ETV Bharat / state

CM visits Late Deben Dutta's Residence: বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী দেৱেন দত্তৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 4:02 PM IST

সদ্যপ্ৰয়াত বিশিষ্ট শিক্ষাবিদ, সমাজকর্মী সদ্যপ্ৰয়াত দেৱেন দত্তৰ বাসগৃহ উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । দত্তৰ আত্মাৰ চিৰ শান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে ।

Deben Dutta passes away
দেৱেন দত্তৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 24 আগষ্ট : সদ্যপ্ৰয়াত বিশিষ্ট শিক্ষাবিদ, সমাজকর্মী তথা কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰয়াত দেৱেন দত্তৰ বাসগৃহ উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । বৃহস্পতিবাৰে প্ৰাক্তন অধ্যাপক তথা সমাজকৰ্মী দেৱেন দত্তৰ সুন্দৰপুৰস্থিত বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয় - "অসমীয়া ভাষা-সাহিত্যক শুদ্ধ ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যিসকল বৰেণ্য ভাষাবিদ তথা সাহিত্যপ্ৰেমীয়ে অৱদান আগবঢ়াই গৈছে সেইসকলৰ ভিতৰত বিশিষ্ট শিক্ষাবিদ শ্ৰদ্ধাৰ দেৱেন দত্তদেৱ অন্যতম আছিল । তেখেতৰ অদমনীয় কৰ্মস্পৃহাই আৰু তেখেতৰ আপোচবিহীন ব্যক্তিত্বই অসমৰ নৱ প্ৰজন্মক সদায় প্ৰেৰণা যোগাই যাব ।"

অসমীয়া ভাষাৰ উৎকৰ্ষ সাধন আৰু উপস্থাপনক লৈ সদায় কাম কৰি অহা বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তই যোৱা ১৭ আগষ্টৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল । ১৯৪৪ চনৰ ৫ এপ্ৰিলত শিৱসাগৰৰ নাজিৰাত জন্ম গ্ৰহণ কৰিছিল শিক্ষাবিদ দেৱেন দত্তই । ১৯৬৫ চনত তেওঁ ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । তাৰ পাচতেই কটন কলেজত ইংৰাজীৰ প্ৰৱক্তা হিচাপে যোগদান কৰিছিল আৰু ২০০১ চনত উপাধ্যক্ষ পদলৈ পদোন্নতি পাইছিল ।

২০০২ চনত কটন কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল দত্তই । ইংৰাজী বিভাগৰ প্ৰৱক্তা আছিল যদিও অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ঠ গুৰুত্ব দিছিল দত্তই । ইয়াৰোপৰি অসমৰ প্ৰতিটো জলন্ত ৰাজহুৱা বিষয়ত সদায়েই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনসাধাৰণৰ মাজত সচেতনতা জাগ্ৰত কৰি আহিছিল সদ্যপ্ৰয়াত অধ্যাপক দেৱেন দত্তই ।

লগতে পঢ়ক : Deben Dutta passes away: বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী দেৱেন দত্তৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.