ETV Bharat / state

উপায়ুক্ত,আৰক্ষী অধীক্ষক, স্বাস্থ্য বিষয়াৰে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেঞ্চ

author img

By

Published : May 16, 2020, 9:20 PM IST

শনিবাৰে COVID-19 ৰ সজাগতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত কৰে বৈঠক । ৰাজ্যৰ সকলো উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকসকল আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চ অনুষ্ঠিত কৰে বৈঠক । বৈঠকত COVID-19 সন্দৰ্ভত বাৰ্তালাপ কৰাৰ উপৰিও আগন্তুক বান পৰিস্থিতি সন্দৰ্ভত সাজু হ'বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্য়মন্ত্ৰী গৰাকীয়ে ।

COVID-19
উপায়ুক্ত,আৰক্ষী অধীক্ষক, স্বাস্থ্য বিষয়াৰে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেঞ্চ

গুৱাহাটী, ১৬ মে': COVID-19 ৰ বিৰুদ্ধে চলোৱা যুঁজখন যিহেতু দীঘলীয়া হ'ব, সেয়েহে ইয়াৰ প্ৰস্তুতিও দীৰ্ঘম্যাদী হ'ব লাগিব । এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । শনিবাৰে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ পৰা ৰাজ্যৰ সকলো উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকসকল আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চত ভাগ লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে । উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলে নিজা নিজা অঞ্চলত স্থানীয় সাংসদ, বিধায়ক, জিলাৰ দায়িত্ববাহী মন্ত্ৰী আদিক লগত লৈ সকলো ব্যৱস্থাপনা নিয়াৰিকৈ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । হোম কোৱাৰান্টাইনৰ ক্ষেত্ৰত স্থানীয়ভাবে পঞ্চায়ত প্ৰতিনিধি, গাওঁবুঢ়া, বাগিচাৰ চৰ্দাৰ আদিক লৈ একোখন কমিটি গঠন কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

তাৰোপৰি হোম কোৱাৰান্টাইনত থকাসকলক যাতে কোনো কাৰণতে অৱজ্ঞাসূচক ব্যৱহাৰ কৰা নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈও মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে ।

আনহাতে, যিসকল বিষয়া কৰ্মচাৰী COVID-19ৰ ব্যৱস্থাপনাৰ সৈতে জড়িত হৈ থকা নাই তেওঁলোকক বান পৰিস্থিতিৰ কামত নিয়োজিত হ'বলৈও আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে । ইপিনে ধন উলিয়াবলৈ আহি বেংকত সাধাৰণ নাগৰিকে শাৰী পতাৰ পৰিৱৰ্তে ৰাইজক সেৱা আগবঢ়াবলৈ স্বেচ্ছাসেৱক নিযুক্তি দিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

একেসময়তে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বিষয়াসকলক সাজু হ'বলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে । যুটীয়া স্বাস্থ্য ‌সঞ্চালকসকলকো নিজা নিজা অঞ্চলত অহৰ্নিশে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.