মেঘালয়, 9 মাৰ্চঃ বিক্ষিপ্ত ঘটনা অব্যাহত আছে মেঘালয়ৰ বিভিন্ন অঞ্চলত । সোমবাৰে পুৱতি নিশা মেঘালয়ৰ ৰি-ভেই জিলাস্থিত জিৰাগ গাঁৱত অবৈধভাবে কয়লা ভৰ্তি এখন ট্ৰাক পথৰ দাঁতিত দুৰ্ঘটনাগ্ৰস্ত হয় ৷ ইয়াৰ সুযোগ লৈ দুৰ্ঘটনাগ্ৰস্ত কয়লা ভৰ্তি ট্ৰাকখনত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ স্থানীয় ৰাইজৰ তৎপৰতাত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ ট্ৰাকখনৰ পৰা জুই নিৰ্বাপন কৰে যদিও কয়লা ভৰ্তি ট্ৰাকখন সম্পূৰ্ণ ৰূপে জ্বলি ভস্মীভূত হয় ৷
লগতে পঢ়কঃ খহনীয়াগ্ৰস্ত মাজুলীবাসীৰ হুমুনিয়াহবোৰ কোনে শুনিব !
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যখনৰ স্বাভাৱিক পৰিস্থিতিৰ অৱনতি ঘটিছিল যদিও ৫ মাৰ্চৰ পৰা কাৰফিউ শিথিল কৰাৰ লগতে ইন্টাৰনেট সেৱা পুনৰ বাহাল কৰা হৈছে মেঘালয়ত ।