ETV Bharat / state

আৰক্ষীৰ Encounter সন্দৰ্ভত কৌশলী মন্তব্য মুখ্যমন্ত্ৰীৰ - Encounter

সোমবাৰে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ থানা সমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ায়াসকলৰ সৈতে বৈঠকত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বিগত দুটা মাহত আৰক্ষীয়ে প্ৰদৰ্শন কৰা সক্ৰিয়তাৰ বাবে উৎসাহ প্ৰদানৰ লগতে আগন্তুক দিনৰ গুৰুত্বপূৰ্ণ কাৰ্যপন্থা সম্পৰ্কে বৈঠকত আৰক্ষী বিষয়া সকলক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

cm-meets-police-officer-in-charge-from-across-state
দুষ্টক দমন আৰু শান্তক পালন কৰক অসম আৰক্ষীয়ে : মুখ্যমন্ত্ৰী
author img

By

Published : Jul 5, 2021, 6:54 PM IST

গুৱাহাটী, ৫ জুলাই : ৰাজ্যত নতুন চৰকাৰ গঠন কৰাৰ পাচতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma) নেতৃত্বাধীন গৃহ বিভাগ(home department)ত ব্যাপক পৰিৱৰ্তন ঘটা পৰিলক্ষিত হৈছে । মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ ২ মাহ নৌহওঁতেই ড° শৰ্মাই বিভিন্ন শ্ৰেণীৰ প্ৰশাসনিক বিষয়া, শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে আন আন দল-সংগঠনৰ সৈতে পৰ্যায়ক্ৰমে বৈঠকত মিলিত হৈছে । কিছুদিন পূৰ্বে ৰাজ্যৰ থানা সমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ায়াসকলক ৰদ-বদল কৰাৰ লগতে আনকি প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াক গৃহ সচিবৰ দায়িত্ব দিয়া হৈছে ৷

সোমবাৰে, মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক(DGP Assam) লগত লৈ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকল(police officer in charge) ৰ সৈতে পোনপ্ৰথমবাৰলৈ বৈঠকত মিলিত হয় । মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকৰ শেষত সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শেহতীয়াকৈ ৰাজ্যখনত চলি থকা ড্ৰাগছ বিৰোধী অভিযান, ধৰ্ষণ-হত্যাৰ ঘটনা বৃদ্ধি আদি বিষয়ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে তেওঁ পৰ্যালোচনা কৰিছে ।

দুষ্টক দমন আৰু শান্তক পালন কৰক অসম আৰক্ষীয়ে : মুখ্যমন্ত্ৰী

নাৰী নিৰ্যাতনৰ দৰে ঘটনা তথা সৰু সৰু কিন্তু অতি গুৰুত্বপূৰ্ণ আন কিছু কাম-কাজৰ বাবে যাতে থানালৈ গৈ সাধাৰণ মানুহ হাৰাশাস্তিত ভুগিব লগা নহয় সেই সকলোবোৰ কথা বৈঠকত আলোচনা কৰে ।
আনহাতে, অসম আৰক্ষীৰ একাংশ অসৎ চৰিত্ৰৰ আৰক্ষী বিষয়াৰ পৰা কনিষ্টবল বিভিন্ন গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছে । কিন্তু, বক্ৰপথৰ আশ্ৰয় লৈ পুনৰ কাৰ্যনিৰ্বাহ কৰি থকা বিষয় সন্দৰ্ভতো কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই জানিবলৈ দিছে । সোমবাৰে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক, দুষ্টক দমন, শান্তক পালন নীতি অৱলম্বন কৰিবৰ বাবে উৎসাহ প্ৰদান কৰে ৷

অসম আৰক্ষীক এনকাউণ্টাৰ(encounter) কৰাৰ বাবে চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে , এনকাউণ্টাৰ সাংবিধানিক নিয়মত নপৰে । কিন্তু, এই কথা ঠিক যে কোনো অপৰাধীয়ে আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি যদি আৰক্ষীৰ ওপৰতে গুলিচালনা কৰিবলৈ উদ্যত হয় অথবা বিভিন্ন নিৰাপত্তাজনিত পৰিবেশৰ সৃষ্টি হয় তেন্তে আত্মৰক্ষাৰ বাবে যি কৰিব লাগিব, সেইয়া আৰক্ষীয়ে কৰিব । অৱশ্যে, এনকাউণ্টাৰৰ দৰে নীতিবৰ্হিভূত কাম কৰাৰ কোনো নিৰ্দেশনা দিয়া নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি অভিজিৎ মুখাৰ্জীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.