নিউজ ডেস্ক, 13 নৱেম্বৰ: হিমাচল প্ৰদেশৰ পিছত এইবাৰ আহি আছে গুজৰাট বিধানসভাৰ নিৰ্বাচন (Gujrat Assembly Election) ৷ আগন্তুক 1 আৰু 8 ডিচেম্বৰত দুটা পৰ্যায়ত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ গুজৰাট বুলি ক'লেই শাসকীয় বিজেপি দলৰ বাবে আত্মসন্মান আৰু অহংকাৰৰ বিষয় ৷ কিয়নো, আজিৰ দিনটোত গেৰুৱা দলটোৰ দুই মুল কাণ্ডাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য এই গুজৰাট ৷
গুজৰাটৰ দায়িত্ব এৰি মোদীয়ে আহি দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতো ৰাজ্যখনত এতিয়াও চলি আছে বিজেপিৰ শাসন, বিজেপিৰে চৰকাৰ ৷ গতিকে বিজেপি গুজৰাটক লৈ বিশেষভাবে সজাগ আৰু সচেতন ৷ সেয়েহে ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে খুব পৰিকল্পিতভাবে সাজু হৈছে গেৰুৱা দলটো(Gujarat Legislative Assembly Election 2022) ৷ ইতিমধ্যে গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিজেপিয়ে দলটোৰ 40 গৰাকী শীৰ্ষ নেতাক লৈ প্ৰস্তুত কৰিছে ষ্টাৰ কেম্পেইনাৰ বা তাৰকা প্ৰচাৰকৰ এক তালিকা (BJP star campaigner for Gujrat election) ৷
যিখন তালিকাত অন্তৰ্ভুক্ত হৈ আছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নামো (Assam CM Himanta Biswa Sarma) ৷ ন'কলেও চলে যে ড৹ শৰ্মাক ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই বিশেষভাৱে সমগ্ৰ উত্তৰ-পূৱত দলীয় ভেটি শক্তিশালী কৰাৰ যি দায়িত্ব ন্যস্ত কৰিছিল, সেই দায়িত্ব তেওঁ সুকলমে পালন কৰিছে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বয়ো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁক বিভিন্ন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ দায়িত্বও অৰ্পণ কৰিছে ৷
শেহতীয়াকৈ গুজৰাটৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ বিজেপিয়ে প্ৰকাশ কৰা 40 জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকাখনত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, যোগী আদিত্যনাথ, হেমা মালিনী, স্মৃতি ইৰাণী, শিৱৰাজ সিং চৌহান আদিৰ দৰে দিগ্গজ নেতাৰ নাম ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ কাৰ্যালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে খুব সোনকালেই প্ৰস্তুত হৈ উঠিব ড৹ শৰ্মাৰ গুজৰাটৰ প্ৰচাৰ অভিযানৰ ভ্ৰমণসূচী ৷
লগতে পঢ়ক: HP Election 2022 : 65.92% ভোটদানেৰে সম্পন্ন হ’ল হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন