ETV Bharat / state

ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

author img

By

Published : May 16, 2021, 4:23 PM IST

ৰাজ্যৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গভীৰ নিশাও সংকটজনক ক'ভিড ৰোগীসকলক উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱাটো সুনিশ্চিত কৰাৰ স্বাৰ্থত নিয়মীয়াকৈ জিলা চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷

cm meeting with dc/sp regfarding covid-19
ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

গুৱাহাটী, ১৬ মে' : ৰাজ্যৰ শেহতীয়া ভয়াৱহ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিনে-নিশাই তৎপৰ হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । শনিবাৰে নিশা ২.৩০ বজাত জি এম চি এইচত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে দিনৰ ভাগত জনতা ভৱনত এক পৰ্যালোচনা বৈঠকত মিলিত হয় ।

ৰাজ্যৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গভীৰ নিশাও সংকটজনক ক'ভিড ৰোগীসকলক উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱাটো সুনিশ্চিত কৰাৰ স্বাৰ্থত নিয়মীয়াকৈ জিলা চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

প্ৰতিখন জিলাতে একোগৰাকী অতিৰিক্ত উপায়ুক্তক টীকাকৰণ কেন্দ্ৰসমূহৰ দায়িত্ব ন্যস্ত কৰিবলৈয়ো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । তদুপৰি মুখ্যমন্ত্ৰীয়ে ক'ভিডৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত কণ্টেইনমেণ্ট জ'নসমূহত জাৰি কৰা বাধা-নিষেধসমূহ কটকটীয়া কৰি তুলিবলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে ।

এই সংকটৰ সময়ত জনসাধাৰণলৈ মানৱীয় দৃষ্টিভংগীৰে সৰ্বোৎকৃষ্ট সেৱা আগবঢ়োৱাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক : ধন দাবী কৰি মুম্বাই আৰক্ষীৰ ৰোষত চাৰি 'ক্লিন-আপ মাৰ্শ্বেল'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.