ETV Bharat / state

Peace talk with ULFA I: পুনৰ পৰেশ বৰুৱাক আলোচনাৰ মজিয়ালৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

‘‘এই অনুষ্ঠানৰ জৰিয়তে মই পুনৰ এবাৰ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা (ULFA Chief Paresh Baruah) ডাঙৰীয়ালৈ অনুৰোধ কৰিম যে, তেজৰ ফাকুৰে নহয় শান্তি আৰু আলাপ আলোচনাৰ মাজেৰে আমাৰ জাতিটোক আৰু আমাৰ এই মৰমী অসমক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিব লাগিব ৷ আমি নিশ্চয় শান্তি আলোচনাৰ মাজেৰে সমস্যবোৰ সমাধান কৰিম ৷" অসমত শান্তি আৰু সুস্থিৰ বাতাবৰণ গঢ়াৰ হকে এই মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM urges Paresh Baruah to join in peace talk) ৷

CM urges Chief Paresh Baruah to join in peace talk
সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মজিয়ালৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ
author img

By

Published : Oct 31, 2022, 7:05 PM IST

গুৱাহাটী, 31 অক্টোবৰ: "মই আশা কৰোঁ এনেকুৱা এটা শুভ দিনতে আমি হয়োতে আলফাৰ সৈতে শান্তি আলোচনা আগবঢ়াব পাৰিম ৷ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে মই পুনৰ এবাৰ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা (ULFA I Chief Paresh Baruah) ডাঙৰীয়ালৈ অনুৰোধ কৰিম যে তেজৰ ফাকুৰে নহয় শান্তি আৰু আলাপ আলোচনাৰ মাজেৰে আমাৰ জাতিটোক আৰু আমাৰ এই মৰমী অসমক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিব লাগিব ৷ আমি নিশ্চয় শান্তি আলোচনাৰ মাজেৰে সমস্যবোৰ সমাধান কৰিম ৷" অসমত শান্তি আৰু সুস্থিৰ বাতাবৰণ গঢ়াৰ হকে এই মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM urges Chief Paresh Baruah to join in peace talk) ৷

সন্ত্ৰাসবাদক পৰিহাৰ কৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰি আত্মসমৰ্পণ কৰা অসমৰ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য সমূহক স্বাৱলম্বনৰ বাবে সোমবাৰে ৰাজ্য চৰকাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে ৷ এই উপলক্ষে অনুষ্ঠিত হোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি ভাষণ প্ৰদান কৰি কয়,"মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰি আমাৰ গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰতি আস্থা প্ৰকাশ কৰা ছয়টা সংগঠনৰ সদস্যৰ প্ৰতি আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ’’ ৷

সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মজিয়ালৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

‘‘এই অনুষ্ঠানত পুনৰ সংস্থাপনৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰিবলৈ ইউ জি পি অ'ৰ ১২৭গৰাকী, টি এল এৰ ৭৪ গৰাকী, কে এন এল এৰ ৩৮ গৰাকী, কে এল এফৰ ৩৩গৰাকী, আলফাৰ ৩৫ গৰাকী, ডি এন এল এৰ ১১গৰাকীৰ সহিতে মুঠ ৩১৮ গৰাকী কেডাৰক ১.৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে৷ আজিলৈকে এন ডি এফ বিৰ ৪২০৩, পি ডি চি কেৰ ৩৬৫, কে পি এল টিৰ ৯৭৪, ইউ পি এল এৰ ৩৫১, কে এল এন এল এফৰ ২৩৬, আলফাৰ ৮৭, ইউ পি আৰ এফৰ ২৯, আৰ এন এল এফৰ ২৮, এ ডি এফৰ ৮৮, এন এল এফ বিৰ (বেংগলী) ৩০৩ আৰু অন্যান্য ১৩ গৰাকী সহিতে মুঠ ৬৭৪০ গৰাকী মূলসুঁতিলৈ উভতি আহিছে ৷ এইসকল সংগঠনৰ প্ৰাক্তন কেডাৰক অসম চৰকাৰৰ আত্মসমৰ্পণ তথা পুনৰ সংস্থাপন আঁচনিৰ অধীনত পুনৰ সংস্থাপন দিয়া হৈছে৷ এন ডি এফ বি আৰু কাৰ্বি কেডাৰৰ ৩২৭৬গৰাকীক অসম আৰক্ষীৰ বিশেষ শাখাই এছ আই পি আৰ ডিৰ সহযোগত দক্ষতা বিকাশ প্ৰশিক্ষণ প্ৰদান কৰিছে" বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma) কয়, "অসমত আজি এটা কথা প্ৰতীয়মান হৈছে যে অসমৰ জনগণ তথা প্ৰতিটো জনগোষ্ঠীৰ কোনো লোকেই হিংসা, সন্ত্ৰাস, বিভেদ আৰু অশুভ-অপ্ৰীতি নিবিচাৰে ৷ ৰক্তক্ষয়ৰ ইতিহাস চিৰদিনৰ বাবে বন্ধ কৰি উন্নয়ন আৰু প্ৰগতিৰ পথ সুচল কৰি আমাৰ এই অসম ভূমিক বিকাশত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দায়িত্ব আমাৰ সকলোৰে ৷ মই আশা কৰিম যে আজি যিখিনি চৰকাৰী আৰ্থিক সাহায্য আপোনালোকক প্ৰদান কৰা হ’ল তাৰ যাতে সদব্যৱহাৰ কৰা হয়" ৷

এই অনুষ্ঠানত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ কুমাৰ নাথ, কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ মহাপৰিদৰ্শক সোণালী বি মিশ্ৰ, সীমান্ত নিৰাপত্তা বাহিনীৰ মাননীয় মহাপৰিদৰ্শক কনোৱালজিৎ সিং বনোৱাল, ব্ৰিগেডিয়াৰ মেথিউ জেকব প্ৰমুখ্যে বহু গণ্য-মান্য লোক উপস্থিত থাকে ৷

লগতে পঢ়ক: AAMSU Protest in Delhi: চৰকাৰ বিৰোধী শ্ল’গানেৰে দিল্লীৰ যন্তৰ মন্তৰ কঁপালে আমছুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.