ETV Bharat / state

Assam CM Air Expenses : এটা বছৰত মন্ত্ৰীমণ্ডলীসহ মুখ্যমন্ত্ৰীৰ আকাশী যাত্ৰাত ব্যয় ৩৪ কোটিৰো অধিক ! বিধানসভাত চৰকাৰৰ তথ্য - Assam assembly session

শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পাৰিষদবৰ্গই হেলিকপ্টাৰেৰে ৰাজ্যৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি আছে । আনহাতে, ৰাজ্যৰ বাহিৰৰ বিভিন্ন স্থানলৈ ভ্ৰমণৰ বাবেও হেলিকপ্টাৰ বা চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰি আহিছে । কিন্তু এই আকাশী যাত্ৰাৰ বাবে চৰকাৰৰ ৰাজকোষৰ পৰা কিমান ধন ওলাই যায় ? মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ বা চাৰ্টাৰ্ড বিমানৰ বাবদ চৰকাৰে কিমান টকা খৰচ কৰিবলগা হৈছে ? তথ্য জানিলে আপুনিও আচৰিত হ'ব ।

Assam CM Air Expenses
Assam CM Air Expenses
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 6:27 PM IST

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ, গুৱাহাটীৰ পৰা দেশৰ আন চহৰলৈ হেলিকপ্টাৰ নাইবা চাৰ্টাৰ্ড বিমানৰে অহা-যোৱা কৰাটো এক স্বাভাৱিক স্বাভাৱিক কাৰ্যত পৰিণত হৈছে । কিন্তু তাৰ বাবে ৰাজকোষৰ কিমান টকা খৰচ হয় জানেনে ? সেয়া জানিলে আপোনাৰো আচৰিত লাগিব ৷ চলিত অসম বিধানসভাৰ অধিবেশনৰ মজিয়াত এই তথ্য সদৰী কৰিছে ৰাজ্য চৰকাৰে ৷

দুই কোটি বা তিনি কোটি নহয় । এটা বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আকাশী যাত্ৰাত খৰচ হৈছে ৩৪ কোটিতকৈয়ো অধিক টকা । ২০২২-২৩ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানত চৰকাৰৰ ব্যয় ৩৪.১৩ কোটি টকাতকৈয়ো অধিক ৷ বিধানসভাত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে দাখিল কৰা তথ্য এয়া ৷

কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাই বিধানসভাত ৰাজ্যখনত ২০২২-২৩ বিত্তীয় বৰ্ষত কিমান টকা হেলিকপ্টাৰ নাইবা চাৰ্টাৰ্ড বিমান ভাড়া কৰাৰ নামত খৰচ কৰা হ’ল সেয়া জানিবলৈ এক প্ৰশ্ন উত্থাপন কৰে । তাৰে উত্তৰত সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সদনত জনায় যে ২০২২-২৩ বিত্তীয় বৰ্ষটোত ৰাজ্যখনত হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমান ভাড়াৰ নামত চৰকাৰৰ তৰফৰ পৰা মুঠ ৩৪,১৩,৪২,৩০৩.০০ টকা খৰচ কৰা হৈছে ৷

লগতে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ উদ্ধৃতিৰে প্ৰশ্নৰ উত্তৰত জনোৱা হয় যে বিত্তীয় বৰ্ষটোত বিভিন্ন চৰকাৰী কাৰ্যসূচীত ব্যৱহাৰৰ বাবে চাৰ্টাৰ্ড বিমানসমূহ আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল । অৱশ্যে কৌশলেৰে দিয়া এই উত্তৰত এই আকাশী যাত্ৰাৰ খৰচ কেৱল মুখ্যমন্ত্ৰীৰ নে আন মন্ত্ৰী-বিধায়কৰো সেয়া স্পষ্টকৈ কোৱা হোৱা নাই । কিন্তু মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ উদ্ধৃতি দিয়া বাবে এই খৰচৰ প্ৰধান অংশ মুখ্যমন্ত্ৰীৰ আকাশী যাত্ৰাৰ ব্যয় বুলিয়েই ধাৰণা কৰা হৈছে । বিধানসভাত দাখিল কৰা তথ্য অনুসৰি— ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ আকাশী যাত্ৰা আৰু হেলিকপ্টাৰৰ বিল আছিল মুঠ ১৩.১ কোটি টকা ৷ একেদৰে ২০৯-২০ বৰ্ষত এই ব্যয় ১৬.০৯ কোটি টকা, ২০২০-২০২১ বৰ্ষত ২৫.০৫ কোটি টকা আৰু ২০২১-২২ বিত্তীয় বৰ্ষত ১৯.৭১ কোটি টকা ৰাজকোষৰ পৰা খৰচ কৰা হয় মুখ্যমন্ত্ৰীৰ আকাশী যাত্ৰাৰ হেলিকপ্টাৰ বা চাৰ্টাৰ্ড বিমান ভাড়াৰ বাবদ ৷

সকলোতকৈ বেছি খৰচ কৰা হয় ২০২২-২৩ বিত্তীয় বৰ্ষত, মুঠ ৩৪.১৩ কোটি টকা ৷ চৰকাৰৰ তথ্য অনুসৰিয়েই ২০১৮ চনৰ পৰা ২০২২ বৰ্ষলৈ বিগত ৫ টা বিত্তীয় বৰ্ষত কেৱল মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ-চাৰ্টাৰ্ড বিমানৰ ভাড়াৰ নামতে ১০৮.০৮ কোটি টকাতকৈয়ো অধিক ৰাজ্য চৰকাৰে ব্যয় কৰে ৰাজকোষৰ পৰা ৷

লগতে পঢ়ক :Assam Assembly Autumn session: নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষকৰ পদ পূৰণৰ পদক্ষেপৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.