ETV Bharat / state

মহানগৰীত সংযোজন হ’ল অত্যাধুনিক কেমেৰা সংলগ্ন ট্ৰেফিক চিগনেল লাইট

author img

By

Published : Aug 23, 2022, 10:53 PM IST

গুৱাহাটী মহানগৰীত সংযোজন কৰা হ’ল অত্যাধুনিক চি চি টিভি কেমেৰা সংলগ্ন ট্ৰেফিক চিগনেল লাইট ৷ মুঠ 94 টা স্থানত এই নতুন চিগনেল ব্যৱস্থা স্থাপন কৰা হৈছে ৷ ফলত এতিয়াৰ পৰা কোনো লোকে যান-বাহনৰ নীতি-নিৰ্দেশনা ভংগ কৰিব নোৱাৰিব । চিগনেল লাইটৰ লগত সংলগ্ন হৈ থকা কেমেৰাত বন্দী হ’ব সকলো দৃশ্য (Integrated traffic management system in Guwahati)।

Integrated traffic management system in Guwahati
মহানগৰীত সংযোজন হ’ল অত্যাধুনিক কেমেৰা সংলগ্ন ট্ৰেফিক চিগনেল লাইট

গুৱাহাটী, 23 আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে উলুবাৰীত ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম (Integrated traffic management system in Guwahati) আৰু হেঙেৰাবাৰীত নতুনকৈ নিৰ্মাণ কৰা অমৃত উদ্যানৰ উদ্ধোধন কৰে । গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ তত্বাৱধানত ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম আৰু অমৃত উদ্যান নিৰ্মাণ কৰা হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে উলুবাৰীত চি চি টিভি কেমেৰা সংলগ্ন ট্ৰেফিক চিগনেল লাইট মুকলি কৰাৰ পাছত হেঙেৰাবাৰীলৈ গৈ অমৃত উদ্যানৰ উদ্ধোধন কৰে (Amrit Udyan at Hengrabari) । হেঙেৰাবাৰীৰ অমৃত উদ্যানত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, স্বাধীনতাৰ পাছত গুৱাহাটীত কেৱল নেহেৰু পাৰ্কখনহে আছিল । কিন্তু যোৱা এটা এবছৰত গুৱাহাটীত তিনিখন উদ্যান নিৰ্মাণ কৰা হ’ল । তেওঁ কয় যে, চৰকাৰী বিভাগৰ মাটি ক্ৰয় কৰি উদ্যান নিৰ্মাণ কৰা এইখনেই প্ৰথম । এই মাটিখিনি খাদী বোৰ্ডৰ আছিল ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘আজিৰে পৰা ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমৰ জৰিয়তে গুৱাহাটীত থকা 94 টা ট্ৰেফিক ছিগনেলৰ ভিতৰত 20 টা ট্ৰেফিক ছিগনেল স্বয়ংক্ৰিয় কৰা হয় । উলুবাৰীৰ যান-বাহন আৰক্ষীৰ দ্বাৰা কেদ্ৰীয়ভাৱে পৰিচালনা কৰা হ’ব । অহা ছমাহৰ ভিতৰত বাকী ট্ৰেফিক ছিগনেল স্বয়ংক্ৰিয় কৰা হ’ব’’।

তেওঁ কয়, ‘‘২০০৩ চনত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰা সময়ত কাছাৰী ঘাটৰ ওচৰে-পাজৰে থকা নদীমুখ ক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধন মোৰ এটি সপোন আছিল । পৰৱৰ্তী সময়ত আমি লাহে লাহে সেই উদ্দেশ্য হাতত লৈ বিভিন্ন কাম-কাজ কৰি আহি অন্তিম পদক্ষেপ হিচাবে আজি আনুষ্ঠানিকভাৱে পুৰণি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয় ভৱনটো ভাঙি পেলোৱা প্ৰক্ৰিয়া আৰম্ভ কৰোঁ । এই অঞ্চলটোৰ লগতে ইয়াৰ আশে-পাশে থকা ব্ৰহ্মপুত্ৰৰ কাষৰীয়া স্থানসমূহৰ কাম-কাজসমূহ সম্পূৰ্ণ হ’লে জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰা হ’ব’’ ৷

উপায়ুক্ত কাৰ্যালয়টো অস্থায়ীভাৱে হেঙেৰাবাৰীলৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অভিনন্দন জ্ঞাপন জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সোনকালে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়টো ৰূপনগৰৰ স্থায়ী ঠিকনালৈ স্থানান্তৰিত হ’ব বুলি জানিবলৈ দি তেওঁ কয় যে, হেঙেৰাবাৰীৰ পৰা বিজেপিৰ কাৰ্যালয়টো স্থানান্তৰিত হ’ব (Guwahati BJP office to shift) । অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘাল, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ বিতৰ্কিত আঁচনি সমৰ্থন কৰাৰ ৰহস্য কি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.