ETV Bharat / international

৯৩ গৰাকী বিধায়ক-সাংসদ ইমৰান খানৰ দলৰে সদস্য : নিৰ্বাচন আয়োগৰ ঘোষণা - Pakistan politics

author img

By ANI

Published : Jul 30, 2024, 7:20 AM IST

Pakistan politics : পাকিস্তান ৰাজনীতিৰ বাবে ডাঙৰ খবৰ । বিধানসভাত সৰ্ববৃহৎ দল হোৱাৰ দিশে ইমৰান খানৰ দল তেহৰিক-ই-ইনচাফ । উচ্চতম ন্যয়ালয়ৰ ৰায় পিচতে নিৰ্বাচন আয়োগে ৯৩ গৰাকী নেতাক দলৰ বৈধ সদস্য বুলি ঘোষণা কৰিছে ।

Pakistan politics
৯৩ গৰাকী বিধায়ক-সাংসদ ইমৰান খানৰ দলৰে সদস্য (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ জুলাই : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ দল তেহৰিক-ই-ইনচাফৰ বাবে বৃহৎ সকাহ । পাকিস্তানৰ নিৰ্বাচন আয়োগে (ইচিপি) পঞ্জাব, খাইবাৰ, পাখতুনখোৱা আৰু সিন্ধু বিধানসভাৰ ৯৩ গৰাকী বিধায়কক পিটিআই দলৰ বৈধ সদস্য হিচাপে ঘোষণা কৰিছে ।

উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশ অনুসৰি নিৰ্বাচন আয়োগে এই সন্দৰ্ভত জাননী জাৰি কৰে । ই ইমৰান খান লগতে তেওঁৰ দল পিটিআইৰ বাবে এক ডাঙৰ পুনৰুত্থান হিচাপে বিবেচিত হৈছে । কিছু দিন পূৰ্বে নিৰ্বাচনী প্ৰহৰীয়েও নেচনেল এচেম্বলীৰ ৩৯ গৰাকী সাংসদক পিটিআইৰ সৈতে জড়িত প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল ।

জানিব পৰা মতে, প্ৰাদেশিক বিধানসভাৰ ৯৩ গৰাকী আৰু নেচনেল এচেম্বলীৰ ৩৯ গৰাকী সদস্যই সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা নথিপত্ৰত দলটোৰ সৈতে তেওঁলোকৰ সম্পৰ্ক দেখুৱাইছিল । ইয়াৰ পূৰ্বে সোমবাৰে ইচিপিয়ে ৱেবছাইটত জাননীখন আপলোড কৰে । যাৰ মতে, পঞ্জাব বিধানসভাৰ ২৯ গৰাকী পিটিআই বিধায়ক, খাইবাৰ পাখতুনখোৱা বিধানসভাৰ ৫৮ গৰাকী আৰু সিন্ধু বিধানসভাৰ ৬ গৰাকী সদস্যক পিটিআইৰ সদস্য হিচাপে ঘোষণা কৰা হৈছে ।

২৫ জুলাইত নিৰ্বাচন আয়োগে ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক বিধানসভাসমূহত পিটিআই নেতাসকলৰ বিষয়টো সন্দৰ্ভত আইনী আৰু সাংবিধানিক দিশবোৰৰ ওপৰত শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশনা বিচাৰিছিল ।

উচ্চতম ন্যায়ালয়ৰ ৰায় :

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইচিপিয়ে বিশেষ আবেদনত যুক্তি দিছে যে সংৰক্ষিত আসনসমূহত শীৰ্ষ ন্যায়ালয়ৰ ৰায় কাৰ্যকৰী কৰাত অসুবিধাৰ সন্মুখীন হৈছে ৷ কিয়নো এই মুহূৰ্তত পিটিআইৰ এমএনএ আৰু এমপিএসকলৰ বিবৃতি নিশ্চিত কৰাৰ বাবে কোনো সাংগঠনিক গাঁথনি নাই । কিন্তু ইমৰান খান আৰু তেওঁৰ দলৰ বাবে এক বৃহৎ বিজয়ত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ১২ জুলাইত এক যুগান্তকাৰী ৰায়দানত প্ৰাক্তন শাসকীয় দলটোক ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক বিধানসভাত মহিলা আৰু সংখ্যালঘুসকলৰ সংৰক্ষিত আসনৰ বাবে যোগ্য বুলি ঘোষণা কৰে ।

পিটিআইৰ এই সদস্যসকলে ৮ ফেব্ৰুৱাৰীৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু পিচত সংৰক্ষিত আসন লাভ কৰাৰ বাবে দলৰ নিৰ্দেশনাত চুন্নী ইত্তেহাদ পৰিষদত (এছআইচি) যোগদান কৰিছিল, কিয়নো নিৰ্দলীয়সকলক সংৰক্ষিত আসন পাবলৈ আইনৰ অধীনত অনুমতি দিয়া নহয় ।

৮ ফেব্ৰুৱাৰীৰ নিৰ্বাচনৰ পূৰ্বে শীৰ্ষ আদালতে দলটোক ইয়াৰ প্ৰতিষ্ঠিত 'বেট' প্ৰতীকৰ পৰা বঞ্চিত কৰাৰ পাকিস্তানৰ নিৰ্বাচন আয়োগৰ (ইচিপি) সিদ্ধান্তক বজাই ৰাখিছিল, যাৰ ফলত পিটিআইক ৰাজনৈতিক দলৰ মৰ্যাদা অবিহনে নিৰ্বাচন খেলিবলৈ দিয়া হৈছিল । এই বছৰৰ আৰম্ভণিতে নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰাৰ পিচত পিটিআইক ইচিপিয়ে সংৰক্ষিত আসন প্ৰত্যাখ্যান কৰে আৰু এই সিদ্ধান্তটো পেছাৱাৰ উচ্চ ন্যায়ালয়েও (পিএইচচি) বজাই ৰাখিছিল । য'ত দলটোৱে নিৰ্ধাৰিত সময়ত সংৰক্ষিত আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা দাখিল কৰিব নোৱাৰিলে বুলি উল্লেখ কৰিছিল ।

ইচিপিৰ ৰায় খাৰিজ কৰি শীৰ্ষ ন্যায়ালয়ে ১২ জুলাইত ৰায় দিছিল যে "পিটিআই এটা ৰাজনৈতিক দল আছিল আৰু আছে" যি ৮ ফেব্ৰুৱাৰীৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক বিধানসভাত সাধাৰণ আসন লাভ কৰিছিল আৰু সেয়েহে দলটো সংৰক্ষিত আসনৰ অধিকাৰী ।

চিন্তিত বিৰোধী :

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিচত সংৰক্ষিত আসন লাভ কৰি পিটিআই বিধানসভাৰ সৰ্ববৃহৎ দল হোৱাৰ সম্ভাৱনাৰ মাজতে শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ পাকিস্তান মুছলিম লীগ-নাৱাজ (পিএমএল-এন) আৰু পাকিস্তান পিপলছ পাৰ্টী (পিপিপি)য়ে সংৰক্ষিত আসনৰ ৰায়ৰ বিৰুদ্ধে শীৰ্ষ আদালতত পুনৰীক্ষণ আবেদন দাখিল কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :বন্ধ কাৰাগাৰৰ কুঠৰীৰ পৰাই উপাচাৰ্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে ! - Chancellor of Oxford University

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.