ETV Bharat / state

ৰাজ্য়বাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - অসম-মিজোৰাম সীমান্তৰ উত্তেজনাময় পৰিস্থিতি

বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাচত সাংবাদিকৰে হোৱা বাৰ্তালাপত অসমবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে অসম-মিজোৰাম সীমান্তৰ উত্তেজনাময় পৰিস্থিতি সম্পৰ্কেও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

সৰ্বানন্দ সোণোৱাল
সৰ্বানন্দ সোণোৱাল
author img

By

Published : Oct 22, 2020, 9:46 PM IST

গুৱাহাটী, 22 অক্টোবৰ: বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাচত সাংবাদিকৰে হোৱা বাৰ্তালাপত অসমবাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মা দুৰ্গাৰ শ্ৰীচৰণত প্ৰণাম জনাই তেওঁ অসমৰ জনসাধাৰণক সকলো সময়তে শান্তি আৰু মিলা-প্ৰীতিৰে থাকিবলৈ কামনা কৰে ৷ লগতে সকলোৰে উত্তৰোত্তৰো কামনা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে অসমবাসী ৰাইজক কোভিড প্ৰট'কল মানি চলি পূজা উদযাপন কৰিবলৈয়ো আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰোপৰি কেৱল ৰাইজৰ সহযোগৰ বাবেই অসমত কৰ'ণা মহামাৰীৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ চৰকাৰ সক্ষম হৈছে বুলিও তেওঁ শলাগ লয় ৷

ৰাজ্য়বাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ অসম-মিজোৰাম সীমান্তৰ উত্তেজনাময় পৰিস্থিতিক লৈয়ো মন্তব্য কৰে ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি, ইতিমধ্যে দুয়োখন ৰাজ্যৰ চৰকাৰৰ মাজত এই সন্দৰ্ভত আলোচনা সম্পন্ন হৈছে আৰু এতিয়া স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে ৷ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন চুবুৰীয়া ৰাজ্যই মিলা-প্ৰীতিৰে সকলোৰে দীৰ্ঘদিনীয় বন্ধুত্ব অটুত ৰাখি ক্ষীপ্ৰ উন্নয়নৰ বাবে সকলোৱে সহযোগিতা কৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক: স্বাস্থ্যবিধি মানি গোলাঘাটত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.