ETV Bharat / state

সংবাদ মেলযোগে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jul 10, 2021, 11:04 PM IST

চৰকাৰখনৰ দুমাহ সম্পূৰ্ণ হোৱা উপলক্ষ্যে বিশেষ কেবিনেট বৈঠক অনুষ্ঠিত হয় । বিশেষ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাজ্যৰ বিভিন্ন জনজাতীয় লোকৰ বাবে এটা নতুন বিভাগ । আঁচনিৰ অনুমোদনৰ ক্ষেত্রত পূৰ্বৰ ব্যৱস্থাটোৰ পৰিবৰ্তন ঘটোৱা হৈছে । চৰকাৰৰ খালী পদ পূৰণৰ বাবে বিভাগেই ল'ব পাৰিব সিদ্ধান্ত । সাতখন জিলাক বাদ দি বাকী জিলাসমূহবোৰত ৪ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হ’ব । ৩ বজালৈ সকলো খোলা থাকিব।

cabinet meeting
সংবাদ মেলযোগে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী,১০ জুন: মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰখনৰ দুমাহ সম্পূৰ্ণ হোৱা উপলক্ষ্যে শনিবাৰে বিশেষ কেবিনেট বৈঠক অনুষ্ঠিত হয় । গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বিশেষ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকৰ (Cabinet meeting) পাছতেই মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলৰ জৰিয়তে কেবিনেটৰ সিদ্ধান্তসমূহ উল্লেখ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়-'কেবিনেটত দুটা সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি ৰাজ্যৰ বিভিন্ন জনজাতীয় লোকৰ বাবে এটা নতুন বিভাগ খোলাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । ডিপাৰ্টমেণ্ট অৱ ইণ্ডিজিনিয়াজ ফেইথ এণ্ড কালচাৰ (Department of indigenous faith and culture) নামৰ এই স্বতন্ত্র বিভাগটোৱে জনজাতীয় লোকসকলৰ জনবিশ্বাস আৰু কলা-সংস্কৃতি তথা ধৰ্মীয় ৰীতি-নীতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰিব ।'

কেবিনেটৰ আন এটা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিত্তীয় আৰু প্ৰশাসনীয় দিশত কেতবোৰ সংস্কাৰ কৰা হৈছে । আঁচনিৰ অনুমোদনৰ ক্ষেত্রত পূৰ্বৰ ব্যৱস্থাৰ পৰিবৰ্তন ঘটোৱা হৈছে । ২ কোটি টকা পৰ্যন্ত আঁচনিৰ ক্ষেত্রত বিভাগীয় কমিটিয়ে নিজাকৈ অনুমোদন জনাব পাৰিব । আনহাতে প্ৰতি শুকুৰবাৰে অনুষ্ঠিত হ’ব ষ্টেণ্ডিং ফাইনেন্স কমিটীৰ (Standing Finance committee) বৈঠক ।

২ কোটিৰ পৰা ৫ কোটি টকালৈকে আঁচনিত ষ্টেণ্ডিং কমিটীয়ে অনুমোদন জনাব পাৰিব । ইয়াৰ দায়িত্ব থাকিব মুখ্য সচিব (Chief secretary) । সেইদৰে ৫ কোটি টকাৰ পৰা ১০০ কোটি টকা পৰ্যন্তৰ আঁচনিসমূহৰ ক্ষেত্রত বিত্তমন্ত্রীৰ পৌৰহিত্যত প্ৰতি বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া ষ্টেণ্ডিং ফাইনেন্স কমিটীৰ বিশেষ বৈঠকে অনুমোদন জনাব ।

১০০ কোটি ওপৰৰ প্ৰকল্পৰ বাবে কেবিনেটে অনুমোদন জনাব । ২ কোটিৰ পৰা ৫ কোটি টকাৰ আঁচনিত মুখ্য সচিবৰ নেতৃত্বৰ ষ্টেণ্ডিং কমিটীয়ে অনুমোদন দিব । ৫ কোটিৰ পৰা ১০০ কোটি পৰ্যন্ত বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত গঠিত বিশেষ বিত্তীয় সমিতিয়ে অনুমোদন দিব ।

আনহাতে আঁচনিৰ পুঁজি ব্যয়ৰ দিশটো চাব বিভাগীয় সঞ্চালকালয়ে । অহা বছৰৰ পৰা ফাইল কাৰ্যবাহী অভিযন্তাৰ পৰা পোনে পোনে বিত্ত বিভাগলৈ যাব । এই সংস্কাৰৰ দ্বাৰা ফাইল টেবুলে টেবুলে ঘূৰি থাকিব নালাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এক লাখ চাকৰি নিযুক্তিৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, 'চৰকাৰৰ খালী পদ পূৰণৰ বাবে বিভাগেই ল'ব পাৰিব সিদ্ধান্ত । খালী পদ পূৰণ কৰাৰ ক্ষেত্ৰত বিভাগীয় আয়ুক্তই সিদ্ধান্ত ল'ব পাৰিব । এই ক্ষেত্ৰত বিত্ত বিভাগৰ অনুমোদৰ প্ৰয়োজন নাই । আনহাতে ওলমি থকা অনুক'ম্পামূলক নিযুক্তি ১৫ আগষ্টৰ ভিতৰত শেষ কৰা হ’ব ।'

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে বুধবাৰৰ পৰা সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ’ন (Containment zone) ঘোষণা কৰা সাতখন জিলাক বাদ দি বাকী জিলাসমূহবোৰত ৪ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হ’ব । ৩ বজালৈ সকলো খোলা থাকিব । গুৱাহাটী মহানগৰীত দৈনিক আক্ৰান্তৰ সংখ্যা ২৫০ অতিক্ৰম কৰিলে পৰৱৰ্তী সময়ত বিবেচনা কৰিব লাগিব বুলিও উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিধায়কৰ প্ৰসংগত সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে বিধায়কসকল মন্ত্রীসকলৰ মালিক আৰু মালিকে মন্ত্রীসকলক নিয়ন্ত্ৰণ কৰিব । অভিভাৱক মন্ত্রীৰ ধাৰণাটো কংগ্ৰেছ শাসিত ৰাজ্য মহাৰাষ্ট্ৰৰ পৰাই লোৱা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয় । আনহাতে বহু জিলাত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ অন্তৰালত চুলাই মদৰ ঘাটিসমূহ অন্যতম এটা কাৰণ হিচাপে বিবেচিত হোৱা বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰে ।

আলফা আৰু চৰকাৰৰ মাজৰ শান্তি আলোচনাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে আলফাৰ(ULFA) স্বাধীনতাৰ বিষয়টোক লৈ চৰকাৰ কেতিয়াও আলোচনাত বহিব নোৱাৰে । বিধানসভাৰ অধিবেশনত অখিল গগৈ সৰৱ হোৱাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে নিৰ্দলীয় বিধায়কৰ বাবে সদনত তিনি মিনিট সময় থাকে । উল্লেখ্য যে এই সংবাদমেলত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ কুমাৰ দাস, অতুল বৰা আৰু ইউ জি ব্ৰক্ষ্ম উপস্থিত থাকে ।

লগতে পঢ়ক:এইবাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল NDFBৰ প্ৰাক্তন সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.