও কয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।

‘‘লামডিং পৌৰ সভাত কংগ্ৰেছৰ এগৰাকী যুৱতী প্ৰাৰ্থীক ভয়-ভাবুকিৰে মানসিক চাপৰ সৃষ্টি কৰি মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাধ্য কৰাইছে । যুৱতী প্ৰাৰ্থীগৰাকীক দুৱাৰ বন্ধ কৰি অশালীনভাৱে ভাবুকি দি মনোনয়ন প্ৰত্যাহাৰ কৰাবলৈ বাধ্য কৰায় । মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত কংগ্ৰেছ ৰ পৰা ৭/৮ জনে প্ৰাৰ্থীত্ব আগবঢ়াইছিল যদিও নানা ভাবুকি দি বিজেপিয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰালে ।’’ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷

কিন্তু ভয় ভাবুকিৰ মাজতো মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটী পৌৰসভাৰ তিনিটা ৱাৰ্ডত কংগ্ৰেছৰ তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে, বিজেপি জনবিচ্ছিন্ন হৈ পৰাৰ বাবে এনেধৰণৰ ভয় ভাবুকিৰ আশ্ৰয় লৈছে । লগতে তেওঁ কয় যে, বিজেপিয়ে পৌৰসভাৰ নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থীক ভয় ভাবুকি দি নিৰ্বাচনত জয় হোৱাৰ চেষ্টা কৰাৰ পিছতো ৰাজ্যৰ ৮০খন পৌৰ সভাত কংগ্ৰেছৰ ৮৫৪ টা ৱাৰ্ডত প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

১৮ টা ৱাৰ্ডত বিৰোধী শক্তিৰ আসন বুজাবুজি কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে । ৮০খন পৌৰসভাৰ অধিকাংশতে কংগ্ৰেছ দলে জয়লাভ কৰাটো নিশ্চিত । বিজেপিয়ে ফাঁকিবাজেৰে চৰকাৰ চলাই আছে । ইয়াৰোপৰি সংবাদমেলত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বণিয়াৰ স্বাৰ্থত কাম কৰি আছে ।

লগতে পঢ়ক: Manipur Election 2022 : আজি মণিপুৰত সমুখ সমৰত হিমন্ত-ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.