গুৱাহাটী, 14 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে মহানগৰীৰ হাউছফেডস্থিত পেঞ্চন সঞ্চালকালয় পৰিদর্শন কৰি পেঞ্চনৰ বিষয়সমূহৰ বিলম্বতা আৰু মীমাংসাৰ দিশসমূহ পর্যালোচনা কৰে ৷ পৰিদর্শনৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ দিনাখনেই সঞ্চালকালয়ৰ অধীনস্থ পেঞ্চনাৰসকলে যাতে পেঞ্চন লাভ কৰে তাক নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
তাৰ বাবে 'কৃতজ্ঞতা' শীর্ষক পৰ্টেল আৰু এমট্ৰনৰ পেঞ্চন পৰ্টেল যুক্ত কৰি 2022 চনৰ জানুৱাৰীৰ ভিতৰত কোষাগাৰ বিষয়াসকলৰ কার্যালয়ৰ সৈতে ইয়াৰ সংযোগ স্থাপনৰ পদক্ষেপ লোৱাৰ বাবে এমট্ৰনক নিৰ্দেশ দিয়ে ৷ এই পদক্ষেপে পেঞ্চন প্ৰদান পদ্ধতিটোক কাগজবিহীন আৰু ক্ষীপ্ৰ কৰি তুলিব ৷ অৱসৰ গ্ৰহণ কৰাৰ দিনাখনেই এগৰাকী কর্মচাৰীক যাতে পেঞ্চন প্ৰদান কৰিব পৰা যায় তাৰ বাবে এক পদ্ধতি উপলব্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি জনালে মুখ্যমন্ত্ৰীয়ে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে এমট্ৰনক প্ৰত্যেক কার্যালয়ৰ ডি ডি অ' সকললৈ একোটিকৈ স্কেনাৰ যোগান ধৰাৰ বাবে নিৰ্দেশ দিয়ে ৷ যাৰ জৰিয়তে এগৰাকী অপাৰেটৰে পেঞ্চনাৰ গৰাকীৰ সকলো নথি আপলোড কৰিব ৷ পেঞ্চন সঞ্চালকালয়ে এই নথিসমূহ ডাউনলোড কৰিব আৰু ডিজিটেল স্বাক্ষৰৰ পিছত সেয়া নিষ্পত্তি কৰিব ৷
লগতে পঢ়কঃ গোৱালপাৰা জিলা ন্যায়িক আদালতত হাজিৰ বিধায়ক অখিল গগৈ
এই পদ্ধতিয়ে কায়িক নথিৰ প্ৰয়োজনীয়তা নোহোৱা কৰিব আৰু পেঞ্চন প্ৰদানৰ দিশটো ক্ষীপ্ৰ কৰি তুলিব ৷ পৰিদর্শন কালত মুখ্যমন্ত্ৰী গৰাকীয়ে বর্তমান পেঞ্চন সঞ্চালকালয়ে প্ৰতিমাহে ১ হাজাৰ টকাকৈ পেঞ্চন মীমাংসাৰ দিশটোক বৃদ্ধি কৰি মাহেকত 1500 টকা পেঞ্চনৰ বিষয় নিষ্পত্তি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ পেঞ্চনাৰসকলে তেওঁলোকৰ অৱসৰ গ্ৰহণৰ 6 মাহৰ আগতে তেওঁলোকৰ নথিসমূহ দাখিল কৰণৰ প্ৰয়োজনীয়তাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰে ৷
যাতে তেওঁলোকৰ পেঞ্চন পেমেন্টৰ অর্ডাৰ তেওঁলোকৰ অৱসৰ গ্ৰহণৰ দিনাখনেই উপলব্ধ কৰিব পৰা যায় ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে 'কৃতজ্ঞতা' পোৰ্টেলৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলৰ 272 গৰাকী অবিবাহিতা জীয়ৰীলৈ পৰিয়াল পেঞ্চন আৰু 2115 সংখ্যক অনুকম্পামূলক পৰিয়াল পেঞ্চন প্ৰদানৰ বিষয়টোও পর্যালোচনা কৰে ৷
লগতে পঢ়কঃ মৰিয়নিত অসম চৰকাৰৰ দুই মন্ত্ৰীয়ে স্থাপন কৰিলে 8 টাকৈ পথৰ আধাৰশিলা