গুৱহাটী, ৩আগষ্ট: প্ৰবঞ্চনাৰ অভিযোগত আটক হোৱা ধৰ্মেশ্বৰ ৰয় ওৰফে জিতু ফুকনৰ বিৰুদ্ধে পোহৰলৈ আহিছে আন এক প্ৰবঞ্চনাৰ অভিযোগ । আটকাধীন যুৱকজনে আন এগৰাকী যুৱতীৰো জীৱন সৰ্বনাশ কৰাৰ এটা নতুন অভিযোগ উত্থাপন হৈছে । আটকাধীন ধৰ্মেশ্বৰ ওৰফে জিতুৰ বিৰুদ্ধে পূৰ্বৰ দৰে একেই ভুৱা পৰিচয়েৰে প্ৰবঞ্চনাৰ অভিযোগ।
নিজকে স্বাস্থ্য বিভাগৰ এজন শীৰ্ষ বিষয়া বুলি পৰিচয় দি আন এগৰাকী যুৱতীৰে যোৱা এমাহ পূৰ্বে চিনাকি হৈছিল অভিযুক্ত জিতু । চিনাকীৰ পিছতে বিভিন্ন প্ৰলোভনেৰে যুৱতী গৰাকীৰ পৰা ধৃত ধৰ্মেশ্বৰে ওৰফে জিতুয়ে ৪লাখ টকা সৰকাই নিয়াৰ অভিযোগ আনিলে ভূক্তভোগী যুৱতী গৰাকীয়ে ।
প্ৰবঞ্চক ধৰ্মেশ্বৰৰ লগত যুৱতী গৰাকীৰ ঘনিষ্ঠতা ইমানেই বাঢ়িছিল যে যুৱতীয়ে নিজৰ এটিএমকে ধৰি বেংকৰ নথি পৰ্যন্ত যুৱকজনৰ হাতত তুলি ধৰিছিল ।
জালুকবাৰী আৰক্ষীয়ে প্ৰথমে এগৰাকী ভুক্তভোগী যুৱতীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰাৰ পিছতেই পুনৰ আন এগৰাকী যুৱতীৰ গোচৰৰ পিছত এতিয়া আৰু অধিক তথ্য পোহৰলৈ আহিবলৈ ধৰিছে ।
ধৰ্মেশ্বৰ ওৰফে জিতুৰ প্ৰবঞ্চনাৰ জালৰ কাহিনী ইমানতেই অন্ত পৰা নাই । ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে আন ৭গৰাকীকৈ যুৱতীৰে সম্পৰ্ক থকাৰ তথ্য লাভ কৰিছে । এই সমগ্ৰ তথ্য সংগ্ৰহ কৰি জালুকবাৰী আৰক্ষীয়ে চলাই গৈছে তদন্ত প্ৰক্ৰিয়া ।
জানিব পৰা মতে, বিবাহিত এইগৰাকী ধৰ্মেশ্বৰ ৰয় ওৰফে জিতু ফুকন পূৰ্বৰ পৰায়ে জড়িত হৈ আহিছিল বিভিন্ন প্ৰবঞ্চনাৰ ঘটনাত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই প্ৰবঞ্চকৰ বিৰুদ্ধে আছে আৰু বহুকেইটা অভিযোগ । পূৰ্বেও প্ৰবঞ্চনাৰ অভিযোগত দুবাৰকৈ জেললৈ গৈছে ধৰ্মেশ্বৰে । বহুকেইখন থানাত বৰ্তমানেওঁ চলি আছে গোচৰৰ তদন্ত প্ৰক্ৰিয়া । বাইহাটা চাৰিআলিৰ ধৰ্মেশ্বৰ ৰয় ওৰফে জিতু ফুকনৰ প্ৰবঞ্চনাৰ এই কাহিনীয়ে এতিয়া বহুতকে দিছে আমোদ ।