ETV Bharat / state

CMs Vigilance Notice : সাংসদ অজিত ভূঞালৈ মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ জাননী - MP Ajit Kumar Bhuyan

সাংসদ পুঁজিৰ বিত্তীয় অনিয়ম সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাসহ মুঠ ১৪ জন অভিযুক্তৰ বিৰুদ্ধে ২/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰিছে চি এম ভিজিলেন্সে (CM vigilance case against Ajit Kumar Bhuyan) । মঙলবাৰৰ পৰা চি এম ভিজিলেন্সে কৰিব জেৰা । সাংসদসহ চাৰি এচিএছ বিষয়ালৈ জাৰি কৰা হৈছে জাননী । গোচৰৰ তদন্তৰ বাবে চি এম ভিজিলেন্সত হাজিৰ হ'ব লাগিব সকলো অভিযুক্ত ।

CMs Vigilance Notice
CMs Vigilance Notice
author img

By

Published : Apr 28, 2023, 2:16 PM IST

Updated : Apr 28, 2023, 2:53 PM IST

গুৱাহাটী, ২৮ এপ্রিল : সাংসদ পুঁজি ব্যয়ৰ ক্ষেত্রত হোৱা কেলেংকাৰী সম্পৰ্কীয় গোচৰত মুখ্যমন্ত্রীৰ তদাৰকী কোষে মঙলবাৰৰ পৰা তদন্ত আৰম্ভ কৰিব (CM vigilance inquiry on MP fund) । লগতে জেৰাৰ সন্মুখীন হ'ব লাগিব অভিযুক্তসকল । ইয়াৰ বাবে সংশ্লিষ্ট অভিযুক্তলৈ জাননী প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে সাংসদ পুঁজিৰ কেলেংকাৰিৰ অভিযোগত ২৫ এপ্ৰিলত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে মুখ্যমন্ত্রী তদাৰকী কোষ তথা চি এম ভিজিলেন্সে গোচৰ ৰুজু কৰিছিল (CM vigilance case against Ajit Kumar Bhuyan) ।

প্রাথমিক তদন্তৰ অন্তত চি এম ভিজিলেন্সে গৃহ বিভাগৰ অনুমোদন সাপেক্ষে ৭ কোটিটকীয়া সাংসদ পুঁজিৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত মঙলবাৰে সাংসদ ভূঞাসহ মুঠ ১৪ জন অভিযুক্তৰ বিৰুদ্ধে ২/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰে (MP Ajit Kumar Bhuyan) । উল্লেখ্য যে এই কেলেংকাৰিৰ মূল অভিযুক্তৰ তালিকাত চি এম ভিজিলেন্সে স্থান দিছে সাংসদ ভূঞাৰ লগতে ঠিকাদাৰ আৰু চাৰিগৰাকী এচিএছ বিষয়াকো । অভিযুক্তসকলৰ অন্যতম হৈছে নিলম্বিত এচিএছ বিষয়া শর্মিষ্ঠা বৰা, সুকন্যা বৰা, হেমন্ত কুমাৰ দত্ত আৰু মুনীন্দ্ৰ বৰদলৈ । তদুপৰি, ঠিকাদাৰ অৰূপ কলিতাৰ উপৰি আন ৮ জন লোককো অভিযুক্ত কৰিছে চি এম ভিজিলেন্সে (CMs vigilance issued notice to MP Ajit Bhuyan) ।

উল্লেখ্য যে অভিযোগ অনুসৰি, কাম নকৰাকৈ সাংসদ পুঁজিৰ ধন উলিয়াই নিছিল দুর্নীতিগ্রস্ত ঠিকাদাৰে । আনকি অস্তিত্বহীন পথৰ নামতো ধন মোকলাই দিছিল উপায়ুক্ত কাৰ্যালয়ৰ এচিএছ বিষয়াই । বিশেষকৈ কামৰূপ আৰু বৰপেটা জিলাত সংঘটিত হৈছিল এই দুর্নীতি । পথ নিৰ্মাণৰ ৭৫ শতাংশ কাম সম্পূর্ণ নৌহওঁতেই ১০০ শতাংশ পথ নিৰ্মাণৰ কামৰ বিলত স্বাক্ষৰ কৰিছিল অতিৰিক্ত উপায়ুক্তই । এই কেলেংকাৰিৰ গোচৰটোত অভিযুক্তৰ তালিকা দীঘলীয়া হ’ব বুলিও ইংগিত দিছে চি এম ভিজিলেন্সৰ সূত্ৰই ।

পূৰ্বতে দুৰ্নীতিৰ অভিযোগত চি এম ভিজিলেন্সে নিয়মীয়া তদন্তৰ বাবে গোচৰ ৰুজু কৰা দিনটোতে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰে যদিও এই হাই প্ৰফাইল গোচৰটোত চি এম ভিজিলেন্সে তেনে কৰা পৰিলক্ষিত হোৱা নাই । অভিযোগ অনুসৰি, বৰপেটা চহৰত পথ নিৰ্মাণৰ বাবে আৱণ্টিত হৈছিল ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ সাংসদ পুঁজিৰ ধন । চহৰখনৰ শ্ৰীকমাৰ পথৰ পৰা হৰেণ দাসৰ ঘৰ সংযোগী পথৰ বাবে ৮ লাখ টকা, ২ নং গলিয়াহাটীৰ চন্দ্ৰকান্ত শৰ্মাৰ ঘৰৰ পৰা বীৰেণ দাসৰ ঘৰলৈ পথটোৰ বাবদ ১০ লাখ টকা আৰু শান্তিনগৰ অঞ্চলৰ অশ্বিনী দাসৰ ঘৰৰ পৰা গোকুল পাঠক পথ সংযোগী উপ-পথৰ বাবে আৱণ্টিত হৈছিল ১০ লাখ টকা ।

চহৰখনৰ ৩ টাকৈ পথ নিৰ্মাণৰ বিপৰীতে আৱণ্টিত হৈছিল মুঠ ২৮ লাখ টকা । কিন্তু ভিজিলেন্সৰ দলৰ চৰজমিন তদন্তৰ কালত এটাও পথত দেখা পোৱা নাছিল আঁচনিৰ তথ্য সম্বলিত কোনো ফলক । লগতে পথকেইটাৰ নির্মাণকাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত একোখনকৈ স্থানীয় লোকৰ দ্বাৰা গঠিত কমিটী থকাটো বাধ্যতামূলক যদিও তিনিওটা পথৰ কমিটীৰ বিষয়ে কোনো অৱগত নাছিল স্থানীয় লোক । যাৰ পৰিপ্ৰেক্ষিতত চি এম ভিজিলেন্সে ৰুজু কৰে গোচৰ ।

মঙলবাৰৰ পৰা গোচৰটোৰ জেৰা আৰম্ভ কৰিব চি এম ভিজিলেন্সে । ইয়াৰ বাবে অভিযুক্ত চাৰিগৰাকী এচিএছ বিষয়ালৈ চি এম ভিজিলেন্সে জাননী জাৰি কৰিছে । আনহাতে, সাংসদ অজিত কুমাৰ ভূঞালৈয়ো প্ৰেৰণ কৰিছে পত্র । গোচৰটোৰ চাৰিগৰাকী এচিএছ বিষয়াসহ ১৪ জন অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে সাংসদ অজিত কুমাৰ ভূঞাই তেওঁৰ বিৰুদ্ধে বিজেপি চৰকাৰ ষড়যন্ত্রত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক :Drugs dealer property seized : ৰাজ্যত প্ৰথমবাৰৰ বাবে ড্ৰাগছ মাফিয়াৰ 10 কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

Last Updated : Apr 28, 2023, 2:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.