ETV Bharat / state

CM Sarma reacts on New-Old BJP Concept: বিজেপিয়ে বিচাৰে ভাৰতত কংগ্ৰেছ থাকিব নালাগে ; হিমন্ত বিশ্ব শৰ্মা - বিজেপিয়ে বিচাৰে ভাৰতত কংগ্ৰেছ থাকিব নালাগে

ন-পুৰণিৰ প্ৰসংগ প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নতুন আৰু পুৰণিৰ প্ৰসংগটো সংবাদ মাধ্যমে সময়ে সময়ে দুই-এজন ব্যক্তিৰ মনৰ দুখৰ কথাৰে ব্যক্ত কৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ । কংগ্ৰেছ মুক্ত হ'বলৈ হ'লে নতুন মানুহ আনিয়ে থাকিব লাগিব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ।

CM Sarma reacts on New-Old BJP Concept
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 10:40 PM IST

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী,২২ আগষ্ট: ন-পুৰণিৰ প্ৰসংগ মূল্যহীন । এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । উল্লেখ্য যে, ৰাজ্যিক বিজেপিত ন-পুৰণিৰ প্ৰসংগক লৈ চলি থকা বিতৰ্ক আৰু বিসম্বাদ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে । এই সন্দৰ্ভত দিল্লীত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, বিজেপিত নতুন আৰু পুৰণিৰ প্ৰসংগৰ কোনো মূল্য নাই । কাৰণ অসমত বিজেপিয়ে দুজন মুখ্যমন্ত্রী দিছে আৰু দুয়োজনেই নতুন বিজেপিক দিছে । এই নতুন আৰু পুৰণিৰ প্ৰসংগটো সংবাদ মাধ্যমে সময়ে সময়ে দুই-এজন ব্যক্তিৰ মনৰ দুখৰ কথাৰে ব্যক্ত কৰে ।

বিজেপিত নতুন-পুৰণিৰ কথা থকা হ'লে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হ'ব পাৰিলেহেঁতেন নেকি বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে । তদুপৰি তেওঁ বীৰেণ সিং, পেমা খান্দুকে ধৰি কেইবাজনো নেতাৰ প্ৰসংগ উল্লেখ কৰে । নতুন-পুৰণিৰ এই বিষয়টোক দুৰ্ভাগ্যজনক আখ্যা দি তেওঁ কয়, সংবাদ মাধ্যমে এই কথাটো কৈ ভাল পায় । আনহাতে দলৰ দুই-এজনে আৱেগিক হৈ থাকিলে কথাটো কৈ দিয়ে বুলি তেওঁ কয় ।

নতুন আৰু পুৰণিৰ কথাটো বিজেপিত নাথাকে বুলি সদৰী কৰি তেওঁ কয়, বিজেপিয়ে বিচাৰে যে দেশ কংগ্ৰেছ মুক্ত হৈ যাওক আৰু কংগ্ৰেছ মুক্ত হ'বলৈ হ'লে নতুন মানুহ আনিয়ে থাকিব লাগিব । নতুন মানুহ আহিলেহে সনাতন তথা সভ্যতা শক্তিশালী হ'ব । নতুন-পুৰণিৰ বিষয়টো কংগ্ৰেছৰ শ্ল'গান আৰু অমৃত সুধা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা কংগ্ৰেছে কংগ্ৰেছ মুক্ত হোৱাৰ পথ ৰুদ্ধ কৰিব বিচাৰিছে । তেওঁ লগতে কয়, 'নেডা'ৰ সভাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছিল- বিজেপিত অহা নতুনসকল চাহত চেনী মিহলি হোৱাৰ দৰে মিহল হৈ গৈছে ।

লগতে পঢ়ক: Assam BJP internal conflict: সিদ্ধাৰ্থ ভট্টাচাৰ্য-ৰাজেন গোহাঁইৰ বিৰুদ্ধে হুংকাৰ শতাধিক বিজেপি নেতা-কৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.