ETV Bharat / state

Loktantra Senani: অসমৰ লোকতন্ত্ৰৰ সেনানীলৈ মাহিলী 15 হাজাৰ টকালৈ পেঞ্চন - Himanta Biswa Sarma

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ কোনেও প্ৰতিবাদ কৰা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Loktantra Senani
Loktantra Senani
author img

By

Published : Jun 25, 2023, 8:09 PM IST

অসমৰ লোকতন্ত্ৰৰ সেনানীক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২৫ জুন: দেশৰ স্বাধীনতা লাভৰ ৭৫ সংখ্যক বৰ্ষ উদযাপন কৰা উপলক্ষে দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰা হৈছে ৷ দেশৰ এই গৌৰৱময় ক্ষণৰ সৈতে সংগতি ৰাখি অসম চৰকাৰে ১৯৭৫ চনৰ ২৫ জুনৰ মাজ নিশাৰ পৰা প্ৰায় এবছৰ 9মাহ দেশজুৰি বলবৎ হোৱা জৰুৰীকালীন অৱস্থাত গণতন্ত্ৰ উদ্ধাৰৰ হকে দেশমাতৃৰ সেৱাত নিজক সমৰ্পণ কৰা অসমৰ লোকতন্ত্ৰৰ সেনানীসকলৰ সন্মানাৰ্থে কলাক্ষেত্ৰত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

কলাক্ষেত্ৰত আয়োজন কৰা এই অনুষ্ঠানত লোকতন্ত্ৰৰ সেনানীসকলক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জ্ঞাপন কৰে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, দেশমাতৃৰ সেৱাত নিজকে সঁপি দিয়া অসমৰ লোকতন্ত্ৰৰ সেনানীসকলৰ লগতে যিসকল লোক এতিয়া জীৱিত নহয় তেখেতসকলৰ পত্নী বা অবিবাহিতা জীয়াৰীক এতিয়াৰে পৰা প্ৰতিমাহে ১৫ হাজাকৈ মাহিলী পেঞ্চন প্ৰদান কৰা হ’ব ৷ মুঠ ৯১ গৰাকী লোকক এই আঁচনিত সামৰি লোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

  • I am truly blessed to be among our Loktantra Senanis from Assam.

    Had such brave men and women not fought the draconian Emergency, our next generation would have never seen the light of a democratic society. pic.twitter.com/6Y147PTBL5

    — Himanta Biswa Sarma (@himantabiswa) June 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পিছতে সাংবাদিকেৰে হোৱা কথা বতৰাত সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কোনেও প্ৰতিবাদ কৰা নাই ৷ প্ৰতিবাদ কৰা দেখা নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তেওঁ লগতে কয়, ‘‘এজনে প্ৰতিবাদ কৰিছে ৷ তেওঁ অহা নিৰ্বাচনত জয়ী হ’ব যে নোৱাৰে সেয়া খাটাং ৷ সংবাদ মাধ্যমে কাক আহোমৰ নেতা পাতিছে সেইটোহে ডাঙৰ কথা ৷ বিৰোধী এক হ’লেও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত কোনো খিলঞ্জীয়া, ভাৰতীয়মূলৰ লোক নিৰ্বাচনত পৰাজয় নহয় ৷’’

  • স্বাধীনতাৰ গৌৰৱোজ্বল অমৃত মহোৎসৱৰ সময়ছোৱাত লোকতন্ত্র ৰক্ষাৰ হকে অহোপুৰুষাৰ্থ কৰা সেনানীসকলক সন্মানিত কৰিবলৈ পাই আমি যথেষ্ট গৌৰৱবোধ কৰিছোঁ। লোকতন্ত্রৰ এইসকল বৰেণ্য সেনানী তথা তেখেতসকলৰ নিকটাত্মীয়লৈ ১৫,০০০ টকাকৈ মাহিলী পেঞ্চন প্ৰদান কৰাৰ ক্ষেত্ৰত আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ।… pic.twitter.com/c51Z5GYYtV

অসমৰ শেহতীয়া বান পৰিস্থিত সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰা হৈছে আৰু তেওঁ সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস দিয়া বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক: Amit Shah speaks to CM Sarma: অসমৰ ভয়াৱহ বান পৰিস্থিতিকলৈ উদ্বিগ্ন ভাৰত চৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.