গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকে - Death By Drowning

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 6:58 AM IST

thumbnail
গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকে (ETV Bharat Assam)

টীয়ক, 30 জুলাই : টীয়কৰ কাৱৈমাৰী চিনাতলিৰ জাঁজী নদীত সলিল সমাধি এজন লোকৰ ৷ জানিব পৰা মতে, সোমবাৰে দিনৰ 11 মান বজাত জাঁজী নদীত গা ধুবলৈ গৈছিল স্থানীয় এজন 80 উৰ্ধৰ ব্যক্তিজনে। ব্যক্তিগৰাকীৰ নাম মহেশ কলিতা বুলি জানিব পৰা গৈছে ।

স্থানীয় লোকে জনোৱা অনুসৰি. আনদিনাৰ দৰে সোমবাৰেও মহেশ কলিতাই গা ধুবলৈ নদীৰ পাৰলৈ যায় ৷ তেতিয়া নদীৰ পাৰত থকা জিঅ' বেগত পিচলি ভৰ বাৰিষাৰ নদীত পৰি বাঢ়নি পানীত উটি যায় । এই দৃশ্য প্ৰত্যক্ষ কৰি আত্মীয়ই তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় আৰু ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে ।

ইয়াৰ পাচতে ঘটনাস্থলীত টীয়ক আৰক্ষী, SDRF আৰু দণ্ডাধিক উপস্থিত হৈ অনুসন্ধান চলায় ৷ পৰৱৰ্তী সময়ত মহেশ কলিতাৰ মৃতদেহ জাঁজী নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । জানিব পৰা মতে, মৃত মহেশ কলিতা আছিল এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ।

লগতে পঢ়ক: কলগাছিয়াত পানীত পৰি ডুব গ'ল এটি শিশু : দুটিক উদ্ধাৰ - Child Death By Drowning

মোমায়েকৰ ঘৰলৈ আহি সলিল সমাধি ১৩ বছৰীয়া বনজিতৰ - Tragic incident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.