ETV Bharat / state

বাঘৰবৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - ANGO-NEVARD

72 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে "লাইফ লাইন কেয়াৰ হোম''ত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিতৰণ কৰে ফল-মূল ৷ মৰণোত্তৰ ভাৱে পদ্মভূষণ সন্মান লাভ কৰা অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে পদ্মশ্ৰী সন্মান লাভ কৰা অসমৰ বৰণ্য ব্যক্তিসকলক শুভেচ্ছা জনোৱাৰ লগতে এই সন্মান আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

C.M visit at baghorbori
বাঘৰবৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
author img

By

Published : Jan 26, 2021, 4:26 PM IST

Updated : Jan 26, 2021, 4:46 PM IST

গুৱাহাটী, 26 জানুৱাৰী : মঙলবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় 72 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অতি উলহ-মালহেৰে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱস উপলক্ষে মহানগৰী সাতগাঁৱৰ বাঘৰবৰী স্থিত "লাইফ লাইন কেয়াৰ হোম'' আবাসত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গণৰাজ্য দিৱস উপলক্ষে "লাইফ লাইন কেয়াৰ হম''ৰ আবাসী ককা-আইতা সকলৰ মাজত ফল-মূল বিতৰণ কৰে অসমৰৱ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

"লাইফ লাইন কেয়াৰ হোম''ত সংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, "লাইফ লাইন কেয়াৰ হম'' আবাস গৃহটো পৰিচালনা কৰা NEVARD নামৰ সংস্থাটোৰ কাম-কাজৰ শলাগ লয় মুখ্যমন্ত্ৰী সোণোৱালে ৷ লগতে সকলো লোককে এনে অনুষ্ঠান সমূহ আন্তৰিকতাৰে আদৰি ল’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।

বাঘৰবৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মৰণোত্তৰ ভাৱে পদ্মভূষণ সন্মান লাভ কৰা প্ৰাক্তন অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে গুৱাহাটী লোকসভাৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী, গোপীৰাম বৰয়ন বুঢ়াভকত, লখিমী বৰুৱা, মংগল সিং হাজোৱাৰী, দুলাল মানকি, বিৰুৱালা ৰাভা, ৰোমাণ শৰ্মা, ইমৰাণ শ্বাহলৈ আগবঢ়োৱা পদ্মশ্ৰী সন্মানৰ বাবে ভাৰত চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক : দেশজুৰি পুনৰ ঘোষণা হ‘ব পাৰে লকডাউন !

Last Updated : Jan 26, 2021, 4:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.