ETV Bharat / state

Mukhyamantri Swaniyojan Abhiyan: মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ পঞ্জীয়ন প’ৰ্টেল মুকলি

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 9:23 PM IST

জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে আত্মনিৰ্ভৰশীল অসম অভিযানৰ পঞ্জীয়ন প'ৰ্টেল । প্ৰফেচনেল ডিগ্ৰীধাৰীসকলে দুটা কিস্তিত লাভ কৰিব ৫ লাখকৈ টকা । এছ টি, এছ চি আৰু অ'বিচিৰ দশম শ্ৰেণীলৈকে আৰু সাধাৰণ শ্ৰেণীৰ বাবে মেট্ৰিক পাছ কৰা সকলে লাভ কৰিব ২ লাখকৈ টকা । ৫০ শতাংশ ৰাজসাহায্য আৰু ৫০ শতাংশ সুদবিহীনভাৱে পাঁচ বছৰ পাছত মাহেকীয়া কিস্তিত চৰকাৰক ঘূৰাই দিব লাগিব ।

Mukhyamantri Swaniyojan Abhiyan
Mukhyamantri Swaniyojan Abhiyan
মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ পঞ্জীয়ন প’ৰ্টেল মুকলি

গুৱাহাটী,২৩ ছেপ্টেম্বৰ: বিশেষভাৱে চৰ্চিত মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল । ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীলৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান'ৰ আজি মুকলি কৰা হয় পঞ্জীয়ন প'ৰ্টেল ।

জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত এই প'ৰ্টেলটো মুকলি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । প'ৰ্টেলটো মুকলি কৰি মুখ্যমন্ত্রীয়ে কয় যে এই আঁচনিখন দুটা ভাগত বিভক্ত কৰা হৈছে ।

  • Live: Attending Mukhyamantri Swaniyojan Abhiyan Registration Portal Launching at Janata Bhawan, Dispur https://t.co/V8eCiCq3U8

    — Himanta Biswa Sarma (@himantabiswa) September 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰফেচনেল ডিগ্ৰীধাৰী সকলক ৫ লাখ টকাকৈ দিয়া হ'ব আৰু এই টকা দুটা কিস্তিত দিয়া হ'ব । প্ৰথমতে আঢ়ৈ লাখ টকা দিয়া হ'ব আৰু তাৰ সঠিক ব্যৱহাৰৰ পাছত এবছৰৰ ভিতৰত বাকী আঢ়ৈ লাখ টকা দিয়া হ'ব । ইয়াৰে আঢ়ৈ লাখ টকা ৰাজসাহায্য? হ'ব আৰু বাকী আঢ়ৈ লাখ টকা পাঁচ বছৰৰ পাছত চৰকাৰক ঘূৰাই দিব লাগিব ।

সুদবিহীনভাৱে মাহেকীয়া কিস্তি হিচাপত ঘূৰাই দিব লাগিব । ৫ লাখ টকাৰ এই বিত্তীয় সাহায্য ৫ হাজাৰ যুৱক-যুৱতীয়ে লাভ কৰিব । আনহাতে দ্বিতীয় কেটেগৰীৰ ক্ষেত্রত এছ টি, এছ চি আৰু অ'বিচিৰ বাবে দশম শ্ৰেণীলৈকে আৰু সাধাৰণ শ্ৰেণীৰ বাবে মেট্ৰিক পাছ ধাৰ্য কৰা হৈছে ।

এইসকলক ২ লাখ টকাৰ অনুদান দিয়া হ'ব । আত্মসংস্থাপনমূলক পাঠ্যক্ৰম কৰা যুৱক-যুৱতীসকলক বিশেষ অগ্ৰাধিকাৰ দিয়া হ'ব । ২ লাখ টকাৰ এক লাখ টকা ৰাজসাহায্য আৰু বাকী এক লাখ পাঁচ বছৰ পাছত ঘূৰাই দিব লাগিব ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে ২০২৬ চনলৈ কম-বেছি পৰিমাণে চৰকাৰী চাকৰি ওলাই থাকিব । যাৰ বাবে এই আঁচনিখনত ২৮ বছৰৰ তলৰ সকলক লোৱা হোৱা নাই । সাধাৰণ শ্ৰেণীৰ বাবে বয়সৰ সীমা ২৮ৰ পৰা ৪০ বছৰলৈ আৰু এছ চি, এছ টি আৰু অ'বিচিৰ বাবে ২৮ৰ পৰা ৪৩ বছৰ বয়সলৈ ।

আজি মুকলি কৰা প'ৰ্টেলৰ যোগেদি উপযুক্তসকলে নিৰ্দ্দিষ্ট কৰি দিয়া ব্যৱসায়িক দিশত পঞ্জীয়ন কৰিব পাৰিব । মুখ্যমন্ত্রীয়ে লগতে কয় যে প্ৰথম বছৰ এক লাখ যুৱক-যুৱতীক এই আৰ্থিক অনুদান দিয়া হ'ব আৰু পৰৱৰ্তী বছৰত আৰু এক লাখক দিয়া হ'ব ।

২০২৬ৰ ভিতৰত দুই লাখক সামৰি লোৱা হ'ব । নিয়োগ বিনিময় কেন্দ্ৰৰ তথ্য মতে ২৮ৰ পৰা ৪২ বছৰ বয়সলৈ ৬ লাখ নিবনুৱা যুৱক-যুৱতী আছে বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে ।

উল্লেখ্য যে আঁচনিখনৰ অধীনত পেছাদাৰী পাঠ্যক্রম সম্পূৰ্ণ কৰাৰ পিছত স্ব-নিয়োজন, কৃষি আৰু উদ্যানশস্য, মীন পালন, হাঁহ-কুকুৰা তথা দুগ্ধ পাম, পেকেজিং, ৰেডিমেড পোছাক গছপুলি ৰোপণ, কাঠ আধাৰিত উদ্যোগ, ষ্টেশ্যনেৰী, ফেব্ৰিকেচন তথা হাৰ্ডৱেৰ সামগ্ৰী আদিৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কার্যকলাপক সামৰি লোৱা হৈছে ।

আজিৰ অনুষ্ঠানত মন্ত্রী অতুল বৰা, মন্ত্রী বিমল বড়া, মন্ত্রী অজন্তা নেওগ, মন্ত্রী অশোক সিংহলকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

লগতে পঢ়ক: Microfinance loan waive: মাইক্ৰ’ফাইনেন্সৰ ২.২ লাখ ঋণীৰ বিপৰীতে চৰকাৰে ঋণদাতাক পৰিশোধ কৰিলে ২৯১ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.