ETV Bharat / state

এনকাউণ্টাৰৰ প্ৰসংগত সদনত কি ক'লে মুখ্যমন্ত্রীয়ে - Assam Assembly

আৰক্ষীক (POLICE) লক্ষ্য কৰি ল'লে উত্তৰ পাবই । আইনৰ ভিতৰত থাকি আৰক্ষীয়ে চৰম পন্থা লওক। বিষ পান কৰিবলৈ মই সাজু আছো । কোনো সমালোচনাই আমাক টলাব নোৱাৰে । বিধানসভাৰ মজিয়াত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) ৷

cm_on_encounter
এনকাউণ্টাৰৰ প্ৰসংগত সদনত কি ক'লে মুখ্যমন্ত্রীয়ে
author img

By

Published : Jul 14, 2021, 3:41 PM IST

গুৱাহাটী ,১৪ জুলাই : বিধানসভাৰ বাজেট অধিবেশনৰ (Budget Session) আজি তৃতীয় দিনটোত সদনৰ মজিয়াত ৰাজ্যজুৰি অব্যাহত থকা এনকাউণ্টাৰৰ প্ৰসংগ উত্থাপন হয় । এনকাউণ্টাৰ (encounter) সন্দৰ্ভত প্ৰশ্ন কৰে কংগ্ৰেছৰ শ্বেৰমান আলীয়ে (Sherman Ali)) । আৰক্ষীয়ে জধে মধে দোষীক গুলিয়াইছে বুলি সদনত তীব্ৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে শ্বেৰমান আলীয়ে । ধাৰাবাহিক এনকাউণ্টাৰক লৈ চৰকাৰক বাকৰূদ্ধ কৰিব বিচাৰিছিল বিৰোধীয়ে । কিন্তু সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (HIMNTA BISWA SARMA) একপ্ৰকাৰ ৰুদ্ৰৰূপ ধাৰণ কৰি মুখ বন্ধ কৰে বিৰোধীৰ ।

কংগ্ৰেছ বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয়- 'এই চৰকাৰ শূণ্য সহনশীল, আৰক্ষীক গুলীয়াব বিচাৰিলে উত্তৰ পাবই, মই এই আসনত থকালৈ সহ্য নকৰো । আৰক্ষীক কোনোবাই আক্ৰমণ কৰিলে কি আৰক্ষীয়ে বহি থাকিব । মই যেতিয়ালৈ এই আসনত থাকিম, তেতিয়ালৈ অসম আৰক্ষীক আক্ৰমণ কৰিলে কোনো ৰক্ষা নাপায়। মই মোৰ বিভাগ দুৰ্বল কৰিব নোৱাৰো ৷ আইনৰ ভিতৰত থাকি আৰক্ষীয়ে চৰম পন্থা লওক । বিষ পান কৰিবলৈ মই সাজু আছো । কোনো সমালোচনাই আমাক টলাব নোৱাৰে । মই নীলকণ্ঠৰ দৰে সেই সমালোচনাৰ বিষ পাণ কৰিম।

মুখ্যমন্ত্ৰীয়ে লগতে আৰু কয়, কোনোবাই অসম আৰক্ষীক ট্ৰিগাৰ হেপ্পী বুলি কৈ অসম আৰক্ষীক হেয় কৰিবলৈ চেষ্টা কৰিব পাৰে । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সফল হৈছে অসম আৰক্ষী( ASSAM POLICE) । আপোনালোকে অসম আৰক্ষীক কাম কৰাত উৎসাহ যোগাওক।

আনহাতে, সদনত ৰকিবুল হুছেইনে (RAKIBUL HUSSAIN) কয়, আধাতে যাতে ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ অন্ত নপৰে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত । ড্ৰাগছ সেৱন কৰাসকল আমাৰেই ল'ৰা-ছোৱালী । তেওঁলোকৰ ৰিহেবৰ ব্যৱস্থা কৰিব লাগে ৷ কিন্তু এটা কথা ঠিক যে এনকাউণ্টাৰ বেছি হৈছে । এয়া আত্মৰক্ষা নে প্ৰচাৰ সেয়া বিচাৰ কৰিব লাগে ।

ৰকিবুল হুছেইনৰ কথাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, 'অপৰাধীৰ কৰ্মশালা পাতি ভাল বেয়া জানিব পৰা হ'লে তেনে নহ'লহেঁতেন ৷ পলাবলৈ চেষ্টা কৰাৰ বাবেহে আৰক্ষীয়ে গুলিয়াইছে । আনহাতে ড্ৰাগছ সৰবৰাহত একাংশ উগ্ৰপন্থী জড়িত আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, আলফা স্বাধীনে (ULFA)ড্ৰাগছৰ বেহা কৰা বুলি আমি কোৱা নাই। কোনোবাই ভূল ব্যাখ্যা যাতে নকৰে । বৰং আলফা স্বাধীনে ড্ৰাগছ সৰবৰাহকাৰীৰ( DRUGES PEDDLER) তথ্য চিনাকি আৰক্ষীক ফোন কৰি জনাই সহায়হে কৰিছে । এয়া ভাল খবৰ । অসমীয়া মানুহ ইমান তললৈ নাযায় । অন্য একাংশ উগ্ৰপন্থীয়েহে ড্ৰাগছৰ বেহা কৰে।

লগতে পঢ়কঃ মুকবধিৰ যুৱতীৰ সৈতে অংসযত অৱস্থাত উদ্ধাৰ অৱসৰপ্ৰাপ্ত শিক্ষকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.