গুৱাহাটী, ২৯ জুন: "২০০১ আৰু ২০১১ ত অসমত মুছলমান জনসংখ্যা ২৯ শতাংশ আৰু হিন্দুৰ জনসংখ্যা মাত্ৰ ১০ শতাংশহে বৃদ্ধি হৈছে । ইয়াৰ অৰ্থ এইটোৱে যে মুছলমানসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আৰু দৰিদ্ৰতা যথেষ্ট পৰিমাণে আছে ।' এই মন্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ।
মঙলবাৰে প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অন্তত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত পুনৰ এবাৰ জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰসংগ উত্থাপন কৰে । মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা নিয়ন্ত্ৰণক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ইয়াক লৈ কোনো মুছলমানে বিতৰ্কৰ সৃষ্টি কৰাটো পৰিলক্ষিত হোৱা নাই । এয়া মুছলমান সমাজৰ ভালৰ বাবেই কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে বিগত এমাহত আমছুৰ দুটা গোটে তেওঁৰ লগত দুবাৰকৈ আলোচনাত মিলিত হৈছে । মুছলমান জনসংখ্যা নিয়ন্ত্ৰণৰ এই সিদ্ধান্তক তেওঁলোকে মুকলিকৈ আদৰণি জনাইছে বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আমছুৰ (AAMSU) প্ৰতিনিধিসকলেও অসমত মুছলমান জনসংখ্যা নিয়ন্ত্ৰণ হোৱাটো বিচাৰে বুলি মুখ্যমন্ত্ৰীৰ সন্মুখত উল্লেখ কৰিছে ।
মুখ্যমন্ত্রীয়ে লগতে কয়-' জুলাই মাহত মুছলমান সম্প্ৰদায়ৰ ১৫০ গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰিম । এই সাক্ষাৎত জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰসংগত আলোচনা কৰিম । মই নিশ্চিত যে তেওঁলোকে ৰাজ্য চৰকাৰৰ এই নীতিক সমৰ্থন আগবঢ়াব । এইটোৱে একমাত্ৰ মাধ্যম যাৰ জৰিয়তে অসমৰ মুছলমান সংখ্যালঘু লোকৰ মাজৰ পৰা দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ হাৰ নিৰ্মূল কৰিব পৰা যাব।'
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত তেওঁলোকৰ হিত আৰু কল্যাণৰ বাবে কৰা হৈছে বুলিও উল্লেখ কৰে । জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই চাৰি জুলাইত ৰাজ্যৰ ১৫০ গৰাকী বিশিষ্ট মুছলমান ব্যক্তিৰ সৈতে আলোচনাত মিলিত হ’ব । তাৰ পিছত কেইবাটাও অৰাজনৈতিক মুছলমান সংগঠনৰ সৈতেও বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী ।
উল্লেখ্য যে হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত বিজেপি দলৰ মঙলবাৰে প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহ (State executive) অনুষ্ঠিত হয় । এই সভাতেই মন্ত্ৰী ৰঞ্জিত দাসৰ পৰা সভাপতিৰ দায়িত্ব লয় ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই । এই সভাত বিজেপিৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী নেতাই ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :হাফলঙত 7 শিশুৰ দেহত কৰ'ণাৰ অৱস্থিতি