ETV Bharat / state

গুৱাহাটী মহানগৰীৰ সমস্যা সমাধানৰ বাবে পৌৰ নিগমৰে মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক

author img

By

Published : Sep 27, 2022, 7:36 PM IST

গুৱাহাটী পৌৰ নিগমক (Review meeting of GMC) অধিক সক্ৰিয় আৰু স্বাৱলম্বী অনুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব । গুৱাহাটীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, পানী যোগান, পথত পোহৰৰ ব্যৱস্থা, কৃত্ৰিম বান আদি বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা ।

j
h

গুৱাহাটী, 27 ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰী বিভিন্ন সমস্যা তথা অভাৱ-অভিযোগ সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক (Himanta Biswa Sarma in rewiew meeting of GMC) পৰ্যালোচনা বৈঠকত মিলিত হয় । জনতা ভৱনত আয়োজন কৰা এই বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি উপ-মেয়ৰ আৰু পাৰিষদ সকলে অংশ গ্ৰহণ কৰে । মুখ্যমন্ত্রী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গুৱাহাটী পৌৰ নিগমক অধিক সক্ৰিয় আৰু স্বাৱলম্বী অনুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ।

উক্ত বৈঠকত পাৰিষদসকলে তেওঁলোকৰ ৱাৰ্ডৰ বিভিন্ন সমস্যা তথা প্ৰত্যাহ্বান সমূহ ব্য়াখ্য়া কৰে । আনহাতে, বৈঠকখনত গুৱাহাটীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, পানী যোগান, পথত পোহৰৰ ব্যৱস্থা, কৃত্ৰিম বান আদি বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বানৰ দিশত আলোচনা কৰি এই প্ৰত্যাহ্বানসমূহৰ প্ৰতিকাৰ আৰু সমাধানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়ায় ।

Review meeting of GMC
গুৱাহাটী পৌৰ নিগমৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্রী

আগন্তুক দিনত সকলোৰে সহযোগিতাৰে গুৱাহাটী পৌৰ নিগম এক আদৰ্শ অনুষ্ঠান হিচাপে উজলি উঠিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে । বৈঠকখনত জি এম চিৰ মেয়ৰৰ উপৰি মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, আয়ুক্ত সচিব কবিতা পদ্মনাভন, জি এম চিৰ আয়ুক্ত মেঘনিধি দাহাল উপস্থিত থাকে ।

ইপিনে,গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে গুৱাহাটী মহানগৰীৰ গৃহ আৰু সম্পত্তি কৰ সংগ্ৰহৰ(Home and Property Tax Collection of GMC) দায়িত্ব ব্যক্তিগত খণ্ডৰ কোম্পানীক দিয়াৰ বাবে গুৱাহাটী পৌৰ নিগমে নিবিদা আহ্বান কৰা বুলি কেইদিমান পূৰ্বে ঘোষণা কৰা পিচতেই প্ৰতিবাদমুখৰ হৈ পৰিছে বিধায়ক তথা দল-সংগঠনৰ লগতে মহানগৰবাসী ।

ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে কিদৰে ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰিব নিবিদাত সকলো উল্লেখ থকা বুলি মন্ত্ৰী সিংঘালে মন্তব্য কৰাৰ পিছতেই সকলোৱে জাঙুৰ খাই উঠিছে । ইয়াৰ মাজতেই গুৱাহাটী মহানগৰী বিভিন্ন সমস্যা তথা অভাৱ-অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক:চাহ জনজাতিৰ সকলো লোকে নাপাব জনজাতিৰ মৰ্যাদা: সঞ্জয় কিষাণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.